June 25, 2024 8:38 PM
54
তামুলপুৰত শিশু অধিকাৰ সম্পৰ্কীয় শিবিৰৰ আজি সামৰণি
ৰাষ্ট্ৰীয় শিশু অধিকাৰ সুৰক্ষা আয়োগ আৰু অসম ৰাজ্যিক শিশু অধিকাৰ সুৰক্ষা আয়োগৰ উদ্যোগত তামুলপুৰত আয়োজিত শিশু অধিকাৰ সম্পৰ্কীয় শিবিৰৰ আজি সামৰণি পৰে। আয়োগৰ সদস্য সকলে নাৱালকক ন্যায়, শিশুৰ শিক্ষা, যৌন নির্যাতন ৰোধ কৰা, শিশু শ্রম বন্ধ কৰা, বাল্য বিবাহ বন্ধ কৰা তথা শিশুৰ সৈতে জড়তি অন্য বিষয় সমূহ আলোচনা কৰে। তদুপৰি এই শিবিৰত আধাৰ কাৰ্ড, আয়ুস্মান ভাৰত কাৰ্ড, বেংক একাউণ্ট আদি নথকা শিশু সকলক এই সুবিধাসমূহ প্ৰদানৰ ব্যৱস্থা কৰা হয়। আজি শিবিৰত ৮১০ গৰাকী নাম পঞ্জীভূক্ত শিশুৰ ভিতৰত ৩৫০ গৰাকীৰ ওজৰ-আপ...