August 7, 2024 6:24 PM
68
কলিয়াবৰৰ হাতীমূৰাৰ ভগ্ন মথাউৰি আৰু অস্থায়ী সুৰক্ষা বান্ধৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন মুখ্যমন্ত্রীৰ
মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মাই আজি কলিয়াবৰৰ হাতীমূৰাৰ ভগ্ন মথাউৰি আৰু অস্থায়ী সুৰক্ষা বান্ধৰ নিৰ্মাণকাৰ্য পৰিদৰ্শন কৰে। মথাউৰিটো পৰিদৰ্শন কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত মুখ্যমন্ত্ৰীগৰাকীয়ে কলিয়াবৰত যাতে ভৱিষ্যতে পুনৰ বানৰ সৃষ্টি নহয়, তাৰ সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি আশ্বাস প্ৰদান কৰে। তেওঁ অতি কম সময়ৰ ভিতৰতে মথাউৰি ভঙা স্থানত অস্থায়ী বান্ধ নিৰ্মাণ সম্পূৰ্ণ কৰি তোলাৰ বাবে জলসম্পদ বিভাগক ধন্যবাদ জ্ঞাপন কৰে ৷ তদুপৰি মথাউৰি ভঙা স্থানত স্থায়ী বান্ধ নিৰ্মাণ সন্দৰ্ভত বিশেষজ্...