May 20, 2025 12:37 PM

views 29

আকাশবাণীত অপাৰেচন সিন্দুৰৰ সফলতা আৰু দেশৰ সৈনিকসকলৰ বীৰগাঁথা শৃংখলতা আজি উদ্ধৱ দাসৰ বীৰগাঁথা

অপাৰেচন সিন্দুৰ আৰু ইয়াৰ পৰৱৰ্তী দিনকেইটাত সেনা বাহিনীয়ে লাভ কৰা সফলতাৰ পটভূমিত দেশৰ হকে অপৰিসীম সাহসেৰে যুঁজ দিয়া ৰাজ্যখনৰ প্ৰাক্তন সৈনিক, তেওঁলোকৰ পৰিয়াল আৰু সমাজৰ নেতৃস্থানীয় লোকৰ মতামত প্ৰচাৰৰ শৃংখলাত আজি আমি জানিব পাৰিম ১৯৯৯ চনৰ কাৰ্গিল যুদ্ধত অসমৰ প্ৰথমগৰাকী ছহিদ উদ্ধৱ দাসৰ বীৰগাঁথা। বাক্সা জিলাৰ অঞ্চলি গাঁৱৰ নিবাসী ১৯৯৯ চনৰ ২৪ জুনত ভাৰতৰ হৈ কাৰ্গিল ৰণাংগনত প্ৰাণাহুতি দিয়া সেনা বাহিনীৰ ১৯৯৭ ফিল্ড ৰেজিমেণ্টৰ জোৱান ৰাষ্ট্ৰীয় বীৰ ছহিদ উদ্ভৱ দাসৰ মাতৃ থগেশ্বৰী দাস আৰু একমাত্র ভগ্নী জয়ন...

May 19, 2025 9:23 PM

views 51

বেলুচিস্তানৰ কিল্লা আব্দুল্লা জিলাৰ জব্বৰ মাৰ্কেটৰ কাষৰীয়া এলেকাত সংঘটিত বিস্ফোৰণত ৪ জন লোক নিহত, ২০ জন লোক আহত

পাকিস্তানৰ বেলুচিস্তানৰ কিল্লা আব্দুল্লা জিলাৰ জব্বৰ মাৰ্কেটৰ কাষৰীয়া এলেকাত সংঘটিত এটা বিস্ফোৰণত ৪ জন লোক নিহত হোৱাৰ লগতে আন ২০ জন লোক আহত হয়। সংবাদ মাধ্যমৰ মতে কালি সংঘটিত ৮ গৰাকীকৈ লোক গুৰুতৰভাৱে আহত হৈছে। এই বিস্ফোৰণৰ ফলত এটা ভৱন বেয়াকৈ ক্ষতিগ্ৰস্ত হোৱাৰ লগতে কেইবাখনো দোকান ভাগি পৰাৰ লগতে অগ্নিকাণ্ডও সংঘটিত হয়। এই বিস্ফোৰণৰ পাছতেই অচিনাক্ত আক্ৰমণকাৰী আৰু সুৰক্ষা কৰ্মীৰ মাজত কিছুসময়ৰ বাবে গুলীয়াগুলিও সংঘটিত হয়। নিষিদ্ধ সন্ত্ৰাসবাদী সংগঠন তেহৰিক ই তালিবান পাকিস্তান চমুকৈ টিটিপিয়ে ঘটনাট...

May 19, 2025 9:12 PM

views 59

Government e Marketplace চমুকৈ GeM য়ে উপান্ত শ্ৰেণীৰ লোকসকলৰ বাবে নতুন দিগন্তৰ সূচনা কৰাৰ লগতে সঞ্চয়ো নিশ্চিত কৰিছে

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেন্দ্রীয় মন্ত্রী পিয়ুষ গোৱেলে লিখা এটা নিবন্ধ সামাজিক মাধ্যমত সকলোৱে পঢ়িব পৰাকৈ প্ৰচাৰ কৰিছে। তেওঁ কয়, যে Government e Marketplace চমুকৈ GeM, য়ে উপান্ত শ্ৰেণীৰ লোকসকলৰ বাবে নতুন দিগন্তৰ সূচনা কৰাৰ লগতে সঞ্চয়ো নিশ্চিত কৰিছে। উল্লেখযোগ্য যে কেন্দ্রীয় বাণিজ্য আৰু উদ্যোগ দপ্তৰৰ মন্ত্ৰী পীয়ুষ গোৱেলে নিৱন্ধটোত কৈছে, যে ৰাজহুৱা বেপাৰ-বাণিজ্যৰ ডিজিটেল মঞ্চ Government e Marketplace চমুকৈ GeM, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিকশিত ভাৰত ২০৪৭ অভিযানৰ লক্ষ্যৰ পথত গুৰুত্ব...

May 19, 2025 8:45 PM

views 70

আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ

সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক দুলীয়াজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। যোৱানিশা দুলীয়াজানৰ এটা তেলডিপোত দুটা ফৈদৰ মাজত হোৱা হতাহতিৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। তেল ডিপোটোৰ কৰ্মচাৰীক শাৰীৰিক প্ৰহাৰ কৰা বুলি প্ৰতিষ্ঠানটোৰ একাংশ কৰ্মচাৰীয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত তেওঁক আটক কৰা হৈছিল। দুলীয়াজান আৰক্ষীয়ে আজি ভাৰতীয় ন্যায় সংহিতাৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত ৰুজু হোৱা গোচৰৰ ভিত্তিত প্রাক্তন ছাত্ৰ নেতাজনক গ্ৰেপ্তাৰ কৰে।

May 19, 2025 7:49 PM

views 77

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ সম্প্ৰদায়ক জল পৰিবহণ খণ্ডৰ কৌশল আহৰণ কৰিবলৈ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান

কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ যুৱ সম্প্ৰদায়ক জল পৰিবহণ খণ্ডৰ কৌশল আহৰণ কৰিবলৈ আহ্বান জনাইছে। আজি গুৱাহাটীত বন্দৰ আৰু নদী পৰিবহণ খণ্ডৰ কাম-কাজৰ এখন পর্যালোচনা সভাত অংশগ্ৰহণ কৰি শ্ৰী সোণোৱালে কয়, যে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ পাৰতে এটা লাইট হাউছ নিৰ্মাণ কৰা হ'ব আৰু উত্তৰ-পূৰ্বাঞ্চলৰ ছাত্ৰ-ছাত্ৰীক নৌ পৰিবহণ আৰু নৌ ব্যৱসায়ৰ ক্ষেত্ৰত সহায়ক হোৱাকৈ চৰকাৰে প্ৰয়োজনীয় সকলো ব্যৱস্থা গ্ৰহণ কৰিব।

May 6, 2025 7:38 AM

views 77

ভাৰত আৰু পাকিস্তানৰ মাজৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ৰুদ্ধদ্বাৰ বৈঠক

● ভাৰত আৰু পাকিস্তানৰ মাজৰ সাম্প্ৰতিক পৰিস্থিতি সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদে ৰুদ্ধদ্বাৰ বৈঠক আৰম্ভ কৰিছে। ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ ১৫ খন সদস্য ৰাষ্ট্ৰৰ অস্থায়ী সদস্য পাকিস্তানে এই বৈঠকৰ বাবে অনুৰোধ জনাইছিল। চলিত মাহৰ বাবে পৰিষদৰ অধ্যক্ষতাৰ দায়িত্ব বহন কৰি থকা গ্ৰীচে পৰিষদৰ কক্ষৰ কাষতে পৰামৰ্শৰ বাবে থকা এটা কোঠাত এই বৈঠকৰ তদাৰক কৰে। বৈঠকত মধ্য প্রাচ্য, এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় অঞ্চলৰ ৰাজনৈতিক শান্তি পৰিক্ৰমা আৰু শান্তি অভিযান বিভাগৰ সহকাৰী সচিবপ্রধান খালেদ মহম্মদ খিয়াৰিয়ে গ...

May 5, 2025 8:59 PM

views 29

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীক’

আকাশবাণীৰ বাতৰি সেৱা বিভাগৰ দ্বিভাষিক ফোন ইন অনুষ্ঠান ‘পাব্লিক স্পীকত’ আজি নিশা ৯.৩০ বজাত গ্ৰীষ্মৰ দিনত সুৰক্ষিতভাৱে থকা সন্দৰ্ভত ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ বিজ্ঞানী ড° আৰ কে জেনামানি আৰু লেডী হার্ডিঞ্জ চিকিৎ‍সা মহাবিদ্যালয়ৰ মেডিচিন বিভাগৰ অধ্যাপক ড° অনুপম প্রকাশৰ সৈতে বিশেষ আলোচনা প্ৰচাৰ কৰা হ'ব। আগ্রহী শ্রোতাসকলে অনুষ্ঠান চলি থকাৰ সময়ত গ্ৰীষ্মজনিত ৰোগৰ সমস্যা আৰু ইয়াৰ চিকিৎসা সম্বন্ধে ০১১-২৩৪২ ১০৫০ আৰু ০১১ ২৩৩১ ৪৪৪৪ নম্বৰত ফোন কৰি সমল ব্যক্তি দুগৰাকীক প্ৰশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে ৱাটছএপ য...

May 5, 2025 8:41 PM

views 62

এছিয়ান ডেভেলপমেণ্ট বেংকৰ সভাপতি মাছাতো কান্দাক সাক্ষাৎ বিত্তমন্ত্রী সীতাৰমণৰ

আজি কেন্দ্রীয় বিত্তমন্ত্রী নির্মলা সীতাৰমণে ইটালীৰ মিলানত অনুষ্ঠিত ৫৮ সংখ্যক এ দি বিৰ বাৰ্ষিক বৈঠকৰ সময়ত এছিয়ান ডেভেলপমেণ্ট বেংকৰ সভাপতি মাছাতো কান্দাক সাক্ষাৎ কৰে। বৈঠকৰ সময়ত বিত্তমন্ত্ৰীগৰাকীয়ে কয়, যে ভাৰতে ব্যক্তিগত খণ্ডৰ নেতৃত্বত অর্থনৈতিক বিকাশৰ ওপৰত গুৰুত্ব আৰোপ কৰে। ইয়াৰ বাবে ভাৰতে বিভিন্ন পদক্ষেপেৰে ধাৰাবাহিকভাৱে অনুকুল নীতি আৰু নিয়ন্ত্ৰণ পৰিবেশ তন্ত্ৰ সৃষ্টি কৰি ৰাখিছে। মন্ত্ৰীগৰাকীয়ে আৰু কয় যে ভাৰতে এ দি বি নতুন আৰু উদ্ভাৱনীমূলক বিত্তীয় সামগ্ৰী আৰম্ভ কৰাৰ সুযোগ প্ৰদান কৰে। প...

April 26, 2025 9:31 PM

views 47

আইজলৰ মুৱালপুইৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামৰ পৰা প্ৰথম আইজল আন্তঃৰাষ্ট্ৰীয় হাফ মাৰাথন আৰম্ভ

আইজলৰ মুৱালপুইৰ ৰাজীৱ গান্ধী ষ্টেডিয়ামৰ পৰা আজি পুৱাৰ ভাগত প্ৰথম আইজল আন্তঃৰাষ্ট্ৰীয় হাফ মাৰাথন আৰম্ভ হয়। এই কাৰ্যসূচীত ২,৫০০ তকৈও অধিক লোকে অংশগ্ৰহণ কৰে। প্ৰতিযোগিতাৰ বিভিন্ন শিতানত মুঠ ১০ লাখ টকাৰ পুৰস্কাৰ আগবঢ়োৱা হয়। অনুষ্ঠানত ভাষণ দি ৰাজ্যপাল অৱসৰপ্ৰাপ্ত জেনেৰেল বিজয় কুমাৰ সিঙে ভৱিষ্যতত ব্যাপক পৰিষৰত এই প্রতিযোগিতা আয়োজনৰ আশা প্ৰকাশ কৰে। ক্রীড়া আৰু যুৱ সেৱা মন্ত্ৰী পু লালংঘিংলোভা মাৰে পৰৱৰ্তী আইজল আন্তঃৰাষ্ট্ৰীয় হাফ মাৰাথন অহা বছৰৰ ১৪ ফেব্ৰুৱাৰীত আয়োজিত হ’ব বুলি ঘোষণা কৰে।

April 26, 2025 9:28 PM

views 53

সমগ্ৰ দেশৰ বিদ্যুৎ চাহিদা পূৰণ কৰিবলৈ শক্তি মন্ত্ৰ্যালয় প্রতিশ্রুতিবদ্ধ

সমগ্ৰ দেশৰ বিদ্যুৎ চাহিদা পূৰণ কৰিবলৈ শক্তি মন্ত্ৰ্যালয় প্রতিশ্রুতিবদ্ধ বুলি কেন্দ্ৰীয় শক্তি মন্ত্ৰী মনোহৰ লালে আশ্বাস দিছে। ছিকিমৰ গেংটকত আজি উত্তৰ-পূৰ্বাঞ্চলৰ শক্তি মন্ত্ৰীসকলৰ আঞ্চলিক সন্মিলনত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে কয়, যে বিদ্যুৎ উৎপাদন বৃদ্ধি পালে কর্মসংস্থাপনৰ নতুন নতুন সুযোগ সৃষ্টি হ'ব। তেওঁ কয়, যে উত্তৰাখণ্ড-হিমাচলপ্রদেশ আৰু জম্মু-কাশ্মীৰকে ধৰি উত্তৰ-পূৰ্বাঞ্চলৰ পাৰ্বত্য ৰাজ্যসমূহক আন্তঃগাথনিৰ উন্নয়নৰ বাবে সমতল এলেকাৰ তুলনাত অধিক ধন দিয়া হৈছে। মন্ত্ৰীগৰাকীয়ে কয়, যে চিকিম আৰ...