শ্রীলংকাত থকা ভাৰতীয় উচ্চ আয়োগে কলম্বোত প্ৰথমবাৰৰ বাবে ভাৰত-শ্রীলংকা অংশীদাৰিত্বমূলক উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলৰ আয়োজন কৰে। এই কাৰ্যসূচীত নীতি প্ৰনেতা, বিশেষজ্ঞ আৰু জনমত গঠনত আগভাগ লোৱা নেতাসকলে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ উপায় সম্পর্কে অন্বেষণ কৰে। এই অনুষ্ঠানত ভূ-ৰাজনৈতিক বিষয়, ৰাজনৈতিক সম্পর্ক, পাৰস্পৰিক সুৰক্ষা আৰু সাংস্কৃতিক সমন্বয়কে ধৰি কেইবাটাও বিষয়ত আলোচনা অনুষ্ঠিত হয়। বিশেষজ্ঞসকলে ভৌতিক যোগাযোগ, শক্তি, ডিজিটেল খণ্ড, বাণিজ্য আৰু বিনিয়োগৰ প্ৰসাৰ তথা ঋণ নিৰ্ভৰশীলতা অবিহনে বহনক্ষম উন্নয়ন বৃদ্ধিৰ কৌশল উদ্ভাৱনৰ উপায় সম্পর্কে আলোকপাত কৰে।উচ্চায়ুক্ত সন্তোষ ঝায় প্রতিবেশী ৰাষ্ট্ৰ দুখনৰ বান্ধোন শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। খ্যাতনামা অর্থনীতিবিদ ড০ গণেশ উইগ্নাৰাজা সঞ্চালনা কৰা উচ্চ আয়োগৰ প্ৰতিনিধিসকল আৰু কেইবাগৰাকীও চিন্তাবিদে অংশগ্রহণ কৰে৷
Assamese | January 11, 2025 9:27 PM | Akashvani | SRILANKA
কলম্বোত প্ৰথমবাৰৰ বাবে ভাৰত-শ্রীলংকা অংশীদাৰিত্বমূলক উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলৰ আয়োজন ভাৰতীয় উচ্চ আয়োগৰ