January 30, 2025 3:36 PM

views 47

কাইলৈ সংসদৰ বাজেট অধিবেশন

সংসদৰ বাজেট অধিবেশন কাইলৈ আৰম্ভ হ'ব। এই অধিবেশনৰ পূৰ্বে আকাশবাণী বাতৰি সেৱা বিভাগে আজি সংসদ কে সমক্ষ মুড্ডে আৰু ইছ্যুজ বিফ'ৰ পাৰ্লিয়ামেণ্ট শীর্ষক এটা বিশেষ আলোচনাৰ অনুষ্ঠান প্ৰচাৰ কৰিব। সংসদ কে সমক্ষ মুড্ডে শীর্ষক হিন্দী ভাষাৰ অনুষ্ঠানটি আকাশবাণী গোল্ডৰ ১০০.১ মেগাহার্টজ আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূহত নিশা ৯.৩০ বজাত শুনিবলৈ পোৱা যাব। ইংৰাজী ভাষাত আনটো অনুষ্ঠান একে সময়তে আকাশবাণী ৰেইনব’ৰ ১০২.৬ মেগাহার্টজ আৰু অতিৰিক্ত ফ্ৰিকুৱেন্সিসমূহত শুনিবলৈ পোৱা যাব। অনুষ্ঠান দুটা আকাশবাণীৰ ইউটিউব চেনেল নিউজ অ...

January 30, 2025 10:52 AM

views 48

পাঠশালাত কাইলৈৰ পৰা ৫ দিনীয়াকৈ অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন আৰম্ভ

বজালী জিলাৰ পাঠশালাত কাইলৈৰ পৰা ৫দিনীয়া কাৰ্যসূচীৰে অসম সাহিত্য সভাৰ সপ্তসপ্ততিতম দ্বি-বার্ষিক অধিৱেশন অনুষ্ঠিত হ'ব। অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক ড° উপেন্দ্ৰজিৎ শৰ্মাই কালি অধিৱেশনৰ বিতং কাৰ্যসূচী ঘোষণা কৰে। কাইলৈ পুৱা ৮.৩০ বজাত নামঘৰৰ দ্বাৰ উদ্ঘাটনেৰে সাহিত্য সভাৰ পাঠশালা অধিৱেশনৰ কাৰ্যসূচী আৰম্ভ হ'ব। বামাখাটা সত্ৰৰ সত্ৰাধিকাৰ প্ৰবোধ দেৱ অধিকাৰীয়ে নামঘৰৰ দ্বাৰ মুকলি কৰিব আৰু নাজিৰাৰ সমাজকর্মী যতীন লাহনে বন্তি প্রজ্বলন কৰিব। পুৱা ৯ বজাত পাঠশালা অধিৱেশনৰ আদৰণি সমিতিৰ সভাপতি ৰঞ্জিত কুমাৰ দাসে...

January 28, 2025 8:16 PM

views 41

ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৰোহ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ চৌহদত অনুষ্ঠিত

হোজাইৰ ৰবীন্দ্ৰ নাথ ঠাকুৰ বিশ্ববিদ্যালয়ৰ দ্বিতীয় দীক্ষান্ত সমাৰোহ আজি মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ চৌহদত অনুষ্ঠিত হয়। বিশ্ববিদ্যালয়খনৰ আচাৰ্য ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু গুৱাহাটী বিশ্ববিদ্যালয় উপাচার্য ড° ননী গোপাল মহন্তই বিশ্ববিদ্যালয়খনৰ পৰা কলা, বিজ্ঞান আৰু বাণিজ্য বিভাগত উত্তীৰ্ণ মুঠ ২৩১ গৰাকী শিক্ষাৰ্থীক ডিগ্ৰীৰ প্ৰমাণ পত্ৰ প্ৰদান কৰে। ইয়াৰ ভিতৰত তিনিগৰাকীক সোণৰ পদকসহ স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰা শিক্ষার্থীও আছে। অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল আচাৰ্যই বিশ্ববিদ্যালয়সমূহ কেৱল ডিগ্ৰী প্ৰদ...

