February 17, 2025 8:07 PM

views 51

৪,৫০০টা প্রাথমিক শিক্ষক পদৰ বাবে অনলাইন আবেদনৰ তাৰিখ সলনি

অসম চৰকাৰৰ প্ৰাথমিক শিক্ষা সঞ্চালকালয়ে প্রকাশ কৰা ৪,৫০০টা প্রাথমিক শিক্ষক পদৰ বাবে অনলাইন আবেদনৰ তাৰিখ সলনি কৰা হৈছে। এই সন্দৰ্ভত সঞ্চালকালয়ে জাৰি কৰা নির্দেশনা অনুসৰি প্রার্থীসকলক অহা ৩ মাৰ্চৰ পৰা এই পদসমূহৰ বাবে অনলাইন আবেদন কৰিবলৈ কোৱা হৈছে। উল্লেখযোগ্য যে প্রাথমিক শিক্ষা সঞ্চালকালয়ে প্রাথমিক বিদ্যালয়ৰ দুহেজাৰ ৯০০টা আৰু উচ্চ প্ৰাথমিকৰ ৬০০টা শিক্ষক প বাবে বিজ্ঞাপন প্ৰকাশ কৰিছিল৷

February 17, 2025 8:04 PM

views 61

বিশাল ফুকন, চুমি বৰা আৰু তার্কিক বৰাৰ জামিন নাকচ গুৱাহাটী উচ্চ ন্যায়ালয়ৰ

গুৱাহাটী উচ্চ ন্যায়ালয়ে অনলাইন বিত্তীয় অনিয়মৰ গোচৰত তিনিজন অভিযুক্তৰ জামিন নাকচ কৰিছে ৷ ডিব্ৰুগড় জিলাৰ বৰবৰুৱা থানাত ৰুজু হৈ থকা গোচৰৰ ভিত্তিত আজি উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ ৰবীন ফুকনৰ বিচাৰপীঠে বিশাল ফুকন, চুমি বৰা আৰু তেওঁৰ স্বামী তার্কিক বৰাৰ জামিন নাকচ কৰে। উল্লেখযোগ্য যে ট্রেডিং অর্থাৎ অনলাইন বিত্তীয় লেনদেনত অনিয়মৰ গোচৰত কেন্দ্ৰীয় অনুসন্ধানকাৰী সংস্থাই পূর্বে এই তিনিজন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছিল। পৰৱৰ্তী সময়ত উচ্চ ন্যায়ালয়ত আটাইকেইজনে জামিন লাভ কৰিছিল যদিও বৰবৰুৱা থানাত ৰুজু হৈ ...

February 17, 2025 6:16 PM

views 52

তিতাবৰৰ ঐতিহাসিক ধলি পথাৰত ১৪ মাৰ্চৰ পৰা ৩ দিনীয়াকৈ তৃতীয় আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ’ব

অসম চলচ্চিত্ৰ সমাজৰ উদ্যোগত, ভাৰতীয় চলচ্চিত্র মহাসংঘৰ সহযোগত আৰু ঠেঙাল-কছাৰী স্বায়ত্তশাসিত পৰিষদৰ আতিথ্যত অহা ১৪ মাৰ্চৰ পৰা তিনিদিনীয়াকৈ তিতাবৰৰ ঐতিহাসিক ধলি পথাৰত তৃতীয় আন্তঃৰাষ্ট্ৰীয় গ্ৰাম্য চলচ্চিত্ৰ মহোৎসৱ অনুষ্ঠিত হ'ব। কালি এই মহোৎসৱৰ ঘাইখুঁটা স্থাপন অনুষ্ঠান সম্পন্ন হয়। এই মহোৎসৱৰ প্ৰতিদিনে কমেও ৮ খনকৈ চলচ্চিত্ৰ প্ৰদৰ্শনৰ ব্যৱস্থা কৰা হৈছে। তদুপৰি অনুষ্ঠানৰ অংশ হিচাপে চলচ্চিত্র সম্পর্কীয় বিশেষ পাঠদান, কৰ্মশালাকে ধৰি কেইবাটাও কাৰ্যসূচী লোৱা হৈছে।

February 17, 2025 6:12 PM

views 36

দেশজুৰি কার্যকৰী ফাষ্টটেগৰ নতুন কৰ নীতি

দেশজুৰি আজিৰে পৰা ফাষ্টটেগৰ নতুন কৰ নীতি কার্যকৰী হৈছে। নেচনেল পেমেণ্টছ কৰ্পৰেচন অৱ ইণ্ডিয়া আৰু পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ে টোলগে’টসমূহত যান-বাহনৰ কৰ সংগ্ৰহ ব্যৱস্থাৰ ক্ষেত্ৰত আজিৰে পৰা কিছু সালসলনি কৰিছে। এই অনুসৰি কৰ সংগ্ৰহৰ বৈদ্যুতিন ব্যৱস্থা ফাষ্টটেগত নির্দিষ্ট পৰিমাণতকৈ কম ধনৰাশি থাকিলে, লেনদেনত বিলম্ব হ'লে নতুবা টেগসমূহ নিশ্চিক্ৰয় হৈ থাকিলে অতিৰিক্ত কৰ আদায় কৰা হ'ব। তদুপৰি টোলগে’ট পাৰ হোৱাৰ এঘণ্টা পূৰ্বে আৰু পাৰ হোৱাৰ ১০ মিনিট পিছত ফাষ্টটেগ নিষ্ক্ৰিয় হৈ থাকিলেও ব্যৱস্থা গ্ৰহণ কৰা হ...

February 17, 2025 6:03 PM

views 57

বাক্সা জিলাৰ ধমধমাৰ লে ডিপ’ত ৫ জনীয়া ডকাইটৰ দলৰ ২ লাখতকৈও অধিক টকা লুট

বাক্সা জিলাৰ ধমধমাৰ লে ডিপ’ত কালি নিশা ৫ জনীয়া ডকাইটৰ দল এটাই দুই লাখতকৈও অধিক টকা লুট কৰে। ধর্মধমাত থকা ভাৰত পেট্ৰ’লিয়াম ডিপত দুৰ্বৃত্তৰ দলটোৱে বাইকেৰে আহি কেশ্ব কাউণ্টাৰৰ দৰ্জা ভাঙি ধনখিনি লুট কৰি নিয়ে বুলি জানিব পৰা গৈছে। কেশ্ব কাউণ্টাৰত শুই থকা কৰ্মচাৰীজনক দলটোৱে কম্বলেৰে হেচা মাৰি ধৰি টকাখিনি লৈ পলায়ন কৰে। ঘটনাৰ খবৰ পাই ধমধমা আৰক্ষীয়ে নিশাই পেট্ৰ’ল ডিপ’টোত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে।

February 17, 2025 6:01 PM

views 44

যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী যুটীয়া অভিযানত ২ ড্ৰাগছ সৰবৰাহকাৰীক আটক

মহানগৰীৰ সমীপৱৰ্তী যোৰাবাটত বশিষ্ঠ আৰক্ষী আৰু যোৰাবাট আৰক্ষীৰ ড্ৰাগছ বিৰোধী যুটীয়া অভিযানত আজি দুজন ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হয়। ধৃত সৰবৰাহকাৰী দুজন ১৩ মাইলৰ গৌতম দাস আৰু ৰিভয়ৰ বিৰু বড়ো বুলি জানিবলৈ পোৱা গৈছে। আৰক্ষীয়ে সৰবৰাহকাৰী দুজনৰ পৰা ৩৬.৫০ গ্রাম নিষিদ্ধ ড্ৰাগছ আৰু নগদ টকা তথা ম'বাইল ফোন জব্দ কৰে। ঘটনা সন্দৰ্ভত আৰক্ষীৰ তদন্ত অব্যাহত আছে। গোলাঘাট জিলাত আৰক্ষীয়ে ড্ৰাগছ বিৰোধী অভিযান চলাই বুজন পৰিমাণৰ ড্ৰাগছসহ এই ব্যৱসায়ত জড়িত কেইবাজনো লোকক গ্ৰেপ্তাৰ কৰে। গোলাঘাটৰ ৩ নম্বৰ ৰে’ল গেটৰ স...

February 17, 2025 5:59 PM

views 50

গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে য়াৰেংজুংলা লংকুমেৰ শপতগ্ৰহণ

য়াৰেংজুংলা লংকুমেই আজি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অতিৰিক্ত ন্যায়াধীশ হিচাপে শপতগ্ৰহণ কৰে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বিজয় বিষ্ণৱে আজি দিনৰ ১০ বজাত ন্যায়ালয়ৰ নতুন ভৱনৰ ১ নম্বৰ আদালতত আয়োজিত এটা অনুষ্ঠানত শ্ৰীমতী লংকুমেৰক শপতগ্ৰহণ কৰোৱায়। শপতগ্রহণ অনুষ্ঠানত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কেইবাগৰাকীও ন্যায়াধীশ আৰু অসম চৰকাৰৰ উচ্চ পদস্থ বিষয়াসকল উপস্থিত আছিল।

February 14, 2025 9:10 PM

views 55

দিল্লীৰ পূৰ্বৰ মন্ত্ৰী সত্যেন্দৰ জৈনৰ বিৰুদ্ধে গোচৰ ৰুজুৰ বাবে অনুমতি বিচাৰি ৰাষ্ট্ৰপতি মুৰ্মুক অনুৰোধ গৃহ মন্ত্ৰালয়ৰ

গৃহ মন্ত্ৰালয়ে দিল্লীৰ পূৰ্বৰ মন্ত্ৰী সত্যেন্দৰ জৈনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰাৰ বাবে অনুমতি বিচাৰি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুক অনুৰোধ জনাইছে। উল্লেখযোগ্য যে গৃহ মন্ত্ৰালয়ে ভাৰতীয় নাগৰিক সুৰক্ষা সংহিতাৰ ২১৮ অনুচ্ছেদৰ অধীনত শ্রীজৈনৰ বিৰুদ্ধে আইনী ব্যৱস্থা গ্ৰহণ কৰিবলৈ ৰাষ্ট্ৰপতিৰ পৰা অনুমতি বিচাৰিছে। বিধি বলবৎকাৰী সঞ্চালকালয়ৰ পৰা সংগ্রহিত যথেষ্ট প্ৰমাণৰ ওপৰত ভিত্তি কৰি তেওঁৰ বিৰুদ্ধে এই গোচৰ ৰুজু কৰিবলৈ বিচৰা হৈছে। অর্থনৈতিক অনিয়ম আৰু আন বহুকেইটা অভিযোগৰ বাবে শ্রীজৈনক তদাৰক কৰি থকা হৈছে।

February 14, 2025 9:06 PM

views 61

ভাৰত শক্তি সপ্তাহ বিশ্বৰ দ্বিতীয় বৃহৎ শক্তি মঞ্চ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছেঃ হৰদীপ সিং পুৰী

কেন্দ্ৰীয় পেট্ৰ'লিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰী হৰদীপ সিং পুৰীয়ে আজি ভাৰত শক্তি সপ্তাহ বিশ্বৰ দ্বিতীয় বৃহৎ শক্তি মঞ্চ হিচাপে প্ৰতিষ্ঠা লাভ কৰিছে বুলি উল্লেখ কৰে। নতুন দিল্লীত অনুষ্ঠিত এই শক্তি সপ্তাহৰ সামৰণি সত্ৰত ভাষণ দি শ্ৰীপুৰীয়ে কয় যে এই মঞ্চ অন্য গোলকীয় শক্তি মঞ্চসমূহৰ পৰা পৃথকৰূপে বিবেচিত হৈছে। এই শক্তি মঞ্চই নেটৱৰ্কিং মঞ্চৰূপে সেৱা আগবঢ়োৱাৰ পৰিৱৰ্তে প্ৰকৃত ব্যৱসায়িক লেনদেনৰ সুবিধা প্ৰদান কৰিছে। ভাৰত শক্তি সপ্তাহৰ পৰৱৰ্ত্তী সংস্কৰণ গোৱাত অনুষ্ঠিত হ'ব। এই মঞ্চই পেট্ৰ'লিয়াম, প্রাকৃ...

February 14, 2025 8:54 PM

views 43

চণ্ডীগড়ত অৰিয়েণ্টেচন কাৰ্যসূচী মুকলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাৰ

লোকসভাৰ অধ্যক্ষ ওম বিৰলাই চণ্ডীগড়ত আজি হাৰিয়ানা বিধানসভাৰ সদস্যসকলৰ বাবে সংসদীয় গণতান্ত্রিক গৱেষণা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ সহযোগত আয়োজন কৰা অৰিয়েণ্টেচন কাৰ্যসূচী মুকলি কৰে। হাৰিয়ানা বিধানসভাৰ অধ্যক্ষ হৰবিন্দৰ কল্যাণ, উপাধ্যক্ষ কৃষ্ণা সিদ্ধা, মুখ্যমন্ত্রী নাইব সিং ছাইনী, উত্তৰ প্ৰদেশ বিধানসভাৰ অধ্যক্ষ সতীশ মাহানা, হাৰিয়ানা বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ জ্ঞান চান্দ গুপ্তা আৰু কংগ্ৰেছৰ বিধায়ক ভাৰত ভূষণ বাট্টাও এই অনুষ্ঠানত উপস্থিত থাকে। এই অনুষ্ঠানত উপস্থিত থাকি হাৰিয়ানাৰ মুখ্যমন্ত্ৰী নাইব ...