বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ চৰকাৰী কাৰ্যসূচীৰে আজি শ্ৰীলংকাত উপস্থিত হৈছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিছানায়াকে বিগত সপ্তাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত ভাৰত আৰু শ্ৰীলংকাৰ মাজত দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰাৰ বাবে এয়া হ’ব প্ৰথম উচ্চ পৰ্যায়ৰ ভ্ৰমণ। ড০ জয়শংকৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰীপতিগৰাকীৰ লগতে প্রধানমন্ত্ৰী ড০ হাৰিনি আমাৰাছুৰীয়াক সাক্ষাৎ কৰিব। তেওঁ লগতে শ্ৰীলংকাৰ বিদেশ মন্ত্ৰীগৰাকীকো সাক্ষাৎ কৰাৰ কথা। মন্ত্ৰীগৰাকীৰ এই ভ্রমণে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিক প্রতিফলিত কৰি দ্বীপ ৰাষ্ট্ৰখনক সহায়ৰ প্ৰতি থকা ভাৰতৰ দায়বদ্ধতাক পুনৰ প্ৰতিষ্ঠা কৰিলে। এই ভ্রমণে লগতে দুয়োখন দেশৰ মাজত দীৰ্ঘদিন ধৰি অব্যাহত থকা পাৰস্পৰিক সম্পৰ্ক সুদৃঢ় কৰিব।
Assamese | October 4, 2024 2:43 PM | Ind vs Srilanka | S Jayshankar
ভাৰত আৰু শ্ৰীলংকাৰ মাজত দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰাৰ বাবে শ্ৰীলংকাত উপস্থিত বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