December 3, 2025 12:35 PM

views 59

ভাৰতে শ্ৰীলংকাৰ বান সাহায্যৰ প্ৰচেষ্টালৈ সমৰ্থন অব্যাহত ৰাখিছেঃ ড° এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড° এছ জয়শংকৰে কয়, যে ৭০ জনৰো অধিক চিকিৎসা আৰু সহায়ক কৰ্মী, আৰু অত্যাৱশ্যকীয় বাহনৰ সৈতে এখন স্বয়ংসম্পূৰ্ণ মডিউলাৰ ফিল্ড হস্পিতাল কঢ়িয়াই নিয়া ভাৰতীয় বায়ুসেনাৰ C-17 শ্ৰেণীৰ পৰিবহণ বিমান কালি কলম্বোত অৱতৰণ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ড° জয়শংকৰে উল্লেখ কৰে যে ভাৰতে শ্ৰীলংকাৰ বান সাহায্যৰ প্ৰচেষ্টালৈ সমৰ্থন অব্যাহত ৰাখিছে। ইফালে ভাৰতীয় বায়ুসেনাৰ Mi-17 হেলিকপ্টাৰে ৮ টনৰো অধিক সাহায্য সামগ্রী বিমানযোগে লৈ যোৱাৰ লগতে বিদেশী নাগৰিক, সংকটজনক অৱস্থাত থকা ৰোগী আৰু এ...

December 14, 2024 3:15 PM

views 65

কাইলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশানায়ক

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশানায়কে কাইলৈ তিনিদিনীয়া কাৰ্যসূচীৰে ভাৰতলৈ আহিব। সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এয়া শ্রীদিশানায়কেৰ প্ৰথম ভ্ৰমণ হ'ব। তেওঁ কয়, যে এই তিনিদিনীয়া ভ্ৰমণকালত শ্রীদিশানায়কে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুমু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক, আঞ্চলিক আৰু পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনা কৰিব। ৰাষ্ট্ৰপতিগৰাকী...

December 13, 2024 8:24 PM

views 77

দেওবাৰে ভাৰতলৈ আহিব শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশানায়ক

শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰ দিশানায়কে পৰহিলৈ ভাৰতলৈ আহিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত এই বিষয়ে প্রকাশ কৰে। তেওঁ কয়, যে শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাৰ পাছত এয়া শ্ৰীদিশানায়কেৰ প্ৰথম ভ্রমণ হ'ব। তেওঁ কয়, যে এই তিনিদিনীয়া ভ্ৰমণকালত অভ্যাগত ৰাষ্ট্ৰপতিগৰাকীয়ে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুর্মু আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক, আঞ্চলিক আৰু পাৰস্পৰিক স্বার্থজড়িত বিভিন্ন আন্তঃৰাষ্ট্ৰীয় বিষয় লৈ আলোচনা...

October 9, 2024 6:16 PM

views 74

সন্ধিয়া ৭.৩০ বজাত মহিলাৰ আই চি চি টি-২০ বিশ্বকাপত ভাৰত শ্রীলংকাৰ সন্মুখীন হ’ব

ভাৰত আজি ডুবাইত হ'বলগীয়া মহিলাৰ আই চি চি টি-২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতাৰ গ্ৰুপ এৰ নিজৰ তৃতীয়খন খেলত শ্রীলংকাৰ সন্মুখীন হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি সন্ধিয়া ৭.৩০ বজাত আৰম্ভ হ'ব। একেটা স্থানত হ'বলগীয়া প্ৰতিযোগিতাৰ আন এখন খেলত স্কটলেণ্ড দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন বিয়লি চাৰে তিনি বজাত আৰম্ভ হ'ব।

October 4, 2024 2:43 PM

views 86

ভাৰত আৰু শ্ৰীলংকাৰ মাজত দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰাৰ বাবে শ্ৰীলংকাত উপস্থিত বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ

বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ চৰকাৰী কাৰ্যসূচীৰে আজি শ্ৰীলংকাত উপস্থিত হৈছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিছানায়াকে বিগত সপ্তাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত ভাৰত আৰু শ্ৰীলংকাৰ মাজত দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰাৰ বাবে এয়া হ'ব প্ৰথম উচ্চ পৰ্যায়ৰ ভ্ৰমণ। ড০ জয়শংকৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰীপতিগৰাকীৰ লগতে প্রধানমন্ত্ৰী ড০ হাৰিনি আমাৰাছুৰীয়াক সাক্ষাৎ কৰিব। তেওঁ লগতে শ্ৰীলংকাৰ বিদেশ মন্ত্ৰীগৰাকীকো সাক্ষাৎ কৰাৰ কথা। মন্ত্ৰীগৰাকীৰ এই ভ্রমণে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিক প্রতিফলিত কৰি দ্বীপ ৰাষ্ট্ৰখনক সহায়...

August 8, 2024 12:05 PM

views 74

ভাৰতৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাত শ্ৰীলংকা ২-০ৰ ব্যৱধানত জয়ী

ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাত শ্ৰীলংকা ২-০ৰ ব্যৱধানত জয়ী হৈছে। কালি কলম্বোেত অনুষ্ঠিত শৃংখলাৰ অন্তিমখন খেলত শ্রীলংকা ১১০ ৰানত জয় হয়। প্ৰথমে বেটিং কৰা শ্ৰীলংকাই আৱিস্কা ফার্নাণ্ডোৰ ৯৬ আৰু কুশল মেণ্ডিছৰ ৫৯ ৰানৰ সহায়ত নিৰ্ধাৰিত অভাৰত ৭টা উইকেট হেৰুৱাই ২৪৮ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ২৬ অভাৰ আৰু এটা বলত কেউটা উইকেট হেৰুৱাই মাত্র ১৩৮ ৰানহে কবিলৈ সক্ষম হয়। আৱিস্কা ফার্নাণ্ডোলৈ প্লেয়াৰ অৱ দা মেচ আৰু দুনীথ ৱেলালাগেলৈ শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা আগবঢ়োৱা হয়। শ...

August 7, 2024 7:40 PM

views 70

তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ অন্তিমখন খেলত ভাৰতক জয়ৰ বাবে ২৪৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ শ্রীলংকাৰ

ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্ৰিকেট শৃংখলাৰ তৃতীয় তথা অন্তিমখন খেলত শ্রীলংকাই ভাৰতক জয়ৰ বাবে ২৪৯ ৰানৰ লক্ষ্য নিৰ্ধাৰণ কৰি দিছে। শ্রীলংকাই প্ৰথমে বেট ধৰি নিৰ্ধাৰিত ৫০ অভাৰত ৭টা উইকেট হেৰুৱাই ২৪৮ ৰান সংগ্ৰহ কৰে। ভাৰতৰ হৈ ৰিয়ান পৰাগে ৩টা উইকেট দখল কৰে। ইফালে খেলৰ দ্বিতীয়ার্ধত ভাৰতে এই বাতৰি যুগুতোৱাৰ পৰলৈকে ৫ অভাৰত এটা উইকেট হেৰুৱাই ৪১ ৰান সংগ্ৰহ কৰি খেলি আছে।

August 2, 2024 7:55 AM

views 70

আজি ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল

■ ভাৰত আৰু শ্ৰীলংকাৰ মাজৰ তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাৰ প্ৰথমখন খেল আজি কলম্বোৰ আৰ প্রেমদাসা ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। খেলখন ভাৰতীয় সময় অনুসৰি দিনৰ ২.৩০ বজাত আৰম্ভ হ'ব। ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে এই শৃংখলাত ভাগ ল'ব। ভাৰতে ইয়াৰ পূৰ্বে শ্ৰীলংকাৰ বিৰুদ্ধে টি-২০ শৃংখলাত ৩-০ ফলাফলত জয়লাভ কৰিছিল।