January 22, 2025 8:34 PM

views 49

তামুলপুৰৰ ভিন্ন স্থানত জব্দ কৰা ভালেসংখ্যক নিষিদ্ধ নিচাযুক্ত দ্ৰব্য বিনষ্ট তামুলপুৰ আৰক্ষীৰ

তামুলপুৰ আৰক্ষীয়ে আজি জিলাখনৰ বিভিন্ন স্থানত জব্দ কৰা ভালেসংখ্যক নিষিদ্ধ নিচাযুক্ত দ্ৰব্য বিনষ্ট কৰে। তামুলপুৰৰ বৰখাটা শ্মশানত জিলা নিচাযুক্ত দ্ৰব্য বিনষ্ট সমিতিৰ সদস্যৰ উপস্থিতিত বিনষ্ট কৰা সামগ্ৰীৰ ভিতৰত ২০৭ দশমিক ৫ কিলোগ্ৰাম ভাং, ২৪ গ্রাম হেৰ'ইন, ৮ হাজাৰ ৫০০ নিচাযুক্ত দ্ৰব্যৰ বড়ি, ২ হাজাৰ ব্রাউন ছুগাৰৰ পেকেট আৰু নিচা কৰিব পৰা কাহৰ জুলীয়া ঔষধৰ ৩৬৮টা বটল আছিল। এই নিচাযুক্ত দ্রব্যখিনিৰ বজাৰ মূল্য প্রায় একো কোটি ৬৫ লাখ টকা হ'ব বুলি অনুমান কৰা হৈছে।

January 22, 2025 8:30 PM

views 37

জ্যেষ্ঠ অধিবক্তা চিন্ময় প্রদীপ শৰ্মাক ৰাজ্যৰ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্তি

অসম চৰকাৰে আজি জ্যেষ্ঠ অধিবক্তা চিন্ময় প্রদীপ শৰ্মাক ৰাজ্যৰ অতিৰিক্ত মহাধিবক্তা হিচাপে নিযুক্তি দিছে। ৰাজ্য চৰকাৰৰ ন্যায়িক বিভাগে জাৰি কৰা নির্দেশনাত শ্রীশর্মাই উচ্চতম ন্যায়ালয়ৰ গোচৰসমূহত অসম চৰকাৰৰ পক্ষক প্রতিনিধিত্ব কৰিব বুলি কোৱা হৈছে।

January 22, 2025 8:24 PM

views 54

ৰাজ্যৰ মুঠ ৩৫৪ খন চাহ বাগিছা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে বুজাবুজিৰ চুক্তি স্বাক্ষৰ

ৰাজ্যৰ মুঠ ৩৫৪ খন চাহ বাগিছা চিকিৎসালয়ক আয়ুষ্মান আৰোগ্য মন্দিৰলৈ উন্নীতকৰণৰ বাবে আজি বুজাবুজিৰ চুক্তি স্বাক্ষৰ অনুষ্ঠান সম্পন্ন হয়। গুৱাহাটীত ৰাজ্যিক ভিত্তিত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰী অশোক সিংহল আৰু চাহ তথা শ্রমিক কল্যাণ বিভাগৰ মন্ত্ৰী ৰূপেশ গোৱালাৰ উপস্থিতিত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। এই চুক্তি অনুসৰি ৰাজ্য চৰকাৰে প্ৰতিখন বাগিছাত সুকীয়া চিকিৎ‍সালয় নিৰ্মাণৰ কাম গ্রহণ কৰিব আৰু প্ৰতিখন চিকিৎসালয়ৰ বাবে একোজনকৈ সমুহীয়া চিকিৎসা বিষয়া নিয়োগ কৰা হ'ব। একেদৰে চাহ বাগিচা কৰ্তৃপক্ষই...

