January 3, 2026 6:28 PM

views 48

কডিয়াক্কৰাইৰ পৰা তামিলনাডুৰ মায়ালাদুথুৰাইৰ ৯ জন মাছমৰীয়াক গ্ৰেপ্তাৰ শ্ৰীলংকাৰ নৌ সেনাবাহিনীৰ

শ্ৰীলংকাৰ নৌ সেনাবাহিনীয়ে আজি কডিয়াক্কৰাইৰ পৰা তামিলনাডুৰ মায়ালাদুথুৰাইৰ ৯ জন মাছমৰীয়াৰ গ্ৰেপ্তাৰ কৰে। মাছমৰীয়া কেইজনে কালি নাৱেৰে সাগৰত মাছ ধৰিবলৈ গৈছিল আৰু সাগৰৰ সমীপৰ কড়িয়াক্কৰাইত নিশাটো কটাইছিল। শ্রীলংকা নৌ সেনাবাহিনীয়ে আন্তঃৰাষ্ট্ৰীয় জলসীমা অতিক্ৰম কৰি দেশখনত প্ৰৱেশ কৰা বাবে আজি মাছমৰীয়া কেইজনক তাৰ পৰা গ্ৰেপ্তাৰ কৰে আৰু দুখন নাও জব্দ কৰে।

December 1, 2025 12:27 PM

views 64

শ্ৰীলংকাত ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৩৪ লৈ বৃদ্ধি

● শ্ৰীলংকাত ঘূৰ্ণীবতাহৰ ফলত মৃত্যু হোৱা লোকৰ সংখ্যা ৩৩৪ লৈ বৃদ্ধি পাইছে। দেশখনৰ দুর্যোগ ব্যৱস্থাপনা কেন্দ্ৰই প্ৰকাশ কৰা তথ্য অনুসৰি এই ভয়াৱহ প্রাকৃতিক দুর্যোগত এতিয়ালৈকে ৩৭০ জন লোক সন্ধান হৈ আছে। ঘূৰ্ণীবতাহৰ ফলত সৃষ্টি হোৱা বান আৰু ভূমিস্খলন অব্যাহত থকাত বহুকেইখন জিলাৰ সংযোগ বিচ্ছিন্ন হৈ আছে। ভাৰতে অপাৰেচন সাগৰ বন্ধুৰ অধীনত উদ্ধাৰ অভিযান তীব্ৰতৰ কৰি তোলাৰ লগতে অধিক ক্ষতিগ্রস্ত অঞ্চলসমূহত হেলিকপ্টাৰ আৰু এন ডি আৰ এফৰ দল নিয়োগ কৰিছে। ইপিনে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিছানায়কে দেশবাসীক উদ...

November 10, 2025 8:13 PM

views 62

তামিলনাডুৰ মায়লাদুথুৰাইৰ ১৪জন মাছমৰীয়াক মাছ ধৰি থকা অৱস্থাত গ্ৰেপ্তাৰ শ্ৰীলংকাৰ নৌসেনাৰ

তামিলনাডুৰ মায়লাদুথুৰাই জিলাৰ ১৪জন মাছমৰীয়াক আজি শ্ৰীলংকাৰ নৌসেনাই মাছ ধৰি থকা অৱস্থাত গ্ৰেপ্তাৰ কৰে। মাছমৰীয়াসকলে ব্যৱহাৰ কৰা এখন নাওঁ নৌসেনাই জব্দ কৰে। বাৰ্জন মাছমৰীয়া বানাকিৰৈ গাঁৱৰ আৰু বাকীসকল কুড্ডালোৰ আৰু থাৰংগম্বড়ীৰ বুলি জানিব পৰা গৈছে। তদন্তৰ বাবে মাছমৰীয়াকেইজনক কাংকেসন্তুৰাই নৌসেনাৰ শিবিৰলৈ লৈ যোৱা হৈছে।

September 12, 2025 6:44 PM

views 60

শ্ৰীলংকাৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহিন্দ্ৰ ৰাজাপাক্ষৰ কলম্বোত থকা চৰকাৰী বাসগৃহ ত্যাগ

