July 20, 2024 7:44 PM

views 56

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত পেৰিছ অলিম্পিক আৰু ভাৰত সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত সাংবাদিক কুলপ্ৰদীপ ভাগৱতী আৰু সুবোধ মল্লবৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।

July 20, 2024 7:22 PM

views 55

শাওন মেলা উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি

শাওন মেলা উপলক্ষে কামৰূপ মহানগৰ জিলা প্ৰশাসনে কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰিছে। ভক্তৰ সমাগমৰ প্ৰতি লক্ষ্য ৰাখি মহানগৰ আৰক্ষীয়ে বশিষ্ঠ আৰু শুক্ৰেশ্বৰ দেৱালয়ৰ কৰ্তৃপক্ষক বিশেষ ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিছে। ইয়াৰ লগতে এ পি ডি চি এলক মন্দিৰৰ দাঁতিকাষৰীয়া অঞ্চলসমূহত ষ্ট্ৰীটলাইটৰ উপযুক্ত ব্যৱহাৰ আৰু পাৰ্কিঙৰ যথাযথ ব্যৱস্থাৰ প্ৰতি গুৰুত্ব দিবলৈ জিলা প্ৰশাসনে আহ্বান জনাইছে। পামহিৰ ভীমশংকৰ মন্দিৰতো ভক্তসকলৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণত গুৰুত্ব আৰোপ কৰা হৈছে। যুটীয়া স্বাস্থ্য সেৱা সঞ্চালকে শ...

July 20, 2024 6:49 PM

views 76

শেহতীয়া বানত ক্ষয়-ক্ষতিৰ বুজ ল’বলৈ অসমত উপস্থিত কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও প্রতিনিধি দল

অসমৰ শেহতীয়া বানত হোৱা ক্ষয়-ক্ষতিৰ বুজ ল'বলৈ কেন্দ্ৰীয় চৰকাৰৰ কেইবাটাও প্রতিনিধি দল আজি ৰাজ্যত উপস্থিত হয়। কেন্দ্রীয় শক্তি মন্ত্রালয়, পথ পৰিবহণ আৰু ঘাইপথ মন্ত্রালয়, গ্রামোন্নয়ন তথা কেন্দ্ৰীয় মীন মন্ত্ৰ্যালয়ৰ প্ৰতিনিধিৰে গঠিত ইয়াৰে এটা দলে মাজুলীৰ শালমৰা আৰু জুগুনিধাৰী অঞ্চল দুটা পৰিদৰ্শন কৰাৰ অন্তত জিলাখনৰ সকলো বিভাগৰ মুৰববী বিষয়াসকলৰ সৈতে জিলা আয়ুক্তৰ কাৰ্যালয়ত এখন বৈঠকত মিলিত হয়। বৈঠকখনত প্ৰতিনিধি দলটোৱে বানত হোৱা ক্ষয়-ক্ষতিৰ পৰিমাণৰ লগতে ক্ষতিগ্রস্ত লোকসকলক সকাহ দিবলৈ বিভাগসমূ...

July 18, 2024 8:42 PM

views 36

টিংখাঙত গ্রীষ্মকালীন ভাওনা প্ৰশিক্ষণৰ আজি সামৰণি

ডিব্ৰুগড় টিংখাঙত গ্রীষ্মকালীন ভাওনা প্ৰশিক্ষণৰ আজি সামৰণি পৰে। নতুন প্ৰজন্মক মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰীশ্ৰীমাধৱদেৱৰ অমৰ সৃষ্টি ভাওনাৰ সৈতে পৰিচয় কৰি দিয়াৰ মানসেৰে এই কৰ্মশালাৰ আয়োজন কৰা হৈছিল। যোৱা ২ জুলাইৰ পৰা অনুষ্ঠিত এই কাৰ্যসূচীত বিকাশ বৰুৱা আৰু সৌৰভ চেতিয়াই প্রশিক্ষার্থীসকলক প্ৰশিক্ষণ প্ৰদান কৰে।

July 18, 2024 8:41 PM

views 47

জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন ১৯৬০ৰ অধীনত মৰিগাঁৱত মাংস কটা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা

জীৱ-জন্তুৰ প্ৰতি নিষ্ঠুৰতা প্ৰতিৰোধ আইন ১৯৬০ৰ অধীনত মৰিগাঁও জিলা আয়ুক্ত দেৱাশীষ শৰ্মাই জিলাখনত মাংস কটা আৰু বিক্ৰী কৰাৰ ক্ষেত্ৰত কেতবোৰ নিৰ্দেশনা জাৰি কৰিছে। এই অনুসৰি এই আইনৰ নিয়ম ২০০১ৰ ৬ নম্বৰ আৰু ১ নম্বৰ ধাৰাৰ অধীনত কোনো জীৱ-জন্তুক অন্য জীৱ-জন্তুৰ দৃষ্টিগোচৰ হোৱাকৈ বধ কৰাত বাধা আৰাপ কৰা হৈছে। নিৰ্দেশনাত লগতে শিশুৰ সন্মুখত জীৱ-জন্তু বধ কৰাতো নিষিদ্ধ কৰা হৈছে। তদুপৰি জনস্বাস্থ্য আৰু পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি পথৰ কাষত বজাৰ আদি আৱৰণ নোহোৱাকৈ কাটি ৰখা মাংস আদি বিক্ৰীৰ ক্ষেত্ৰত নিষে...

July 18, 2024 8:39 PM

views 54

ডকমকাত সংঘটিত অভি-নীল হত্যাকাণ্ডৰ আজি শুনানী অনুষ্ঠিত হয়

২০১৮ চনৰ ৮ জুনত কাৰ্বি আংলং জিলাৰ ডকমকাত সংঘটিত অভি-নীল হত্যাকাণ্ডৰ আজি শুনানী অনুষ্ঠিত হয়। নগাঁও আদালতত বিচাৰাধীন গোচৰটোৰ এই মাহৰ শেষৰ ফালে অৰ্থাৎ ৩০ জুলাইত পৰৱৰ্তী শুনানী গ্রহণ কৰা হ'ব। আজি নগাঁও সত্র ন্যায়াধীশ আদালতত আছামী পক্ষৰ অধিবক্তা উপস্থিত নথকাত গোচৰটোৰ শুনানী পৰৱৰ্তী ৩০ জুলাইলৈ পিছুৱাই দিয়া হয়। উল্লেখযোগ্য যে এই ঘটনাৰ ৪৭ জন অভিযুক্তৰ ভিতৰত এজন অপ্রাপ্তবয়স্ক হিচাপে প্ৰকাশ কৰা হৈছিল যদিও আদালতত আজিপর্যন্ত অপ্রাপ্তবয়স্কৰ প্ৰমাণপত্ৰ জমা দিয়া হোৱা নাই।

July 18, 2024 7:50 PM

views 39

ৰাষ্ট্ৰপতি মুৰ্মুৰ কাৰ্যকালৰ প্ৰথম বছৰৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলন ‘উইংছ টু আৱাৰ হোপ্‌ছ’ গ্ৰন্থৰ প্ৰথম খণ্ড ৰাষ্ট্ৰপতি ভৱন চৌহদত উন্মোচন

ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৰ কাৰ্যকালৰ প্ৰথম বছৰৰ ৭৫টা গুৰুত্বপূৰ্ণ ভাষণৰ সংকলন উইংছ টু আৱাৰ হোপ্‌ছ গ্ৰন্থৰ প্ৰথম খণ্ড আজি নতুন দিল্লীৰ ৰাষ্ট্ৰপতি ভৱন চৌহদত উন্মোচন কৰা হয়। কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে এই গ্ৰন্থখনৰ হিন্দী আৰু ইংৰাজী সংস্কৰণৰ লগতে ই-বুকখন মুকলি কৰে। এই অনুষ্ঠানত তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ড০ এল মুৰুগানো উপস্থিত থাকে। এই অনুষ্ঠানত আন দুখন গ্রন্থ কাহানী ৰাষ্ট্ৰপতি ভৱন কী আৰু ৰাষ্ট্ৰপতি ভৱন, হেৰিটেজ মিটছ দ্যা প্রেজেন্ট মুকলি কৰা হয়। অ...

July 18, 2024 7:47 PM

views 65

বৰাক উপত্যকাৰ ৩ খন জিলাত প্ৰতি মাহে ২ জনকৈ মন্ত্রী ৩ দিন উপস্থিত থাকিব বুলি ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত

বৰাক উপত্যকাৰ তিনিখন জিলাৰ উন্নয়নৰ প্ৰতি লক্ষ্য ৰাখি জিলাকেইখনত প্ৰতি মাহে দুজনকৈ মন্ত্রী তিনিদিন থাকিব বুলি আজি অনুষ্ঠিত ৰাজ্যিক মন্ত্ৰীসভাৰ বৈঠকত সিদ্ধান্ত গ্ৰহণ কৰা হয়। দিছপুৰত অনুষ্ঠিত বৈঠকৰ অন্তত সংবাদমেলযোগে মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে জিলাকেইখনৰ অভিভাৱক মন্ত্ৰীৰ লগতে আন দুজন মন্ত্ৰীয়ে বৰাকত বাহৰ পাতি বিভিন্ন উন্নয়নমূলক আঁচনিৰ পৰ্যালোচনা কৰিব। প্ৰতি মাহে দুগৰাকী মন্ত্ৰী বৰাকৰ জিলা তিনিখনত তিনিদিন ভ্রমণ কৰি বিভিন্ন বিভাগৰ কাম-কাজৰ খতিয়ান ল'ব বুলি মন্ত্ৰী মল্ল বৰুৱাই প্ৰকাশ কৰে। ব...

July 18, 2024 5:38 PM

views 37

শিৱসাগৰ জিলাই ৰাজ্যৰ প্ৰথমখন ১০০ শতাংশ অ’ ডি এফ প্লাছ আদৰ্শ জিলাৰ স্বীকৃতি লাভ

শিৱসাগৰ জিলাই ৰাজ্যৰ প্ৰথমখন ১০০ শতাংশ অ’ ডি এফ প্লাছ আদৰ্শ জিলাৰ স্বীকৃতি লাভ কৰে। এই বৃহৎ লক্ষ্য প্রাপ্তিত নিৰন্তৰ সহযোগিতা আৰু প্ৰয়াসৰ বাবে শিৱসাগৰৰ প্ৰতিজন বাসিন্দালৈ মন্ত্রী জয়ন্ত মল্ল বৰুৱাই ৰাজ্য চৰকাৰৰ হৈ কৃতজ্ঞতা জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ স্বচ্ছ আৰু সুস্থ ভাৰতৰ লক্ষ্য পূৰ্ণৰ দিশত নিৰন্তৰ প্ৰচেষ্টাৰ বাবে তেওঁ স্বচ্ছ ভাৰত মিছন গ্রামীণ, অসমৰ প্ৰতিজন বিষয়াক শুভেচ্ছা জ্ঞাপন কৰে।

July 15, 2024 12:22 PM

views 42

দিছপুৰৰ লোকসেৱা ভৱনত শিক্ষা বিভাগৰ অধীনত ৪১ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদানৰ উদ্দেশ্যে নিযুক্তি সমাৰোহৰ আয়োজন

ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে আজি দিছপুৰৰ লোকসেৱা ভৱনত শিক্ষা বিভাগৰ অধীনত ৪১ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদানৰ উদ্দেশ্যে নিযুক্তি সমাৰোহৰ আয়োজন কৰা হৈছে। এই ৪১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত উচ্চ শিক্ষা সঞ্চালকালয়ত ২২ গৰাকী, কাৰিকৰী শিক্ষা সঞ্চালকালয়ত ১২ গৰাকী আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত ৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুও উপস...