ভাৰতৰ বিৰুদ্ধে অনুষ্ঠিত তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাত শ্ৰীলংকা ২-০ৰ ব্যৱধানত জয়ী হৈছে। কালি কলম্বোেত অনুষ্ঠিত শৃংখলাৰ অন্তিমখন খেলত শ্রীলংকা ১১০ ৰানত জয় হয়। প্ৰথমে বেটিং কৰা শ্ৰীলংকাই আৱিস্কা ফার্নাণ্ডোৰ ৯৬ আৰু কুশল মেণ্ডিছৰ ৫৯ ৰানৰ সহায়ত নিৰ্ধাৰিত অভাৰত ৭টা উইকেট হেৰুৱাই ২৪৮ ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতে ২৬ অভাৰ আৰু এটা বলত কেউটা উইকেট হেৰুৱাই মাত্র ১৩৮ ৰানহে কবিলৈ সক্ষম হয়। আৱিস্কা ফার্নাণ্ডোলৈ প্লেয়াৰ অৱ দা মেচ আৰু দুনীথ ৱেলালাগেলৈ শৃংখলাৰ শ্ৰেষ্ঠ খেলুৱৈৰ বঁটা আগবঢ়োৱা হয়। শৃংখলাৰ প্ৰথমখন খেল টাই হোৱাৰ বিপৰীতে দ্বিতীয়খনত শ্ৰীলংকা ৩২ ৰানত জয়ী হৈছিল ৷
উল্লেখ্য যে কালিৰ খেলখনতেই অসম সন্তান ৰিয়ান পৰাগৰ আন্তৰ্জাতিক এদিনীয়া ক্ৰিকেটত অভিষেক ঘটে। খেলখনত ৰিয়ানে ৩টা উইকেট দখল কৰাৰ লগতে ১৫ ৰান কৰিবলৈ সক্ষম হয়।
Assamese | August 8, 2024 12:05 PM | Cricket | Ind vs Srilanka | SPORTS
ভাৰতৰ বিৰুদ্ধে তিনিখনীয়া এদিনীয়া ক্রিকেট শৃংখলাত শ্ৰীলংকা ২-০ৰ ব্যৱধানত জয়ী