শ্রীলংকা চৰকাৰে প্ৰাক্তন ৰাষ্ট্ৰপতিসকলক আজীৱন চৰকাৰী বাসগৃহ আৰু অন্যান্য সা-সুবিধা প্ৰদানৰ বাবে থকা আইন প্রত্যাহাৰ কৰাৰ পাছত দেশখনৰ প্ৰাক্তন ৰাষ্ট্ৰপতি মহিন্দ্ৰ ৰাজাপাক্ষই তেওঁৰ কলম্বোত থকা চৰকাৰী বাসগৃহ ত্যাগ কৰিছে। ৰাজাপাক্ষ আৰু তেওঁ পত্নী চিৰন্থীয়ে কালি দুপৰীয়াৰ ভাগত চৰকাৰী বাসভৱনৰ পৰা ওলাই যায়। এই দৃশ্য চাবলৈ তেওঁৰ বাসভৱনৰ সন্মুখত ভালেমান লোকৰ ভিৰ পৰিলক্ষিত হয়। উল্লেখযোগ্য যে শ্রীলংকাৰ সংসদত বুধবাৰে ৰাষ্ট্ৰপতি সা-সুবিধা প্ৰত্যাহাৰ আইনখন সপক্ষে ১৫১টা আৰু বিপক্ষে এটা ভোটৰ ব্যৱধানত গৃহীত হয...

January 11, 2025 9:27 PM

views 61

কলম্বোত প্ৰথমবাৰৰ বাবে ভাৰত-শ্রীলংকা অংশীদাৰিত্বমূলক উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলৰ আয়োজন ভাৰতীয় উচ্চ আয়োগৰ

শ্রীলংকাত থকা ভাৰতীয় উচ্চ আয়োগে কলম্বোত প্ৰথমবাৰৰ বাবে ভাৰত-শ্রীলংকা অংশীদাৰিত্বমূলক উচ্চ পৰ্যায়ৰ ঘূৰণীয়া মেজমেলৰ আয়োজন কৰে। এই কাৰ্যসূচীত নীতি প্ৰনেতা, বিশেষজ্ঞ আৰু জনমত গঠনত আগভাগ লোৱা নেতাসকলে দ্বিপাক্ষিক সহযোগিতা বৃদ্ধিৰ উপায় সম্পর্কে অন্বেষণ কৰে। এই অনুষ্ঠানত ভূ-ৰাজনৈতিক বিষয়, ৰাজনৈতিক সম্পর্ক, পাৰস্পৰিক সুৰক্ষা আৰু সাংস্কৃতিক সমন্বয়কে ধৰি কেইবাটাও বিষয়ত আলোচনা অনুষ্ঠিত হয়। বিশেষজ্ঞসকলে ভৌতিক যোগাযোগ, শক্তি, ডিজিটেল খণ্ড, বাণিজ্য আৰু বিনিয়োগৰ প্ৰসাৰ তথা ঋণ নিৰ্ভৰশীলতা অবিহনে বহনক...

December 14, 2024 3:15 PM

views 65

কাইলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশানায়ক

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশানায়কে কাইলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিব। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এয়া শ্রীদিশানায়কেৰ প্ৰথম ভ্ৰমণ হ'ব। তেওঁ কয়, যে এই তিনিদিনীয়া ভ্ৰমণকালত শ্রীদিশানায়কে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক, আঞ্চলিক আৰু পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনা কৰিব। ৰাষ্ট্ৰপতিগৰাকী...

December 13, 2024 8:24 PM

views 77

দেওবাৰে ভাৰতলৈ আহিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশানায়ক

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশানায়কে পৰহিলৈ ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এয়া শ্ৰীদিশানায়কেৰ প্ৰথম ভ্রমণ হ'ব। তেওঁ কয়, যে এই তিনিদিনীয়া ভ্ৰমণকালত অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক, আঞ্চলিক আৰু পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনা...