May 26, 2025 8:51 PM

views 61

সমগ্র দেশ আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈছেঃ জগদীপ ধনখড়

উপ ৰাষ্ট্ৰপতি জগদীপ ধনখড়ে কৈছে যে সমগ্র দেশ আজি সন্ত্ৰাসবাদৰ বিৰুদ্ধে একত্ৰিত হৈছে। সমগ্র দেশে আজি আমাৰ সশস্ত্র বাহিনীৰ বীৰত্বক লৈ গৌৰৱ অনুভৱ কৰিছে। মধ্য প্ৰদেশৰ নৰসিংপুৰত ৩ দিনীয়াকৈ অনুষ্ঠিত কৃষি উদ্যোগ সন্মিলনৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি উপৰাষ্ট্ৰপতিগৰাকীয়ে এই মন্তব্য কৰে। তেওঁ কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অপাৰেশ্বন সিন্দূৰৰ জৰিয়তে সন্ত্রাসবাদীক দিয়া শিক্ষাই সমগ্র দেশবাসীক আশ্বস্ত কৰিছে। সমগ্ৰ বিশ্বকে নৰেন্দ্ৰ মোদীয়ে প্ৰত্যক্ষভাৱে এটা স্পষ্ট বার্তা দিলে বুলিও উপৰাষ্...

May 26, 2025 8:06 PM

views 58

অসম আৰক্ষীৰ সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযান অব্যাহত

অসম আৰক্ষীয়ে সন্দেহজনক নাগৰিকৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে। অভিযানৰ অংশ হিচাপে গোলাঘাট জিলাত ৭০জনতকৈও অধিক সন্দেহজনক লোকক আটক কৰি আৰক্ষী অধীক্ষকৰ কাৰ্যালয়লৈ অনা হৈছে। ইয়াৰ ৪০গৰাকী লোকক নিশা আৰক্ষী অধীক্ষক কাৰ্যালয়ৰ পৰা অন্য স্থানলৈ নিয়াৰ তথ্য লাভ কৰা হৈছে। গোলাঘাট আৰক্ষীয়ে মেৰাপানী, নুমলীগড়, সৰুপথাৰ, উৰিয়ামঘাট, শালমৰাটুপ আদি বিভিন্ন অঞ্চলৰ পৰা সন্দেহজনক লোকক আটক কৰে।

May 26, 2025 7:43 PM

views 65

গৌৰৱ গগৈক অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে নিযুক্তি

অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নতুন সভাপতি হিচাপে গৌৰৱ গগৈক নিযুক্তি দিয়া হৈছে। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে আজি সাংসদ গৌৰৱ গগৈক সভাপতিৰ নতুন দায়িত্ব অর্পণ কৰিছে। আনহাতে, জাকিৰ হুছেইন শিকদাৰ, ৰজলীনা তিৰ্কি আৰু প্ৰদীপ সৰকাৰক কমিটীৰ কাৰ্যকৰী সভাপতি হিচাপে নিযুক্তি দিয়া হৈছে। সৰ্বভাৰতীয় কংগ্ৰেছ কমিটীয়ে বিদায়ী সভাপতি ভূপেন কুমাৰ বৰাই আগবঢ়োৱা অৱদানক প্ৰশংসা কৰে।

May 23, 2025 12:15 PM

views 54

মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ গোচৰসমূহৰ বিচাৰৰ বাবে এখন বিশেষ এন আই এ আদালত গঠন কেন্দ্ৰৰ

■ কেন্দ্ৰীয় চৰকাৰে মণিপুৰৰ নৃগোষ্ঠীয় হিংসাৰ সৈতে জড়িত গোচৰসমূহৰ বিচাৰৰ বাবে এখন বিশেষ এন আই এ আদালত গঠন কৰিছে। কেন্দ্ৰীয় গৃহ মন্ত্ৰালয়ে মণিপুৰ উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ পৰামৰ্শ অনুসৰি চুৰাচান্দপুৰ জিলাৰ এখন ছেছন আদালতক ৰাষ্ট্ৰীয় তদন্ত সংস্থা এন আই এয়ে তদন্ত কৰা গোচৰসমূহৰ বিচাৰৰ বাবে বিশেষ আদালত হিচাপে অভিহিত কৰিছে। গৃহ মন্ত্ৰালয়ে এই সন্দৰ্ভত জাৰি কৰা অধিসূচনা অনুসৰি সমগ্ৰ মণিপুৰ এই আদালতৰ আওতাৰ ভিতৰত পৰিব। এন আই এয়ে ৰাজ্যখনত ২০২৩ চনৰ ৩ মে'ত সূত্ৰপাত হোৱা নৃগোষ্ঠীয় সংঘৰ্ষৰ সৈতে...

May 22, 2025 3:40 PM

views 53

মণিপুৰত নাগৰিক সমাজৰ উমৈহতীয়া সংগঠনে আহ্বান জনোৱা ধৰ্মঘটৰ ফলত উপত্যকাৰ জিলাসমূহৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত

মণিপুৰত নাগৰিক সমাজৰ উমৈহতীয়া সংগঠনে আহ্বান জনোৱা ধৰ্মঘটৰ ফলত উপত্যকাৰ জিলাসমূহৰ স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত হৈছে। উখৰুলত চলি থকা শ্বিৰই লিলি উৎসৱত ভাগ ল'বলৈ যোৱা ৰাজ্যিক জনসংযোগ বিভাগৰ এখন বাছৰ যাত্ৰীসকলৰ প্ৰতি সেনা বাহিনীৰ লোকে অৱজ্ঞাসূচক আচৰণ কৰাৰ প্ৰতিবাদত এই ৪৮ ঘণ্টীয়া ধৰ্মঘটৰ আহ্বান দিয়া হৈছে। আমাৰ ইম্ফলৰ সংবাদদাতাই জনোৱা মতে ২০ গৰাকী সংবাদকর্মী আৰু মণিপুৰ চৰকাৰৰ জনসংযোগ বিষয়াৰ এটা দল মণিপুৰ ৰাজ্যিক পৰিবহণ নিগমৰ এখন বাছেৰে উখৰুললৈ গৈ থকা অৱস্থাত ইম্ফল পূব জিলাৰ গোৱালতাবিত থকা তালাচী চক...

May 22, 2025 3:36 PM

views 14

দিল্লীত বুধবাৰে সন্ধিয়া প্ৰবল ধুমুহাৰ ফলত দুজন লোকৰ মৃত্যু

দিল্লীত কালি সন্ধিয়া হোৱা এজাক প্ৰবল ধুমুহাৰ ফলত দুজন লোকে প্ৰাণ হেৰুৱায়। দিল্লীৰ অগ্নি নির্বাপক বিভাগৰ তৰফৰ পৰা প্ৰকাশ কৰা মতে ৰাষ্ট্ৰীয় ৰাজধানী অঞ্চলত ধুমুহাৰ ফলত ঘৰ ভাগি পৰাৰ লগতে গছ আৰু বৈদ্যুতিক খুটা উভালি পৰা ঘটনা সন্দৰ্ভত বিভাগটোৰ কাৰ্যালয়লৈ প্ৰায় ৬০ গৰাকী লোকে ফোন কৰিছে। প্ৰচণ্ড বতাহৰ ফলত ভালেমান যান-বাহন ক্ষতিগ্ৰস্ত হোৱাৰ লগতে যান-বাহন, মেট্ৰ' ৰে'ল আৰু বিমানৰ যাতায়াতো ব্যাহত হয়।

May 22, 2025 3:27 PM

views 53

জম্মু আৰু কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ ছিংপোৰা চাক্ৰ এলেকাৰ বনাঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ ঘটনা

জম্মু আৰু কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ ছিংপোৰা চাক্ৰ এলেকাৰ বনাঞ্চলত আজি পুৱা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ এটা ঘটনা সংঘটিত হয়। আকাশবাণীৰ জন্মুৰ সংবাদদাতাই জানিবলৈ দিয়া মতে নির্দিষ্ট খবৰৰ ভিত্তিত আৰক্ষী আৰু সেনাৰ এটা যুটীয়া অভিযানকাৰী দলে অঞ্চলটোত তালাচী অভিযান চলাই থকাৰ সময়তে সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি হয়। এই অভিযানৰ সময়ছোৱাত দুই-তিনিজন সন্ত্রাসবাদী অৰণ্যৰ মাজত আৱদ্ধ হৈ পৰা বুলি নিৰাপত্তাবাহিনীৰ সূত্ৰৰ উদ্ধৃতিৰে সংবাদদাতাগৰাকীয়ে জানিবলৈ দিছে। বাতৰি যুগুতোৱাৰ পৰলৈ উভয় পক...

May 21, 2025 9:21 PM

views 51

প্ৰকৃতি সংৰক্ষণ আৰু নাৰী সৱলীকৰণৰ এক যুগান্তকাৰী সমন্বয়েৰে শিলচৰ চহৰত আজিৰে পৰা WOMEN FOR TREES শীৰ্ষক সেউজ অভিযান আৰম্ভ

প্ৰকৃতি সংৰক্ষণ আৰু নাৰী সৱলীকৰণৰ এক যুগান্তকাৰী সমন্বয়েৰে শিলচৰ চহৰত আজিৰ পৰা WOMEN FOR TREES শীৰ্ষক এক অভিনৱ সেউজ অভিযান আৰম্ভ হৈছে। কেন্দ্ৰীয় গৃহ নির্মাণ আৰু নগৰ পৰিক্ৰমা মন্ত্ৰালয়ৰ পৰিকল্পনাৰ অধীনত, অটল মিছন ফৰ ৰিজুভেনেশ্বন এণ্ড আৰবান ট্রান্সফর্মেশন আৰু ৰাষ্ট্ৰীয় নগৰীয়া জীৱিকা অভিযানৰ যৌথ প্ৰচেষ্টাত শিলচৰ চহৰত এই কাৰ্যসূচী অনুষ্ঠিত হয়। কাৰ্যসূচীৰ আৰম্ভণিতে নগৰীয় স্থানীয় সংস্থা আৰু আত্মসহায়ক গোটৰ সদস্যসকলে কাছাৰ মহাবিদ্যালয়ৰ কাষত গছপুলি ৰোপণৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰে। এই অঞ্চলৰ পৰাই...

May 21, 2025 9:20 PM

views 43

নুনমাটি থানাৰ পূৰ্বৰ সহকাৰী উপ-পৰিদৰ্শক প্রীতিশ গুপ্তাক আজি ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫ হাজাৰ টকাৰ জৰিমনা

বিশেষ ন্যায়াধীশৰ আদালতে উৎকোচ লোৱাৰ গোচৰত নুনমাটি থানাৰ পূৰ্বৰ সহকাৰী উপ-পৰিদৰ্শক প্রীতিশ গুপ্তাক আজি ৪ বছৰৰ সশ্ৰম কাৰাদণ্ড আৰু ৫ হাজাৰ টকাৰ জৰিমনা বিহিছে। ২০১৬ চনৰ ২১ অক্টোবৰত এজন লোকৰ পৰা ৫ হাজাৰ টকা উৎকোচ লোৱা অৱস্থাত দুর্নীতি নিবাৰক আৰু তদাৰকী শাখাই সহকাৰী উপ-পৰিদৰ্শক প্রীতিশ গুপ্তাক হাতে-লোটে গ্ৰেপ্তাৰ কৰিছিল। এই সন্দৰ্ভত ৰুজু হোৱা গোচৰৰ আজি বিশেষ ন্যায়াধীশৰ আদালতে গুপ্তাক দোষী সাব্যস্ত কৰে।

May 20, 2025 8:26 PM

views 46

পশ্চিম কাৰ্বি আংলঙৰ বৈঠালাংছ’-হামৰেণ সংযোগী পথৰ সোঁমাজত গছ বাগৰি পৰাৰ ফলত পথ যোগাযোগ ব্যাহত

যোৱা মাজনিশাৰে পৰা হোৱা প্ৰবল বৰষুণৰ ফলত পশ্চিম কাৰ্বি আংলঙৰ ডেৰাগাঁৱৰ সমীপৰ বৈঠালাংছ'- হামৰেণ সংযোগী পথৰ সোঁমাজত গছ বাগৰি পৰাৰ ফলত পথ যোগাযোগ ব্যাহত হয়।