February 24, 2025 7:57 PM

views 52

এডভান্টেজ আছাম শীৰ্ষ সন্মিলনত অংশ লোৱাৰ বাবে গুৱাহাটীত উপস্থিত বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড০ এছ জয়শংকৰ

দেশী-বিদেশী বিনিয়োগকাৰীৰ অংশগ্ৰণেৰে কাইলৈ আৰু পৰহিলৈ গুৱাহাটীত হ'বলগীয়া উত্তৰ- পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ বিনিয়োগ আৰু আন্তঃগাঁথনি সন্মিলন এডভাণ্টেজ আছামৰ দ্বিতীয় সংস্কৰণৰ প্ৰস্তুতি প্রায় সম্পূৰ্ণ হৈ উঠিছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি খানাপাৰাৰ অসম পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয়ৰ খেলপথাৰ পৰিদৰ্শন কৰি এই শীৰ্ষ সন্মিলনৰ অন্তিম প্ৰস্তুতিৰ বুজ লয়। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ এই সন্মিলন আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব। মুখ্যমন্ত্ৰী শৰ্মাই সন্মিলন উপলক্ষে নির্মীয়মান সভাকক্ষ, পেভেলিয়ন,...

November 5, 2024 2:15 PM

views 58

কানাডাত হিন্দু মন্দিৰৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনা চিন্তাজনকঃ বিদেশ মন্ত্রী জয়শংকৰ

বিদেশ মন্ত্রী ড° এছ জয়শংকৰে কানাডাত হিন্দু মন্দিৰৰ ওপৰত হোৱা আক্ৰমণৰ ঘটনাক চিন্তাজনক বুলি অভিহিত কৰিছে। অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৰঙৰ সৈতে আজি পুৱা কেনবেৰাত যুটীয়া সংবাদমেলক সম্বোধন কৰি ড° জয়শংকৰে কানাডাত সন্ত্ৰাসবাদী শক্তিসমূহক ৰাজনৈতিক শৰণ দিয়াক লৈ উদ্বেগ প্ৰকাশ কৰে। তেওঁ কয় যে কানাডাত কোনোধৰণৰ বিশেষ তথ্য অবিহনে অভিযোগ উত্থাপন কৰাৰ অভ্যাসত পৰিণত হৈছে। কানাডাত ভাৰতীয় কূটনীতিবিদসকলৰ ওপৰত নজৰ ৰখাৰ ঘটনা গ্রহণযোগ্য নহয় বুলি মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰিছে। কেনবেৰাত হিন্দু মন্দিৰৰ ওপৰত হো...

November 2, 2024 6:15 PM

views 66

৬ দিনীয়া ভ্ৰমণসূচীৰে অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰলৈ যাব বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰ

বৈদেশিক পৰিক্ৰমা মন্ত্রী ড০ এছ জয়শংকৰে ৬ দিনীয়া ভ্ৰমণ সূচিৰে কাইলৈৰ পৰা অষ্ট্ৰেলিয়া আৰু ছিংগাপুৰলৈ যাব এই ভ্ৰমণৰ সময়ত ড০ জয়শংকৰে ব্ৰিজবেনত অষ্ট্ৰেলিয়াত ভাৰতৰ চতুৰ্থটো দুতাবাস উদ্বোধন কৰিব৷ ইয়াৰ উপৰিও তেওঁ কেনবেৰাত অষ্ট্ৰেলিয়াৰ বিদেশ মন্ত্ৰী পেনি ৱঙৰ সৈতে ১৫ সংখ্যক বৈদেশিক মন্ত্ৰীৰ আলোচনাৰ সহ-অধ্যক্ষতা কৰিব। অষ্ট্ৰেলিয়াৰ সংসদ ভৱনত অনুষ্ঠিত হ'বলগীয়া দ্বিতীয় ৰাইচিনা ডাউন আণ্ডাৰৰ উদ্বোধনী অধিৱেশনত জয়সংকৰে মুখ্য ভাষণ প্ৰদান কৰিব । তেওঁ অষ্ট্ৰেলিয়াৰ নেতৃবৃন্দ, সংসদ সদস্য, ভাৰতীয় সম্প্ৰদা...

October 14, 2024 7:34 PM

views 93

দিল্লীত ই-মাইগ্ৰেট ৱি টু পইণ্ট জিৰো ৱেৱপোৰ্টেল তথা মোবাইল এপ মুকলি

বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ড° এছ জয়শংকৰে আজি নতুন দিল্লীত ই-মাইগ্ৰেট ৱি টু পইণ্ট জিৰো ৱেৱপোৰ্টেল তথা মোবাইল এপ মুকলি কৰে। এই পোৰ্টেলটোৰ জৰিয়তে ভাৰতীয় প্ৰব্ৰজনকাৰীসকলৰ বাবে নিৰাপদ আৰু বৈধভাৱে আহ-যাহৰ সূচলতাৰ ব্যৱস্থা কৰা হ'ব। অনুষ্ঠানত ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে, এই পোৰ্টেলটো মুকলি হোৱাৰ জৰিয়তে ভাৰতীয় নাগৰিকসকলৰ নিৰাপদ, স্বচ্ছ তথা সৰ্বাত্মক আহ-যাহৰ সুবিধা সৃষ্টি কৰাৰ প্ৰতি চৰকাৰৰ প্ৰচেষ্টা প্রতিফলিত হৈছে। তেওঁ লগতে কয় যে পোৰ্টেলটো পুনৰ সজ্জিত কৰাৰ জৰিয়তে বিদেশত ভাৰতীয় কৰ্মচাৰীসকলৰ ...

October 4, 2024 2:43 PM

views 82

ভাৰত আৰু শ্ৰীলংকাৰ মাজত দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰাৰ বাবে শ্ৰীলংকাত উপস্থিত বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ

বিদেশ মন্ত্ৰী ড০ এছ জয়শংকৰ চৰকাৰী কাৰ্যসূচীৰে আজি শ্ৰীলংকাত উপস্থিত হৈছে। শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি অনুৰা কুমাৰা দিছানায়াকে বিগত সপ্তাহত কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত ভাৰত আৰু শ্ৰীলংকাৰ মাজত দ্বিপাক্ষিক সম্পর্ক সুদৃঢ় কৰাৰ বাবে এয়া হ'ব প্ৰথম উচ্চ পৰ্যায়ৰ ভ্ৰমণ। ড০ জয়শংকৰে শ্ৰীলংকাৰ ৰাষ্ট্ৰীপতিগৰাকীৰ লগতে প্রধানমন্ত্ৰী ড০ হাৰিনি আমাৰাছুৰীয়াক সাক্ষাৎ কৰিব। তেওঁ লগতে শ্ৰীলংকাৰ বিদেশ মন্ত্ৰীগৰাকীকো সাক্ষাৎ কৰাৰ কথা। মন্ত্ৰীগৰাকীৰ এই ভ্রমণে ভাৰতৰ চুবুৰীয়া প্ৰথম নীতিক প্রতিফলিত কৰি দ্বীপ ৰাষ্ট্ৰখনক সহায়...

September 12, 2024 1:47 PM

views 55

দুদিনীয়া ভ্রমণসূচীৰে বিদেশ মন্ত্রী ড° এছ জয়শংকৰ ছুইজাৰলেণ্ডত উপস্থিত হ’ব

বিদেশ মন্ত্রী ড° এছ জয়শংকৰ আজি দুদিনীয়া ভ্রমণসূচীৰে ছুইজাৰলেণ্ডত উপস্থিত হ'ব। মন্ত্ৰীগৰাকীৰ ছৌদি আৰব, জার্মানী আৰু ছুইজাৰলেণ্ড ভ্ৰমণৰ এয়া তৃতীয় তথা অন্তিম পর্যায়। জেনেভাত বিদেশ মন্ত্ৰীগৰাকীয়ে ভাৰতৰ সৈতে সক্রিয়ভাৱে জড়িত আন্তঃৰাষ্ট্ৰীয় সংস্থাসমূহৰ মুৰব্বী আৰু প্রতিনিধিসকলক সাক্ষাৎ কৰিব। জেনেভাত ৰাষ্ট্ৰসংঘৰ বিভিন্ন সংস্থা আৰু আন্তঃৰাষ্ট্ৰীয় সংগঠনৰ কাৰ্যালয় আছে। তেওঁ ছুইজাৰলেণ্ডৰ বিদেশ মন্ত্রীকো সাক্ষাৎ কৰিব আৰু উভয় দেশৰ ঘনিষ্ঠ সহযোগিতাৰ পর্যালোচনা কৰিব। দুয়োগৰাকী মন্ত্ৰীয়ে দ্বিপাক্ষিক...

September 8, 2024 11:13 AM

views 69

ভাৰত-উপ সাগৰীয় সহযোগিতা পৰিষদৰ বিদেশমন্ত্ৰীসকলৰ প্ৰথমখন বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে  চৌদি আৰৱলৈ বিদেশ মন্ত্রী এছ জয়শংকৰ

বিদেশ মন্ত্রী এছ জয়শংকৰ ভাৰত-উপ সাগৰীয় সহযোগিতা পৰিষদৰ বিদেশমন্ত্ৰীসকলৰ প্ৰথমখন বৈঠকত ভাগ লোৱাৰ উদ্দেশ্যে আজি চৌদি আৰৱৰ ৰিয়াধলৈ ৰাওনা হ'ব। এই দুদিনীয়া ভ্ৰমণকালত তেওঁ উপসাগৰীয় সহযোগিতা পৰিষদৰ সদস্য ৰাষ্ট্ৰসমূহৰ বিদেশমন্ত্ৰীসকলৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হোৱাৰো সম্ভাৱনা আছে। উপসাগৰীয় সহযোগিতা পৰিষদে সামৰি লোৱা অঞ্চলটো ভাৰতৰ প্ৰধান ব্যৱসায়িক অংশীদাৰ হোৱাৰ লগতে এটা অঞ্চলটোত প্রায় ৮৯ লাখ ভাৰতীয়ই বাস কৰে। বিদেশ মন্ত্ৰীৰ বৈঠক হৈছে ভাৰত আৰু উপসাগৰীয় সহযোগিতা পৰিষদৰ মাজত বিভিন্ন ক্ষেত্ৰত আনু...

April 6, 2024 7:42 PM

views 82

লাওছৰ পৰা ১৭ গৰাকী ভাৰতীয়ক নিৰাপদে স্বদেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে : বিদেশ মন্ত্ৰী

বিদেশ মন্ত্ৰী ড° এছ শংকৰে কৈছে যে, লাওছৰ পৰা ১৭ গৰাকী ভাৰতীয়ক নিৰাপদে স্বদেশলৈ ঘূৰাই অনাৰ ব্যৱস্থা কৰা হৈছে। ড° জয়শংকৰে আজি সামাজিক মাধ্যম যোগে লোক কেইজনক নিৰাপদে স্বদেশলৈ ঘূৰাই অনাৰ ক্ষেত্ৰত আগবঢ়োৱা সহযোগিতাৰ বাবে লাওছত থকা ভাৰতীয় দূতাবাসৰ বিষয়াসকলক ধন্যবাদ জ্ঞাপন কৰে। লোককেইজন প্রলোভনৰ বলি হৈ লাওছত আবদ্ধ হৈ আছিল।