October 10, 2025 3:26 PM

views 57

প্ৰধানমন্ত্ৰী ধন-ধান্য যোজনা আৰু মাহ জাতীয় শস্য অভিযানত আত্মনিৰ্ভৰশীলতাৰ দৰে পদক্ষেপ লোৱা হৈছে: শিৱৰাজ সিং চৌহান

● আত্মনিৰ্ভৰ ভাৰত নিৰ্মাণৰ লক্ষ্যৰে প্ৰধানমন্ত্ৰী ধন-ধান্য যোজনা আৰু মাহ জাতীয় শস্য অভিযানত আত্মনিৰ্ভৰশীলতাৰ দৰে পদক্ষেপ লোৱা হৈছে বুলি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানে প্রকাশ কৰিছে। উল্লেখযোগ্য যে, প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ নতুন দিল্লীৰ ভাৰতীয় কৃষি বিজ্ঞান প্ৰতিষ্ঠানৰ চৌহদৰ পৰা প্ৰধানমন্ত্ৰী ধন-ধান্য যোজনা আৰু মাহ জাতীয় শস্য অভিযানত আত্মনিৰ্ভৰশীলতা অভিযান মুকলি কৰিব। দূৰদৰ্শনৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত কেন্দ্ৰীয় কৃষি মন্ত্ৰীগৰাকীয়ে কয়, যে প্রধানমন্ত্ৰী ...

October 10, 2025 3:23 PM

views 59

পশ্চিম বংগৰ পৌৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত মন্ত্ৰী সুজিত বোসৰ মালিকানাধীন ১১টা স্থানত ইডিৰ তালাচী

■ বিধি বলবৎকাৰী সঞ্চালকালয় ই ডিয়ে পশ্চিম বংগৰ পৌৰ নিযুক্তি কেলেংকাৰি সন্দৰ্ভত ৰাজ্যখনৰ এগৰাকী মন্ত্ৰী সুজিত বোসৰ মালিকানাধীন গৃহকে ধৰি মুঠ ১১টা স্থানত তালাচী অভিযান চলাইছে। কেন্দ্রীয় অনুসন্ধানকাৰী ব্যুৰো চি বি আইৰ এখন এজাহাৰৰ ভিত্তিত ই ডিয়ে এই অভিযান চলায়। উল্লেখযোগ্য যে কেৱল বিদ্যালয়ৰ শিক্ষকৰ নিযুক্তিৰ ক্ষেত্ৰতেই নহয়, বৰঞ্চ পশ্চিম বংগৰ পৌৰ নিগমসমূহৰ কেইবাটাও পদত নিযুক্তিক কেন্দ্ৰ কৰি এই কেলেংকাৰি সংঘটিত হৈছিল বুলি উল্লেখ কৰি সঞ্চালকালয়ে দাখিল কৰা এজাহাৰত প্ৰকাশ পোৱাৰ পৰিপ্ৰেক্ষিতত কলকাত...

October 10, 2025 1:23 PM

views 76

দুদিনীয়াকৈ ডিব্ৰুগড়ত বিজেপিৰ বর্ধিত ৰাজ্যিক কার্য নির্বাহক সভা অনুষ্ঠিত

■ ডিব্ৰুগড়ৰ অসম আৰক্ষী চাউনীৰ সমীপৰ বহুমুখী উপযোগিতা ভৱনত কালিৰে পৰা দুদিনীয়াকৈ বিজেপিৰ বর্ধিত ৰাজ্যিক কার্য নির্বাহক সভা অনুষ্ঠিত হৈছে। সভাত কালি সমাগত সোণোৱাল কছাৰী স্বায়ত্ব শাসিত পৰিষদৰ নির্বাচন সন্দৰ্ভত আলোচনা কৰা হয়। সভাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা, বিজেপিৰ ৰাজ্যিক সভাপতি দিলীপ শ‍ইকীয়া, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল, কেন্দ্ৰীয় ৰাজ্য মন্ত্ৰী পৱিত্ৰ মাৰ্ঘেৰিটা, ৰাষ্ট্ৰীয় সম্পাদক কামাখ্যা প্ৰসাদ তাছা আৰু ৰাজ্যিক প্ৰভাৰী হৰিষ দ্বিবেদীয়ে দলৰ সাংগঠনিক আৰু ৰাজনৈতিক কাৰ্যসূচী...

October 10, 2025 1:42 PM

views 81

শ্যামকানু মহন্তৰ বিৰুদ্ধে আয়কৰ বিভাগৰ গোচৰ ৰুজু

■ জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত নাম সাঙুৰ খোৱাৰ পাছত এইবাৰ শ্যামকানু মহন্তৰ বিৰুদ্ধে বিত্তীয় অনিয়মৰ অভিযোগত বিধিবলৱৎকাৰী সঞ্চালকালয় আৰু আয়কৰ বিভাগে গোচৰ ৰুজু কৰিছে। ইয়াৰ পূৰ্বে চি আই ডিয়ে বিত্তীয় অনিয়মৰ অভিযোগত গোচৰ ৰুজু কৰি মহন্তৰ বিৰুদ্ধে তদন্ত চলাই আছে। উল্লেখযোগ্য যে, জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰত অভিযুক্ত শ্যামকানু মহন্তৰ বাসগৃহত চি আই ডিয়ে চলোৱা অভিযানত ২৮ টাকৈ চৰকাৰী-বেচৰকাৰী বিভাগ তথা বিষয়াৰ ছীল-মোহৰৰ লগতে বিত্তীয় জালিয়াতিৰ বহু নথিপত্ৰ উদ্ধাৰ কৰা হৈছিল। ইয়াৰ পৰিপ্ৰেক্ষিততে তেওঁ বৰ...

October 10, 2025 1:38 PM

views 66

ডিব্ৰুগড় বিধানসভা সমষ্টিৰ প্ৰায় ২০ হাজাৰ মহিলাক মুখ্যমন্ত্ৰীৰ চেক প্রদান

■ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ খনিকৰ খেলপথাৰত আয়োজিত এটা অনুষ্ঠানত আজি মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেকসমূহ প্ৰদান কৰিব। ডিব্ৰুগড় বিধানসভা সমষ্টিৰ প্ৰায় ২০ হাজাৰ মহিলাক এই চেক প্রদান কৰা হ'ব। মুখ্যমন্ত্ৰীয়ে নাৰী শক্তিক আত্মনিৰ্ভৰশীল কৰি তোলাৰ দিশত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযান এটা আৰম্ভণি বুলি প্ৰকাশ কৰিছে। তেওঁ কয়, যে আত্মসহায়ক গোটৰ সদস্যা সকলক লাখপতি বাইদেউলৈ উন্নীত কৰাৰ বাবে ৰাজ্য চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। ধেমাজি জিলাৰ চিমেন চাপৰিত কালি মুখ্যমন্ত্ৰী মহিলা উদ্যম...

October 8, 2025 9:26 PM

views 69

অন্ধ্ৰপ্ৰদেশৰ কোনাচিমা জিলাত হোৱা দুৰ্ঘটনাত কেইবাজনো লোকে প্ৰাণ হেৰুওৱা ঘটনাত প্ৰধানমন্ত্ৰীৰ গভীৰ শোক প্ৰকাশ

অন্ধ্ৰপ্ৰদেশৰ কোনাচিমা জিলাত হোৱা দুৰ্ঘটনাত কেইবাজনো লোকে প্ৰাণ হেৰুওৱা ঘটনাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে দুৰ্ঘটনাত আঘাতপ্রাপ্ত লোকসকলৰ আশু আৰোগ্য কামনা কৰে। এনে জটিল সময়ত তেওঁ ঘটনাত ক্ষতিগ্ৰস্ত লোক তথা তেওঁলোকৰ পৰিয়ালৰ সৈতে সহমর্মিতা প্রকাশ কৰে।

October 8, 2025 9:25 PM

views 82

বিহাৰৰ আসন্ন বিধানসভা নিৰ্বাচনত বয়োজ্যেষ্ঠ, দিব্যাংগ আৰু চাকৰিজীৱি ভোটদাতাসকলক পোষ্টেল বেলট ব্যৱহাৰৰ সুবিধা নির্বাচন আয়োগৰ

নির্বাচন আয়োগে বিহাৰৰ আসন্ন বিধানসভা নিৰ্বাচনত বয়োজ্যেষ্ঠ, দিব্যাংগ আৰু চাকৰিজীৱি ভোটদাতাসকলক পোষ্টেল বেলট ব্যৱহাৰৰ সুবিধা প্ৰদান কৰিব। আয়োগে ৮৫ বছৰ উৰ্ধৰ জ্যেষ্ঠ নাগৰিক আৰু দিব্যাংগ ভোটদাতাসকলে পোষ্টেল বেলটযোগে ভোটদান কৰিব পাৰিব বুলি অধিসূচনা জাৰি কৰিছে। আয়োগে এটা বিবৃতিযোগে কৈছে যে এনে ভোটদাতাসকলে নিৰ্বাচনৰ অধিসূচনা জাৰি হোৱা ৫ দিনৰ ভিতৰত বুথ পৰ্যায়ৰ বিষয়াৰ জৰিয়তে ৰিটার্ণিং বিষয়াৰ ওচৰত ১২-ঘ প্ৰপত্ৰ দাখিল কৰি এই সুবিধা গ্ৰহণ কৰিব পাৰিব। ইয়াৰ উপৰি নিৰ্বাচনৰ দিনা অত্যাৱশ্যকীয় সেৱাৰ দায়...

