শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশানায়কে কাইলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিব। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এয়া শ্রীদিশানায়কেৰ প্ৰথম ভ্ৰমণ হ’ব। তেওঁ কয়, যে এই তিনিদিনীয়া ভ্ৰমণকালত শ্রীদিশানায়কে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক, আঞ্চলিক আৰু পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনা কৰিব। ৰাষ্ট্ৰপতিগৰাকীৰ এই ভ্রমণে ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ বহুপাক্ষিক আৰু পাৰস্পৰিক সহযোগিতা অধিক সুদৃঢ় কৰিব বুলি মুখপাত্ৰগৰাকীয়ে আশা প্রকাশ কৰে৷
Assamese | December 14, 2024 3:15 PM | Anura Kumara Dissanayake | Ind vs Srilanka | SRILANKA
কাইলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশানায়ক