January 22, 2025 8:09 PM

views 36

প্ৰয়াগৰাজত উত্তৰ প্ৰদেশ চৰকাৰ মন্ত্ৰীসভাৰ বিশেষ বৈঠক অনুষ্ঠিত

প্ৰয়াগৰাজত আজি উত্তৰ প্ৰদেশ চৰকাৰ মন্ত্ৰীসভাৰ বিশেষ বৈঠক অনুষ্ঠিত হয়। মুখ্যমন্ত্রী যোগী আদিত্যনাথৰ অধ্যক্ষতাত এৰাইল অঞ্চলৰ ত্ৰিবেণী সংকুলত অনুষ্ঠিত এই বৈঠকত উত্তৰ প্ৰদেশ চৰকাৰৰ আটাইকেইগৰাকী মন্ত্ৰীয়ে অংশগ্ৰহণ কৰে। এই বৈঠকত ৰাজ্যখনৰ জনসাধাৰণৰ কল্যাণ আৰু উন্নতিৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা বুলি আমাৰ সংবাদদাতাই জনাইছে। বৈঠকৰ পাছতে সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত মুখ্যমন্ত্রী যোগী আদিত্যনাথে কয়, যে চৰকাৰে ৰাজহুৱা ব্যক্তিগত অংশীদাৰিত্বৰ আৰ্হিত হাথৰছ, বাঘপট আৰু খাছগঞ্জত চিকিৎসা মহাবিদ্...

January 22, 2025 6:45 PM

views 56

১৭ ফেব্ৰুৱাৰীৰ পৰা অসম বিধানসভাৰ মাহজোৰা বাজেট অধিৱেশন

অসম বিধানসভাৰ মাহজোৰা বাজেট অধিৱেশন ১৭ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। এইবাৰৰ বাজেট অধিৱেশনত মুঠ ১৪টা কর্মদিন থাকিব। ৰাজ্যপাল লক্ষ্মণ প্রসাদ আচার্যৰ ভাষণেৰে অধিৱেশনৰ প্ৰথম দিনৰ কাৰ্যসূচী কোকৰাঝাৰত অনুষ্ঠিত হ'ব। ১৮ ফেব্ৰুৱাৰীত সদনৰ কাম-কাজ নাথাকিব। ১৯ ফেব্ৰুৱাৰীৰ পৰা বাজেট অধিৱেশনৰ পৰৱৰ্তী কাৰ্যসূচী দিছপুৰৰ অসম বিধানসভা ভৱনত অনুষ্ঠিত হ'ব। ১৯ ফেব্ৰুৱাৰীত ৰাজ্যপালৰ ভাষণৰ ওপৰত ধন্যবাদসূচক প্ৰস্তাৱ উত্থাপন কৰা হ'ব। ১০ মাৰ্চত বিত্ত মন্ত্রী অজন্তা নেওগে ৰাজ্যখনৰ ২০২৫-২৬ বিত্তীয় বৰ্ষৰ বাজেট উত্থাপন কৰিব। ১১ আৰু...

January 11, 2025 9:27 PM

views 52

কলম্বোত প্ৰথমবাৰৰ বাবে ভাৰত-শ্রীলংকা অংশীদাৰিত্বমূলক উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলৰ আয়োজন ভাৰতীয় উচ্চ আয়োগৰ

শ্রীলংকাত থকা ভাৰতীয় উচ্চ আয়োগে কলম্বোত প্ৰথমবাৰৰ বাবে ভাৰত-শ্রীলংকা অংশীদাৰিত্বমূলক উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলৰ আয়োজন কৰে। এই কাৰ্যসূচীত নীতি প্ৰনেতা, বিশেষজ্ঞ আৰু জনমত গঠনত আগভাগ লোৱা নেতাসকলে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ উপায় সম্পর্কে অন্বেষণ কৰে। এই অনুষ্ঠানত ভূ-ৰাজনৈতিক বিষয়, ৰাজনৈতিক সম্পর্ক, পাৰস্পৰিক সুৰক্ষা আৰু সাংস্কৃতিক সমন্বয়কে ধৰি কেইবাটাও বিষয়ত আলোচনা অনুষ্ঠিত হয়। বিশেষজ্ঞসকলে ভৌতিক যোগাযোগ, শক্তি, ডিজিটেল খণ্ড, বাণিজ্য আৰু বিনিয়োগৰ প্ৰসাৰ তথা ঋণ নিৰ্ভৰশীলতা অবিহনে বহনক...

January 11, 2025 9:15 PM

views 34

গোৱালপাৰা জিলাৰ আগিয়া অঞ্চলৰ আমবাৰী পঞ্চগ্ৰাম ৰাজহুৱা পুখুৰীত বহুসংখ্যক লোকৰ সমুহীয়া মাছ ধৰা কাৰ্য সম্পন্ন

গোৱালপাৰা জিলাৰ আগিয়া অঞ্চলৰ আমবাৰী পঞ্চগ্ৰাম ৰাজহুৱা পুখুৰীত আজি বহুসংখ্যক লোকে সমুহীয়া মাছ ধৰা কাৰ্যত ভাগ লয়। মাঘ বিহুৰ উৰুকাৰ লগত সংগতি ৰাখি বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত ভাতৃত্ববোধ অধিক সূদৃঢ় কৰাৰ উদ্দেশ্যে আমবাৰী পঞ্চগ্ৰাম ৰাজহুৱা পৰিচালনা সমিতিয়ে এই সমুহীয়া মাছ ধৰা প্ৰতিযোগিতা অনুষ্ঠিত কৰে।

January 11, 2025 9:09 PM

views 43

ভোগালী বিহু উপলক্ষে ৰহাৰ জোঙাল বলহু মীন পামত মাছ বিক্ৰীৰ ব্যৱস্থা

সমাগত ভোগালী বিহু উপলক্ষে নগাঁও জিলা মীন বিষয়াৰ কাৰ্যালয় তথা নগাঁও ফিচফেড প্ৰাংগণত পৰহিলৈ পুৱা ৰহাৰ জোঙাল বলহু মীন পামত মাছ বিক্ৰীৰ ব্যৱস্থা কৰা হৈছে। ভোগালী বিহুৰ উৰুকাৰ লগত সংগতি ৰাখি আয়োজন কৰা এই মীন বিপণীত স্থানীয় মীন পালকৰ দ্বাৰা বিক্ৰী কৰা মাছ ৰাইজে সুলভ মূল্যত কিনিব পাৰিব।

January 11, 2025 9:07 PM

views 60

ডিফু ক্লাৱ চৌহদত অসমী ভোগালী মেলাত কাৰ্বি আংলং জিলাৰ বিভিন্ন প্ৰান্তৰ ৬০ টা আত্মসহায়ক গোটৰ যোগদান

কাৰ্বি আংলং জিলাৰ ঐতিহ্যমণ্ডিত ডিফু ক্লাৱ চৌহদত চলি থকা অসমী ভোগালী মেলাত জিলাখনৰ বিভিন্ন প্ৰান্তৰ ৬০ টা আত্মসহায়ক গোটে যোগদান কৰে। আত্মসহায়ক গোটৰ সদস্যাসকলে নিজৰ উৎপাদিত কৃষি সামগ্ৰীসমূহ প্ৰদৰ্শন কৰাৰ লগতে বিভিন্ন প্ৰকাৰৰ পিঠা পনা আৰু সাজপাৰো বিক্ৰী কৰে।

January 11, 2025 8:42 PM

views 34

১৭ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন

অসম নাট্য সন্মিলনৰ ৬৩ সংখ্যক মধ্যকালীন অধিৱেশন অহা ১৭ জানুৱাৰীৰ পৰা ২১ জানুৱাৰীলৈ নলবাৰী জিলাৰ বেলশৰৰ প্ৰখ্যাত বিশ্বেশ্বৰ দেৱালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ব। চণ্ডীগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই এই অধিৱেশন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। দিছপুৰ প্ৰেছক্লাবত অনুষ্ঠিত এখন সংবাদমেলত আজি নাট্য সন্মিলনৰ প্ৰধান সম্পাদক সন্তৰাম দাসে এই কথা সদৰি কৰে। অনুষ্ঠানত মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, ৰঞ্জিত কুমাৰ দাস, বড়োলেণ্ড স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্রমোদ বড়ো উপস্থিত থাকিব। অধিৱেশনৰ লগত সংগতি ৰাখি প্ৰথিতয...