August 2, 2024 6:54 PM

views 55

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত ডিজিটেল শস্য সমীক্ষা, খাৰিফ ২০২৪ সন্দৰ্ভত প্রশিক্ষণ কাৰ্যসূচীৰ আয়োজন

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত ডিজিটেল শস্য সমীক্ষা, খাৰিফ ২০২৪ সন্দৰ্ভত প্রশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শর্মাই মৰিগাঁও জিলা পুথিভড়াল প্রেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত প্ৰশিক্ষণৰ আজি শুভাৰম্ভণি কৰে। জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাৰ সঞ্চালনাত আয়োজিত প্রশিক্ষণ অনুষ্ঠানত জিলা আয়ুক্তগৰাকীয়ে ডিজিটেল শস্য সমীক্ষাৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ জৰিয়তে কৃষক কেনেদৰে উপকৃত হ'ব সেই বিষয়ত সকলো কথা নিয়াৰিকৈ আলোচনা কৰিবলৈ আহ্বান জ...

August 2, 2024 3:05 PM

views 56

নাইজেৰিয়াত ভয়াৱহ বিস্ফোৰণৰ ঘটনাত কমেও ১৬জন লোকৰ মৃত্যুৰ লগতে ২০ জন লোক আহত

♦ নাইজেৰিয়াত সংঘটিত এটা ভয়াৱহ বিস্ফোৰণৰ ঘটনাত কমেও ১৬জন লোকে প্ৰাণ হেৰুওৱাৰ লগতে আন ২০ জন লোক আহত হৈছে। দেশখনৰ উত্তৰ-পূবৰ বৰ্ণ প্ৰদেশৰ এখন স্থানীয় নৈশ বজাৰত পৰহি নিশাৰ ভাগত এই বিস্ফোৰণটো সংঘটিত হয় বুলি নাইজেৰিয়াৰ চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। দেশখনৰ আৰক্ষী বিভাগে জানিবলৈ দিয়া মতে কারুৰি নামৰ অঞ্চলটোৰ বজাৰখনত বোকো হাৰাম নামৰ সন্ত্ৰাসবাদী সংগঠনটোৱে সংস্থাপন কৰা এটা আই ই ডি নিক্রিয় কৰিবলৈ লোৱা সময়তে এই বিস্ফোৰণটো সংঘটিত হয়। আৰক্ষী আৰু নিৰাপত্তাৰক্ষী বাহিনীয়ে ততাতৈয়াকৈ অঞ্চলটো ঘেৰি লৈ অধিক ...

August 2, 2024 12:16 PM

views 62

কাইলৈ নিশা ৮.২ মিনিটত আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ পি আই বি গুৱাহাটীৰ সহযোগত শ্ৰোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পি আই বি গুৱাহাটীৰ সহযোগত কাইলৈ নিশা ৮.০২ মিনিটত শ্ৰোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন কৰিছে। অনুষ্ঠানত ক্রীড়া সাংবাদিক সুসীম ঘোষ আৰু ত্ৰিদীপ বপৰৰ্নচ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। সেইদিনা পেৰিছ অলিম্পিক সন্দৰ্ভত হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাৰ বাবে প্ৰশ্ন সোধা হ'ব। কুইজ প্রতিযোগিতাৰ বাবে দৃষ্টিপাত অনুষ্ঠানৰ যোগেদি শ্ৰোতাসকলে উত্তৰ দিব পাৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।

August 1, 2024 8:08 PM

views 50

কেন্দ্ৰীয় পথ পৰিবহন মন্ত্রী নীতিন গাডকাৰীক মন্ত্ৰী কেশৱ মহন্তৰ সাক্ষাৎ

ৰাজ্যৰ পৰিবহন মন্ত্ৰী কেশৱ মহন্তই আজি কেন্দ্ৰীয় পথ পৰিবহন মন্ত্রী নীতিন গাডকাৰীক সাক্ষাৎ কৰে। এই সাক্ষাৎকালত দুয়োগবাকীয়ে ৰাজ্যখনৰ পথ উন্নয়ন আৰু মেৰামতিব বিভিন্ন দিশ সম্পৰ্কত আলোচনা কৰে। ইফালে, শ্রীমহন্তই কেন্দ্রীয় বন্দৰ, জাহাজ পৰিবহন আৰু জনপথ মন্ত্রী সর্বানন্দ সোণোৱালকো সাক্ষাৎ কৰি ৰাজ্যৰ জলপথ উন্নয়নৰ বিষয়ে আলোচনা কৰে। এই সাক্ষাৎ কালত মন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ পৰিবহন সচিব আদিল খান আৰু পৰিবহন আয়ুক্ত মেঘ নিধি দাহালো উপস্থিত আছিল।

August 1, 2024 6:37 PM

views 52

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ পি আই বি গুৱাহাটীৰ সহযোগত শ্রোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পি আই বি গুৱাহাটীৰ সহযোগত শনিবাৰে নিশা ৮ বাজি ২ মিনিটত শ্রোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন কৰিছে। সেইদিনা পেৰিছ অলিম্পিক সন্দৰ্ভত হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাৰ বাবে প্ৰশ্ন সোধা হ'ব। কুইজ প্রতিযোগিতাৰ বাবে দৃষ্টিপাত অনুষ্ঠানৰ যোগেদি শ্রোতাসকলে উত্তৰ দিব পাৰিব।

August 1, 2024 12:44 PM

views 50

লখিমপুৰ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ বিভিন্ন শাখা তথা আনুষংগিক বিভাগৰ আকস্মিক পৰিদৰ্শন

লখিমপুৰ জিলা আয়ুক্তৰ নিৰ্দেশ অনুসৰি কালি লখিমপুৰ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াই জিলা আয়ুক্ত কাৰ্যালয়ৰ বিভিন্ন শাখা তথা আনুষংগিক বিভাগৰ আকস্মিক পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীৰ উপস্থিতিকে ধৰি উপস্থিতিৰ পঞ্জীয়ন বহী, কর্মসূচী আদি পৰীক্ষা কৰাৰ লগতে কাম- কাজসমূহৰ বুজ লোৱা হয়। কৰ্মচাৰীসকলৰ কৰ্ম সংস্কৃতি তথা জনতালৈ সকলো সুবিধা সুচলভাৱে উপলব্ধ কৰোৱাৰ স্বাৰ্থত চৰকাৰী কাৰ্যালয়ত এনে আকস্মিক পৰিদৰ্শন আগলৈকো অব্যাহত ৰখা হ'ব বুলি লখিমপুৰ জিলা প্ৰশাসনে জানিবলৈ দিছে।

August 1, 2024 12:41 PM

views 51

বৰপেটা বিধানসভা সমষ্টি ভিত্তিত আয়োজন কৰা ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ কালি সামৰণি

বৰপেটা বিধানসভা সমষ্টি ভিত্তিত আয়োজন কৰা ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ কালি সামৰণি পৰে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা নাট্য সংগঠন পিনাকৰ সহযোগত আয়োজিত এই কৰ্মশালাৰ কালি বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত সামৰণি অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত আয়ুক্ত উপস্থিত থাকে । কৰ্মশালাত অংশগ্ৰহণ কৰা ৩২ টি শিশু তথা কিশোৰ-কিশোৰীক মানপত্ৰ আগবঢ়োৱাৰ লগতে কালি প্রশিক্ষার্থীসকলে ৪ খন চুটি নাটো পৰিৱেশন কৰে।

August 1, 2024 12:40 PM

views 43

আকাশবাণী গুৱাহাটীৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অৰ্থাৎ অডিছনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি ঘটোৱা হৈছে। নাট শাখাৰ পৰা জনোৱা মতে অনিবাৰ্য কাৰণবশতঃ কালিৰে পৰা হ'বলগীয়া পূৰ্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা ৩ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈ এই অ’ডিছন সম্পন্ন হ'ব। নতুনকৈ আবেদন কৰা শিশু শিল্পী আৰু বি-গ্ৰেডৰ উপৰি বি-হাই গ্ৰেডৰ বাবেও একেলগে অ'ডিছন সম্পন্ন হ'ব। প্রার্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ প্ৰৱেশ পত্র ডাক যোগে পঠিওৱা হ'ব আৰু প্ৰত্যেকৰে ম'বাইলত অ'ডিছন...

July 20, 2024 7:49 PM

views 58

গোলাঘাট জিলাৰ হালধীবাৰীত দুষ্প্ৰাপ্য পিপলি চেং মাছৰ সৈতে এটা সৰবৰাহকাৰীক আটক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গোলাঘাট জিলাৰ হালধীবাৰী অঞ্চলত বন বিভাগে চলোৱা অভিযানত আজি দুষ্প্ৰাপ্য পিপলি চেং মাছৰ সৈতে এটা সৰবৰাহকাৰীক আটক কৰা হৈছে। ইফালে, বানপানীৰ পৰিপ্ৰেক্ষিতত বন্য প্রাণী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্রশাসনে ট্রাক চলাচলৰ ক্ষেত্ৰত কেতবোৰ নতুন নির্দেশনা জাৰি কৰিছে। এই অনুযায়ী আজিৰে পৰা পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ কাজিৰঙাৰ মাজেৰে ট্ৰাকৰ চলাচল স্বাভাৱিকভাৱে হ'ব বুলি নিৰ্দেশনা প্রদান কৰা হৈছে। আনহাতে, সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৬ বজালৈ ট্ৰাকৰ চলাচল সম্পূর্ণ বন্ধ থাক...

July 20, 2024 7:47 PM

views 45

চাইবাৰ অপৰাধৰ লগত জড়িত ৫ টা দুধৰ্ষ অপৰাধীক গ্ৰেপ্তাৰ নগাওঁ আৰক্ষীৰ

নগাওঁ আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি চাইবাৰ অপৰাধৰ লগত জড়িত ৫ টা দুধৰ্ষ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। নগাওঁ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলোৱা অভিযানত ধৃত অপৰাধীকেইটাৰ ঘৰ মহাৰাষ্ট্ৰ, বৰপেটা আৰু নগাওঁৰে কছুৱাত বুলি জানিব পৰা গৈছে। অপৰাধী চক্ৰটোৱে জিলাখনৰ বিভিন্ন বেংক একাউণ্ট হেক কৰি ধন আত্মসাত্ৰ ঘটনা সংঘটিত কৰি আহিছিল অপৰাধী কেইটাৰ পৰা ৫ টা মোবাইল ফোন, কেইবাখনো এ টি এম কার্ড আৰু চীম কার্ড জব্দ কৰা হৈছে। নগাঁও আৰক্ষীয়ে এই সন্দৰ্ভত সদৰ থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰ...