জম্মু আৰু কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ ছিংপোৰা চাক্ৰ এলেকাৰ বনাঞ্চলত আজি পুৱা নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ এটা ঘটনা সংঘটিত হয়। আকাশবাণীৰ জন্মুৰ সংবাদদাতাই জানিবলৈ দিয়া মতে নির্দিষ্ট খবৰৰ ভিত্তিত আৰক্ষী আৰু সেনাৰ এটা যুটীয়া অভিযানকাৰী দলে অঞ্চলটোত তালাচী অভিযান চলাই থকাৰ সময়তে সন্ত্ৰাসবাদীৰ সৈতে মুখামুখি হয়। এই অভিযানৰ সময়ছোৱাত দুই-তিনিজন সন্ত্রাসবাদী অৰণ্যৰ মাজত আৱদ্ধ হৈ পৰা বুলি নিৰাপত্তাবাহিনীৰ সূত্ৰৰ উদ্ধৃতিৰে সংবাদদাতাগৰাকীয়ে জানিবলৈ দিছে। বাতৰি যুগুতোৱাৰ পৰলৈ উভয় পক্ষৰ মাজত গুলীয়াগুলী অব্যাহত আছে।
Assamese | May 22, 2025 3:27 PM | Akashvani | Akashvani News | Jammu & Kashmir | Terror
জম্মু আৰু কাশ্মীৰৰ কিষ্টৱাৰ জিলাৰ ছিংপোৰা চাক্ৰ এলেকাৰ বনাঞ্চলত নিৰাপত্তাৰক্ষী আৰু সন্ত্ৰাসবাদীৰ মাজত গুলীয়াগুলীৰ ঘটনা