November 29, 2024 8:29 PM

views 66

কাৰ্বি আংলং জিলাত অহা ৩ৰ পৰা ৫ ডিচেম্বৰলৈ তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ

কাৰ্বি আংলং জিলাত অহা ৩ৰ পৰা ৫ ডিচেম্বৰলৈ তৃতীয় পৰ্যায়ৰ স্বাস্থ্য সেৱা উৎসৱ অনুষ্ঠিত হ'ব। জিলা স্বাস্থ্য সেৱা বিভাগৰ যুটীয়া সঞ্চালক বৰচিং ৰংপীয়ে এই বিষয়ে জানিবলৈ দিয়ে। জিলাখনত শিক্ষাৰ লগতে স্বাস্থ্য খণ্ডৰো গুণগত মান আৰু সেৱা উন্নত কৰা পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি তেওঁ সংবাদ মাধ্যমক অৱগত কৰে। জিলাখনৰ ৩৬ খন চিকিৎসালয়ক অন্তর্ভুক্ত কৰি এই সেৱা উৎসৱ অনুষ্ঠিত হ'ব। স্বাস্থ্য সেৱা উৎসৱৰ মূল্যায়ক হিচাপে ভাৰতীয় অসামৰিক সেৱা বিষয়াকে ধৰি ডিফুৰ চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসকসকল উপস্থিত থাকিব। ৩ দিনীয...

November 29, 2024 8:13 PM

views 60

গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত আজি নশ্বৰ দেহ কঢ়িওৱা ‘মুক্তিথ’ নামৰ এখন বিনামুলীয়া বাহন মুকলি

গুৱাহাটী পৌৰ নিগমৰ উদ্যোগত আজি নশ্বৰ দেহ কঢ়িওৱা মুক্তিথ নামৰ এখন বিনামুলীয়া বাহন মুকলি কৰা হয়। গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াই ফেডাৰেল বেংক পল্টন বজাৰ শাখাৰ সহযোগত মুকলি কৰা এই সেৱাৰ শুভাৰম্ভ কৰে। এই উপলক্ষে নেহৰু ষ্টেডিয়ামত আয়োজিত অনুষ্ঠানত দিয়া ভাষণত শ্ৰীশৰণীয়াই কয়, যে গুৱাহাটীৰ বাসিন্দাৰ বাবে বিনামুলীয়াকৈ আগবঢ়োৱা এই সেৱাই সৰ্বসাধাৰণ ৰাইজক বিশেষ সুবিধা আগবঢ়াব। অন্তেষ্টিক্ৰিয়াৰ খৰছ বহন কৰিব নোৱাৰা পৰিয়ালক সকাহ দিয়াৰ বাবে এই সেৱা মুকলি কৰা হৈছে বুলি তেওঁ কয়। এই মুক্তিৰথ বা...

November 29, 2024 6:26 PM

views 57

সদনৰ শীতকালীন অধিৱেশনত হুলস্থূলীয়া পৰিস্থিতিৰ বাবে একেৰাহে চতুর্থ দিনৰ কাৰ্যক্ৰমণিকা বাধাগ্ৰস্ত

সদনৰ শীতকালীন অধিৱেশন আজি হুলস্থূলীয়া পৰিস্থিতিৰ বাবে একেৰাহে চতুর্থ দিনৰ কাৰ্যক্ৰমণিকা বাধাগ্ৰস্ত হয়। ৰাজ্যসভা দিনটোৰ বাবে স্থগিত ৰখাৰ বিপৰীতে নিৰ্দিষ্ট ব্যৱসায়ী গোষ্ঠীৰ উপ-ঢৌকনকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত বিৰোধী সদস্যসকলে হুলস্থূলীয়া পৰিৱেশ সৃষ্টি কৰাৰ বাবে লোকসভাও দিনটোৰ বাবে স্থগিত ৰখা হয়। আজি পুৱাৰ ভাগত ৰাজ্যসভা মিলিত হোৱাৰ পাছত ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে নির্দিষ্ট ব্যৱসায়ী গোষ্ঠীৰ উপ-ঢৌকনকে ধৰি বিভিন্ন বিষয় সন্দৰ্ভত বিৰোধী সদস্যসকলৰ সদন স্থগিত প্ৰস্তাৱ অগ্ৰাহ্য কৰে। শ্রী ধনখড়ে ...

November 28, 2024 8:37 PM

views 56

ভাৰত আৰু কানাডাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ স্থিতিৰ বিষয়ে পৰস্পৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে

ভাৰত আৰু কানাডাই দেশ দুখনৰ মাজৰ দ্বিপাক্ষিক সম্পৰ্কৰ স্থিতিৰ বিষয়ে পৰস্পৰৰ সৈতে যোগাযোগ ৰক্ষা কৰি আছে। বিদেশ ৰাজ্য মন্ত্রী কীৰ্তি বৰ্ধন সিঙে আজি ৰাজ্যসভাত এটা লিখিত উত্তৰত এই কথা সদৰি কৰে। তেওঁ কয় যে, সুস্থিৰ দ্বিপাক্ষিক সম্পৰ্কৰ বাবে পৰস্পৰৰ উদ্বেগ, ভৌগলিক অখণ্ডতা আৰু সাৰ্বভৌমত্তৰ প্ৰতি সন্মান পূর্ব চৰ্ত স্বৰূপ। নতুন দিল্লী মহলে ভাৰত বিৰোধী শক্তিসমূহৰ বিৰুদ্ধে ফলপ্ৰসূ আৰু ক্ষীপ্ৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ অহৰহ কৈ আহিছে বুলি তেওঁ মন্তব্য কৰে।

November 28, 2024 8:10 PM

views 41

বিশিষ্ট সাংবাদিক বুলন কুমাৰ শ‍ইকীয়াৰ মৃত্যু

আজি পুৱতি নিশা নাহৰকটীয়াত পৰলোকপ্ৰাপ্তি ঘটা বিশিষ্ট সাংবাদিক বুলন কুমাৰ শ‍ইকীয়াৰ অন্ত্যেষ্টিক্রিয়া আজি দুপৰীয়াৰ ভাগত তেওঁৰ বাসভৱনৰ চৌহদত ভালেসংখ্যক গুণমুগ্ধৰ উপস্থিতিত সম্পন্ন কৰা হয়। শ‍ইকীয়াৰ শেষকৃত্যত নাহৰকটীয়াৰ প্ৰাক্তন পৌৰপতি জগদীশ ৰাজকোঁৱৰ, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য বিশ্বজিৎ সোণোৱাল আৰু নাহৰকটীয়া, দুলীয়াজান আৰু ডিব্ৰুগড়ৰ ভালেসংখ্যক সংবাদকর্মী উপস্থিত আছিল। আমাৰ আগৰ বাতৰিতে কোৱা হৈছে যে, আজি পুৱতি নিশা পৰলোকপ্ৰাপ্তি ঘটা নীতিনিষ্ঠ, আপোচহীন সাংবাদিকগৰাকীৰ মৃ...

November 16, 2024 7:30 PM

views 72

ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ অধীনৰ কোচবিহাৰ ট্ৰফীৰ অসম আৰু ঝাৰখণ্ডৰ মাজৰ খেলখনৰ অমীমাংসিতভাৱে সামৰণি

বৰপেটাত অনুষ্ঠিত ভাৰতীয় ক্রিকেট নিয়ন্ত্ৰণ পৰিষদৰ অধীনৰ কোচবিহাৰ ট্ৰফীৰ অসম আৰু ঝাৰখণ্ডৰ মাজৰ খেলখনৰ আজি অমীমাংসিতভাৱে সামৰণি পৰে। ইয়াৰ ফলত প্রথম ইনিংছত লাভ কৰা অগ্ৰগতিৰ ভিত্তিত ঝাৰখণ্ডে ৩ পইণ্ট অৰ্জন কৰাৰ বিপৰীতে অসমে এক পইণ্ট সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। উল্লেখযোগ্য যে অসম ক্রিকেট সন্থাৰ উদ্যোগত আৰু বৰপেটা জিলা ক্রীড়া সন্থাৰ সহযোগত জিলা ক্রীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত চাৰিদিনীয়া খেলখনত অসমে প্রথমে বেট ধৰি ২৭৬ ৰান সংগ্ৰহ কৰে। ইয়াৰ পাছত ঝাখণ্ডে প্রথম ইনিংছত ৩০৭ ৰান সংগ্ৰহ কৰিবলৈ সমৰ্থ হয়। দ্ব...

November 14, 2024 12:31 PM

views 72

১৬ নৱেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগৰ সাপ্তাহিক ‘দৃষ্টিপাত’ অনুষ্ঠানত অহা ১৬ নৱেম্বৰৰ নিশা ৮ বাজি ২ মিনিটত ৫৫ সংখ্যক ভাৰত আন্তর্জাতিক চলচ্চিত্ৰ মহোৎসৱ সন্দৰ্ভত আলোচনা কৰা হ'ব। অনুষ্ঠানত সমল ব্যক্তিৰূপে উপস্থিত থাকিব বিশিষ্ঠ চলচ্চিত্র সমালোচক নয়ন প্রসাদ আৰু বিতুপন বৰবৰা। অনুষ্ঠানৰ আঁত ধৰিব ৰাজীৱ লোচন বৰঠাকুৰে। শ্রোতাসকলে অনুষ্ঠানটি চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ আৰু ২৬৬২৩২৫ নম্বৰলৈ ফোন কৰি অনুষ্ঠানটিত পোনপটীয়াকৈ অংশ ল'ব পাৰিব। এই অনুষ্ঠান আমাৰ ইউটিউব চেনেল আৰু নিউজ অন এয়াৰ এপতো শুনিব পা...

November 14, 2024 9:29 AM

views 43

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষৰ সকলো কোচিং প্রতিষ্ঠানলৈ নীতি-নিৰ্দেশনা

কেন্দ্ৰীয় গ্ৰাহক সুৰক্ষা কৰ্তৃপক্ষই কেতবোৰ নীতি-নিৰ্দেশনা জাৰি কৰি কৈছে যে অভিভাৱক আৰু প্ৰশিক্ষাৰ্থীক বিপথে পৰিচালিত হোৱাৰ পৰা ৰক্ষা কৰিবলৈ সকলো কোচিং প্রতিষ্ঠানে নিজৰ ছাত্ৰ-ছাত্ৰী আৰু পাঠ্যক্ৰমৰ সবিশেষ তথ্য প্ৰকাশ কৰিব লাগিব। বিভিন্ন কোচিং ইনষ্টিটিউটে ব্যৱহাৰ কৰা বিভ্ৰান্তিকৰ বিজ্ঞাপনৰ বিৰুদ্ধে নতুন দিল্লীত গ্রাহক পৰিক্ৰমা সচিব নিধি খাৰে এই নীতি-নিৰ্দেশনা জাৰি কৰে।

November 12, 2024 1:13 PM

views 47

বিশিষ্ট নাট্যকাৰ, পৰিচালক ঋতুপর্ণ দাসৰ কুৰুক্ষেত্ৰ শীৰ্ষক নাটখন ভাৰতৰ ২২ টা আঞ্চলিক ভাষালৈ অনুদিত

বিশিষ্ট নাট্যকাৰ, পৰিচালক ঋতুপর্ণ দাসৰ কুৰুক্ষেত্ৰ শীৰ্ষক নাটখন ভাৰতৰ ২২ টা আঞ্চলিক ভাষালৈ অনুদিত হৈছে। নাটখন আকাশবাণীৰ অখিল ভাৰতীয় নাট্যানুষ্ঠানত অহা ১৭ নৱেম্বৰৰ নিশা ৯.৩০ বজাত নতুন দিল্লীৰ পৰা হিন্দীত আৰু দেশৰ ৫৯১ টা আকাশবাণী কেন্দ্ৰৰ পৰা অন্যান্য ২১ টা আঞ্চলিক ভাষাত একে সময়তে সম্প্ৰচাৰ হ’ব।

November 7, 2024 8:23 PM

views 83

ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সহযোগিতাক বহুমুখী আৰু বিশেষ বুলি অভিহিত বিদেশ মন্ত্ৰ্যালয়ৰ

বিদেশ মন্ত্ৰ্যালয়ে ভাৰত আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ সহযোগিতাক বহুমুখী আৰু বিশেষ বুলি অভিহিত কৰিছে। নতুন দিল্লীত আজি সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত বিদেশ মন্ত্ৰ্যালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে কয়, যে প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আমেৰিকা যুক্তৰাষ্ট্ৰৰ নৱ নিৰ্বাচিত ৰাষ্ট্ৰপতি ডোনাল্ড ট্রাম্পৰ সৈতে কথা পাতিছে আৰু উভয় দেশৰ মাজৰ সৰ্বাত্মক গোলকীয় আৰু কৌশলগত সহযোগিতা আগুৱাই নিবলৈ ভাৰত আগ্ৰহী বুলি অৱগত কৰিছে। তেওঁ কয় যে, ভাৰত আৰু আমেৰিকাই জনসাধাৰণৰ কল্যাণ আৰু শান্তি-সুৰক্ষা সুনিশ্চিত কৰাৰ বাবে ক...