January 28, 2025 5:55 PM

views 42

যমুনাৰ পানীত বিহ মিহলোৱা বুলি আপে কৰা অভিযোগৰ তীব্ৰ প্ৰতিক্ৰিয়া বিজেপিৰ

দিল্লীত বিধানসভা নিৰ্বাচনৰ পূৰ্বে যমুনাৰ পানীক লৈ আম আদমী পাৰ্টী আৰু বিজেপিৰ বাক যুদ্ধই আকৰ্ষণীয় ৰূপ লৈছে। হাৰিয়ানাৰ বিজেপি চৰকাৰে যমুনাৰ পানীত বিহ মিহলোৱা বুলি আপে কৰা অভিযোগৰ বিজেপিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। বিজেপিৰ মুখপাত্র সুধাংশু ত্রিবেদীয়ে সংবাদ মাধ্যমক কয়, যে জল বোর্ডে এই অভিযোগ খণ্ডন কৰিছে আৰু এই কথাই চুবুৰীয়া ৰাজ্যখনৰ চৰকাৰৰ বিৰুদ্ধে আম আদমী পার্টীয়ে ভিত্তিহীন অভিযোগ কৰাৰ চেষ্টা কৰা বুলি প্ৰমাণ কৰিছে।দিল্লীৰ কংগ্ৰেছ নেতা সন্দীপ দীক্ষিতেও এই প্রসংগত আপৰ প্ৰধান নেতা অৰবিন্...

January 27, 2025 8:48 AM

views 51

মাজুলীত দেওবাৰৰ পৰা দুদিনীয়াকৈ নাট সমাৰোহ অনুষ্ঠিত

উজনি মাজুলীবাসী তথা নতুন বজাৰ সন্মিলিত সাংস্কৃতিক মঞ্চৰ উদ্যোগত উজনি মাজুলীত কালিৰে পৰা দুদিনীয়াকৈ নাট সমাৰোহ অনুষ্ঠিত হৈছে। নাট সমাৰোহৰ কালি প্ৰথম দিনাৰ কাৰ্যসূচীত ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা ৰচিত ৰূপালীম নাটখন নৰ্থ-ইষ্ট থিয়েটাৰ একাডেমীয়ে মঞ্চস্থ কৰে। আজি সন্ধিয়া অসীম কুমাৰ নাথৰ পৰিচালনাত মাণিক সোণোৱালৰ নাট বগলী বগা ফোঁট দি যা মঞ্চস্থ কৰা হ'ব।  

January 25, 2025 8:00 PM

views 29

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সহযোগত কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ

কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ৰ অধীনৰ কেন্দ্ৰীয় যোগাযোগ ব্যুৰোৱে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ সহযোগত কেন্দ্ৰটোৰ চৌহদত সজাগতা কাৰ্যসূচী ৰূপায়ণ কৰে। এই কাৰ্যসূচীত স্বচ্ছতা অভিযান, গছপুলি ৰোপণৰ লগতে সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়।

January 24, 2025 7:58 PM

views 53

অষ্ট্ৰেলিয়াৰ বিমান বন্দৰসমূহৰ গ্ৰাউণ্ড কৰ্মচাৰীসকলে প্ৰধান বিমান বন্দৰসমূহত কৰা ধৰ্মঘটৰ ফলত আন্তৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ প্ৰতি সতর্কবাণী জাৰি

অষ্ট্ৰেলিয়াৰ বিমান বন্দৰসমূহৰ গ্ৰাউণ্ড কৰ্মচাৰীসকলে দেশখনৰ প্ৰধান বিমান বন্দৰসমূহত আৰম্ভ কৰা ধৰ্মঘটৰ ফলত আন্তৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ প্ৰতি সতর্কবাণী জাৰি কৰা হৈছে। সংবাদ সংস্থাসমূহৰ বাতৰি অনুসৰি চিডনী, মেলবৰ্ণ আৰু ব্ৰীজবেন বিমান বন্দৰত ডিনাতা নামৰ বিমানসেৱা কোম্পানীটোৱে নিয়োগ কৰা এহেজাৰৰো অধিক কৰ্মচাৰীয়ে দীৰ্ঘদিনীয়া দৰমহা বিবাদ নিষ্পত্তিৰ দাবীত আজি ৪ ঘণ্টাৰ বাবে কৰ্মবিৰতি পালন কৰে। অষ্ট্ৰেলিয়াৰ অগ্ৰণী বিমান পৰিবহন সংস্থা কোৱাণ্টাজে জনোৱা মতে, এই ধৰ্মঘটৰ ফলত তেওঁলোকৰ ঘৰুৱা সেৱা ব্যাহত হোৱা ...

January 24, 2025 7:41 PM

views 52

কাইলৈ পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস

সমগ্ৰ দেশতে কাইলৈ পঞ্চদশ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস পালন কৰা হ'ব। দেশত মুঠ ভোটদাতাৰ সংখ্যা প্রায় ১০০ কোটি হোৱাৰ পৰিপ্ৰেক্ষিতত এইবাৰ ৰাষ্ট্ৰীয় ভোটদাতা দিৱস বিশেষভাৱে পালন কৰা হ'ব । এই বছৰৰ ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ মূলমন্ত্ৰ হৈছে ভোটদানৰ দৰে একোৱেই নহয়, মই নিশ্চিতভাৱে ভোটদান কৰিম। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মুৱে কাইলৈ নতুন দিল্লীত ৰাষ্ট্ৰীয় ভোটদাতা দিৱসৰ মূল কাৰ্যসূচীত মুখ্য অতিথি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানত আইন আৰু ন্যায় বিভাগৰ কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী অৰ্জুন ৰাম মেঘৱাল সন্মানীয় অতিথি ...

January 24, 2025 4:43 PM

views 62

মহাৰাষ্ট্ৰৰ ভাণ্ডাৰাত অৱস্থিত সেনাবাহিনীৰ অস্ত্ৰ নিৰ্মাণ কাৰখানাত বিস্ফোৰণ

মহাৰাষ্ট্ৰৰ ভাণ্ডাৰাত অৱস্থিত সেনাবাহিনীৰ অস্ত্ৰ নিৰ্মাণ কাৰখানাত আজি পুৱা এটা বিস্ফোৰণ সংঘটিত হয়। এই ঘটনাটোৰ পাছত উদ্ধাৰ আৰু সাহায্য অভিযানৰ বাবে উদ্ধাৰকাৰী তথা চিকিৎসা সেৱাৰ সৈতে জড়িত লোক অঞ্চলটোত ব্যস্ত হৈ পৰিছে। ঘটনাটোৰ বিষয়ে সবিশেষ এতিয়াও জানিব পৰা হোৱা নাই।

January 22, 2025 8:37 PM

views 62

মৰিগাঁও জিলা সাংবাদিক সন্থাৰ তৃতীয় মহলাৰ ভৱন আনুষ্ঠানিকভাৱে উদ্বোধন

তিৱা স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য জীৱন চন্দ্ৰ কোঁৱৰে আজি পৰিষদৰ ২০২২-২৩ বৰ্ষৰ ১০ লাখ টকা পুঁজিৰে নিৰ্মাণ কৰা মৰিগাঁও জিলা সাংবাদিক সন্থাৰ তৃতীয় মহলাৰ ভৱনটো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে। এই উপলক্ষে আয়োজিত সভাত মুখ্য কাৰ্যবাহী সদস্যগৰাকীয়ে সাংবাদিক সন্থাৰ অত্যাধুনিক পুথিভঁৰাল আৰু অভিলেখাগাৰটো তিৱা স্বায়ত্তশাসিত পৰিষদৰ পৰা আগবঢ়োৱা হ'ব বুলি ঘোষণা কৰে।