August 28, 2025 9:12 PM

views 45

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বিৰাৰ অঞ্চলত পুৰণি ৪মহলীয়া এটা অট্টালিকা খহি পৰাত মুঠ ১৭ গৰাকী লোকৰ মৃত্যু

মহাৰাষ্ট্ৰৰ পালঘৰ জিলাৰ বিৰাৰ অঞ্চলত কালি নিশা পুৰণি চাৰিমহলীয়া এটা অট্টালিকা খহি পৰাৰ ফলত মুঠ ১৭ গৰাকী লোকৰ মৃত্যু হোৱাৰ লগতে আন ৯ গৰাকী লোক আহত হয়। অঞ্চলটোত উদ্ধাৰ অভিযান অব্যাহত আছে। চৰকাৰী সূত্ৰই ধ্বংসস্তূপৰ মাজত আৰু অধিক লোক আৱদ্ধ হৈ থকাৰ আশংকা প্ৰকাশ কৰিছে। কালি নিশা অট্টালিকাৰটোৰ একাংশ খহি পৰাৰ পাছতে অগ্নিনির্বাপক বাহিনীয়ে ধ্বংসস্তূপৰ মাজৰ পৰা বৰ্তমানলৈ ২৪ গৰাকী লোকক উদ্ধাৰ কৰিছে। জিলা দণ্ডাধীশ ইন্দুৰাণী জাখাৰে ঘটনাস্থলী পৰিদৰ্শন কৰাৰ লগতে তেওঁ কয়, যে ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনী,...

August 28, 2025 9:04 PM

views 62

ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত অপৰাধ নির্মূলৰ অৰ্থে দুয়ো দেশে যুটীয়াভাৱে প্ৰচেষ্টা চলোৱাৰ বাবে সন্মত

ভাৰত-বাংলাদেশ সীমান্ত অঞ্চলত অপৰাধ নির্মূলৰ অৰ্থে দুয়ো দেশে যুটীয়াভাৱে প্ৰচেষ্টা চলোৱাৰ বাবে সন্মত হৈছে। বাংলাদেশৰ ৰাজধানী ঢাকাৰ পিলখানাত অৱস্থিত সীমান্তৰক্ষী বাহিনীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত চাৰিদিনীয়া মহানিৰ্দেশক পৰ্যায়ৰ সীমান্ত সন্মিলনত দুয়ো দেশৰ প্ৰতিনিধিয়ে এটা যুটীয়া বিবৃতিযোগে এই প্ৰতিশ্ৰুতিৰ বিষয়ে প্ৰকাশ কৰে। ভাৰতৰ প্ৰতিনিধি দলটোক সীমান্ত সুৰক্ষা বাহিনীৰ মহানির্দেশক দলজিৎ সিং চৌধুৰীয়ে নেতৃত্ব দিয়ে। ইফালে বাংলাদেশৰ প্ৰতিনিধি দলটোক বাংলাদেশ সীমান্তৰক্ষী বাহিনীৰ মহানিৰ্দেশক মেজৰ জ...

August 28, 2025 8:58 PM

views 49

২০২৫ চনত ইৰাণ আৰু পাকিস্তানৰপৰা ২৩ লাখৰো অধিক আফগান শৰণাৰ্থী নিজ দেশলৈ উভতি আহিছে

ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে জনোৱা অনুসৰি ২০২৫ চনত ইৰাণ আৰু পাকিস্তানৰপৰা ২৩ লাখৰো অধিক আফগান শৰণাৰ্থী নিজ দেশলৈ উভতি আহিছে। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাটোৱে আন্তৰাষ্ট্ৰীয় সমাজক এই জৰুৰীকালীন সময়ত সহায় কৰিবলৈ আহ্বান জনায়। ১ চেপ্তেম্বৰৰ ভিতৰত পাকিস্তানে ১০ লাখতকৈ অধিক আফগান শৰণাৰ্থীক বিতাড়িত কৰাৰ সময়সীমাই বিশেষকৈ মহিলা আৰু যুৱতী শৰণাৰ্থীৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। মানৱীয় সংস্থাসমূহে আফগানিস্তানত দৰিদ্ৰতা,নিবনুৱা সমস্যা আৰু অস্থিৰতা বৃদ্ধি পোৱাৰ আশংকা কৰিছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে...

August 28, 2025 8:33 PM

views 30

শোণিতপুৰত প্ৰথমটো সমজিলা আৰক্ষী অধীক্ষক কাৰ্য্যালয় মুকলি মন্ত্রী অশোক সিংঘালৰ

মন্ত্রী অশোক সিংঘালে আজি শোণিতপুৰ জিলাৰ প্ৰথমটো সমজিলা আৰক্ষী অধীক্ষক কাৰ্য্যালয় মুকলি কৰে। ঢেকীয়াজুলিৰ ভোটপাৰাত এই উপলক্ষে আয়োজিত সভাত অংশ লৈ তেওঁ কয় যে, আৰক্ষী প্ৰশাসনে নিষ্ঠাৰে কাম কৰাৰ বাবে আজি ৰাজ্যত অপৰাধৰ সংখ্যা হ্ৰাস পাইছে। সমাজৰ অপশক্তি আৰু অপৰাধ চক্ৰৰ বিৰুদ্ধে ৰাইজ একত্রিত হব লাগিব বুলি তেওঁ ভাষণত উল্লেখ কৰে। ৰাজ্যত দুৰ্নীতি আৰু ভ্ৰষ্টাচাৰৰ স্থান নাই বাবে আজি বৰ্হিৰাজ্যত আৰক্ষী আহি অসমত প্ৰশিক্ষণ লৈছে বুলি তেওঁ কয়। জাতি-মাটি-ভেটি সভ্যতা-সংস্কৃতি ৰক্ষাৰ ক্ষেত্ৰত বিজয়ী নোহোৱালৈকে য...

August 28, 2025 8:17 PM

views 54

তিনিচুকীয়াৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী পেঙেৰিত আজিৰে পৰা ৩ দিনীয়া দুৰ্যোগ প্রশমনৰ প্রশিক্ষণ অনুষ্ঠিত

তিনিচুকীয়াৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী পেঙেৰিত আজিৰে পৰা তিনিদিনীয়া দুৰ্যোগ প্রশমনৰ প্রশিক্ষণ অনুষ্ঠিত হৈছে। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সহকাৰী উপ-নিয়ন্ত্রক ভাস্কৰ ডেকাই ডিগবৈৰ টি চি ডি চি চিৰ অধীনত পেঙেৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এই শিবিৰৰ নেতৃত্ব দিছে। এই শিবিৰত দুৰ্যোগৰ সময়ত ল'ব লগা সাৱধানতা, উদ্ধাৰ কাৰ্য আৰু কৰণীয় কাম-কাজৰ বিষয়ে প্রশিক্ষণ দিয়া হৈছে। বিদ্যালয়খনৰ অর্ধশতাধিক ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্ৰীয়ে শিবিৰত অংশগ্ৰহণ কৰিছে।

August 25, 2025 10:49 AM

views 98

বতৰৰ বতৰা-

● স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা ২৪ ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এজাক মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্রা সর্বোচ্চ ৩২ ডিগ্রী ছেলছিয়াছ আৰু সৰ্বনিম্ন ২৫ ডিগ্ৰী ছেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। এই সময়ছোৱাত অৰুণাচল প্ৰদেশ, অসম, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰা, নাগালেণ্ড আৰু মেঘালয়ৰ ঠাই বিশেষে পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে বুলি বতৰ বিজ্ঞান কেন্দ্ৰই আগলি বতৰা দিছে।

August 25, 2025 10:42 AM

views 47

কমনৱেল্থ ভাৰোত্তোলনত ল’ৰাৰ যুৱ শাখাৰ ৫৬ কিলোগ্রামত অসমৰ ধৰ্মজ্যোতি দেওঘৰীয়া অৱতীৰ্ণ হ’ব

■ আহমেদাবাদত অনুষ্ঠিত কমনৱেল্থ ভাৰোত্তোলন প্রতিযোগিতাত আজি ল'ৰাৰ যুৱ শাখাৰ ৫৬ কিলোগ্রাম শাখাত অসমৰ ধৰ্মজ্যোতি দেওঘৰীয়া অৱতীৰ্ণ হ'ব। কালি আৰম্ভ হোৱা প্ৰতিযোগিতাত ভাৰতীয় দলৰ হৈ অসমৰ ৫ গৰাকী প্ৰতিভাৱান খেলুৱৈয়ে অংশ লৈছে। প্রতিযোগিতাৰ ৫৮ কিলোগ্রাম শাখাত ভাবনা গগৈ, ৭১ কিলোগ্রাম শাখাত হেমন্ত দৈমাৰী আৰু অভিনৱ গগৈ আৰু ৭৯ কিলোগ্রাম শাখাত বেদৱত ভৰালীয়ে অংশগ্ৰহণ কৰিছে। অসম ভাৰোত্তোলন সন্থাৰ সভাপতি তথা কেন্দ্রীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিযোগী কেইগৰাকীলৈ শুভেচ্ছা জনাইছে।

August 25, 2025 10:34 AM

views 59

৩১ আগষ্টত কটন বিশ্ববিদ্যালয়ত ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, বিশিষ্ট সমাজবাদী নেতা গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠান

■ ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী, ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ, স্বাধীনতা যুঁজাৰু, বিশিষ্ট সমাজবাদী নেতা গোলাপ বৰবৰাৰ জন্ম শতবৰ্ষৰ অনুষ্ঠান অহা ৩১ আগষ্টৰ বিয়লি কটন বিশ্ববিদ্যালয়ত কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত অনুষ্ঠিত হ'ব। ইতিমধ্যে জন্ম শতবার্ষিকী অনুষ্ঠানৰ বাবে গোলাপ বৰবৰা জন্ম শতবর্ষ উদযাপন সমিতিয়ে প্রস্তুতি অব্যাহত ৰাখিছে। গুৱাহাটীত কালি অনুষ্ঠিত এখন সংবাদমেলত সমিতিৰ বিষয়ববীয়াই অনুষ্ঠানৰ প্ৰস্তুতি সন্দৰ্ভত ৰাইজক অৱগত কৰে। সমিতিয়ে প্ৰকাশ কৰা অনুসৰি ৩১ আগষ্টৰ বিয়লি গোলাপ বৰবৰা স্মৃতি...

August 25, 2025 10:27 AM

views 76

জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৭ সংখ্যক তিৰোভাব তিথি

● জগতগুৰু শ্ৰীমন্ত শংকৰদেৱৰ আজি ৪৫৭ সংখ্যক তিৰোভাব তিথি। গুৰুজনাৰ তিথি উপলক্ষে আজি ৰাজ্যৰ নামঘৰ আৰু সত্ৰসমূহত পুৱাৰে পৰা উখল-মাখল পৰিৱেশে বিৰাজ কৰিছে। ৰাজ্যখনৰ বিভিন্ন প্ৰান্তৰ সত্ৰ আৰু নামঘৰসমূহত এক শৰণ বৈষ্ণৱ ধৰ্মৰ প্ৰৱৰ্তক গুৰুজনাক স্মৰণ কৰি নাম-কীৰ্তন পৰিৱেশন কৰাৰ লগতে বিস্তৃত কাৰ্যসূচী অনুষ্ঠিত হৈছে। মহাপুৰুষ শ্ৰীশ্ৰী মাধৱদেৱ স্থাপিত ঐতিহ্যমণ্ডিত বৰপেটা সত্ৰত যোৱা ১৯ আগষ্টৰ পৰা আয়োজন কৰা গুৰুজনাৰ কীৰ্তন মহোৎসৱৰ আজি মূল সবাহ অনুষ্ঠিত হ'ব। তিৰোভাব তিথি উপলক্ষে বৰপেটাৰ বৃন্দাবন হাটীৰ ভকতবৃন্দ...

August 25, 2025 10:19 AM

views 79

অসম চৰকাৰক ৬০ বছৰৰ বাবে লীজত মুম্বাইৰ কোলাবাৰ অভিজাত অঞ্চলৰ ৪ বিঘা ভূমি

■ মুম্বাইৰ কোলাবাৰ অভিজাত অঞ্চলৰ ৪ বিঘা ভূমি মুম্বাই কৰ্তৃপক্ষই অসম চৰকাৰক ৬০ বছৰৰ বাবে লীজত দিছে। দেশৰ বাণিজ্যিক ৰাজধানীখনত অসমৰ জনসাধাৰণৰ বাবে যাৱতীয় ৰাজহুৱা আন্তঃগাঁথনিৰ বিকাশ তথা সুচল ব্যৱস্থা গঢ়ি তোলাৰ বাবে অসম চৰকাৰে এই ভূমিত এটা নিজা চৌহদ স্থাপন কৰিব। কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি এখন সংবাদমেলত এই কথা ঘোষণা কৰে। তেওঁ কয়, যে ইয়াৰ জৰিয়তে মুম্বাই চহৰলৈ অহা অসমৰ উদ্যোগী, ছাত্ৰ-ছাত্ৰী, ৰোগী তথা অন্যান্য লোকসকল উপকৃত হ'ব। শ্ৰীসোণোৱালে এই ভূমিত স্থা...