October 8, 2025 9:23 PM

views 27

ভাৰতক সামাজিক ক্ষেত্ৰৰ উল্লেখনীয় সাফল্য বঁটা ২০২৫ৰে সন্মান আন্তঃৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা সংস্থাৰ

আন্তঃৰাষ্ট্ৰীয় সামাজিক সুৰক্ষা সংস্থাই ভাৰতক সামাজিক ক্ষেত্ৰৰ উল্লেখনীয় সাফল্য বঁটা ২০২৫ৰে সন্মানিত কৰিছে। শ্ৰম আৰু নিয়োগ মন্ত্ৰী মনসুখ মণ্ডাভিয়াই আজি নতুন দিল্লীত এখন সংবাদ মেলত এই কথা প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত দেশৰ সামাজিক সুৰক্ষা সামৰি লোৱা লোকৰ সংখ্যা ৬৪ শতাংশলৈ বৃদ্ধি পাইছে। তেওঁ কয় যে দেশৰ সামাজিক সুৰক্ষা খণ্ডত ভাল প্ৰদৰ্শন কৰি আছে আৰু বিগত দশকত এই ক্ষেত্ৰত উল্লেখযোগ্য কাম হৈছে। মন্ত্ৰীগৰাকীয়ে লগতে ৰাজহুৱা দিহা-পৰামৰ্শৰ বাবে শ্রম শক্তি ২...

October 8, 2025 9:21 PM

views 50

ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তিক ইউৰোপীয় সংঘ ত্যাগৰ পিছত ব্ৰিটেইনে স্বাক্ষৰ কৰা সৰ্ববৃহৎ চুক্তি বুলি অভিহিত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰাৰ

প্ৰথমবাৰৰ বাবে দুদিনীয়া চৰকাৰী ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিৰ ষ্টাৰাৰে ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তিক ইউৰোপীয় সংঘ ত্যাগ কৰাৰ পিছত ব্ৰিটেইনে স্বাক্ষৰ কৰা সৰ্ববৃহৎ চুক্তি বুলি অভিহিত কৰিছে। ভ্ৰমণৰ আজি প্রথম দিনা মুম্বাইত উদ্যোগপতিসকলক উদ্দেশ্যি দিয়া ভাষণত ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰীগৰাকীয়ে ভাৰত আৰু ব্ৰিটেইনৰ মাজৰ বাণিজ্য অংশীদাৰিত্ব অত্যন্ত গুৰুত্বপূৰ্ণ বুলি মন্তব্য কৰে। তেওঁ কয় যে ব্ৰিটেইনে ভাৰতলৈ প্ৰেৰণ কৰা এয়া হৈছে সর্ববৃহৎ বাণিজ্য অভিযান। যোৱা বছৰ জুলাইত প্রধানমন্ত্ৰ...

October 8, 2025 8:43 PM

views 56

বঙাইগাওঁ শোধানাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত শ্রমিক সংগঠনৰ প্ৰতিবাদ সাব্যস্ত

বঙাইগাওঁ শোধনাগাৰ কৰ্তৃপক্ষৰ লগতে শোধানাগাৰৰ ঠিকাভিত্তিক প্ৰতিষ্ঠানৰ শ্রমিক বিৰোধী নীতিৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি চিৰাং জিলাৰ ঢালিগাঁৱৰ বঙাইগাওঁ শোধানাগাৰৰ মুখ্য প্ৰৱেশদ্বাৰত আজি শ্রমিক সংগঠনে প্ৰতিবাদ সাব্যস্ত কৰে। শোধানাগাৰৰ ভিতৰচ'ৰাত নিৰ্মাণকাৰ্যত জড়িত ঠিকাদাৰ গোষ্ঠীক অস্থায়ী শ্ৰমিকসকলক কামৰ পৰা অব্যাহতি দিয়া, শ্ৰমিকক প্রাপ্য মজুৰি আদায় নিদিয়া আদি অভিযোগ উত্থাপন কৰি কেইবাশতাধিক শ্রমিকে ৪ ঘণ্টীয়া অৱস্থান ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰে।