সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক দুলীয়াজান আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে। যোৱানিশা দুলীয়াজানৰ এটা তেলডিপোত দুটা ফৈদৰ মাজত হোৱা হতাহতিৰ ঘটনাক কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হৈছিল। তেল ডিপোটোৰ কৰ্মচাৰীক শাৰীৰিক প্ৰহাৰ কৰা বুলি প্ৰতিষ্ঠানটোৰ একাংশ কৰ্মচাৰীয়ে ৰুজু কৰা গোচৰৰ ভিত্তিত তেওঁক আটক কৰা হৈছিল। দুলীয়াজান আৰক্ষীয়ে আজি ভাৰতীয় ন্যায় সংহিতাৰ নিৰ্দিষ্ট ধাৰাৰ অধীনত ৰুজু হোৱা গোচৰৰ ভিত্তিত প্রাক্তন ছাত্ৰ নেতাজনক গ্ৰেপ্তাৰ কৰে।
Assamese | May 19, 2025 8:45 PM | AASU | Akashvani | Akashvani News | Duliajan
আছুৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