August 29, 2025 2:20 PM

views 48

জাপানক প্ৰযুক্তিৰ আৰু ভাৰত প্ৰতিভাৰ পাৱাৰহাউছঃ প্রধানমন্ত্ৰী মোদী

■■■ জাপানৰ প্ৰযুক্তি আৰু ভাৰতীয় প্ৰতিভাৰ সন্মিলিত প্রচেষ্টাই এই শতিকাৰ প্ৰযুক্তি বিপ্লৱক নেতৃত্ব দিব পাৰে। টকিঅ'ত অনুষ্ঠিত ভাৰত-জাপান অর্থনৈতিক মঞ্চ সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি এইদৰে কয়। প্রধানমন্ত্ৰী শ্ৰীমোদীয়ে জাপানক প্ৰযুক্তিৰ আৰু ভাৰতক প্ৰতিভাৰ পাৱাৰহাউছ বুলি অভিহিত কৰে। ভাৰতে কৃত্রিম বুদ্ধিমত্তা, অর্ধপৰিবাহী, কোৱান্টাম কম্পিউটিং, জৈৱ প্ৰযুক্তি আৰু মহাকাশ খণ্ডত শক্তিশালী আৰু অভিলাষী পদক্ষেপ লৈছে। তেওঁ লগতে কয় যে ভাৰতে প্ৰতিৰক্ষা আৰু মহাকাশ খণ্ডৰ পাছতে পৰমাণু শক্তি খণ্ড...

August 29, 2025 2:15 PM

views 39

২০২২-২৩ বৰ্ষৰ স্কোপ উৎকর্ষতা বঁটা প্ৰদান ৰাষ্ট্ৰপতি মুৰ্মুৰ

■ ৰাষ্ট্ৰপতি শ্ৰীমতী দ্রৌপদী মুৰ্মুৱে আজি নতুন দিল্লীত ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহক ২০২২-২৩ বৰ্ষৰ স্কোপ উৎকর্ষতা বঁটা প্ৰদান কৰে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত ভাষণ দি ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে স্বাধীনতাৰ সময়ৰে পৰা ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহ অৰ্থনৈতিক বিকাশ আৰু সামাজিক অন্তৰ্ভুক্তিৰ শক্তিশালী কাৰক হিচাপে বিবেচিত হৈছে। ৰাজহুৱা খণ্ডৰ প্ৰতিষ্ঠানসমূহক তেওঁ ঔদ্যোগিকীকৰণ, আন্তঃগাঁথনি উন্নয়ন, সামাজিক উৎকৰ্ষতা আৰু সন্তুলিত আঞ্চলিক উন্নয়নৰ দিশৰ আধাৰ বুলিও অভিহিত কৰে। অনুষ্ঠানত ভাষণ দি কেন্দ্ৰীয় বিত...

August 29, 2025 1:36 PM

views 70

আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস

● আজি ৰাষ্ট্ৰীয় ক্রীড়া দিৱস। কিংবদন্তি হকী খেলুৱৈ মেজৰ ধ্যানচন্দ্ৰ জন্মবার্ষিকীৰ লগত সংগতি ৰাখি প্ৰতি বছৰে ২৯ আগষ্টত এই দিৱস পালন কৰা হয়। অসমতো আজি দিনজোৰা কাৰ্যসূচীৰে ৰাষ্ট্ৰীয় ক্রীড়া দিৱস আয়োজন কৰা হৈছে। কামৰূপ জিলাত আজিৰ পৰা তিনিদিনীয়াকৈ ৰাষ্ট্ৰীয় ক্রীড়া দিৱস উদযাপন কৰা হ'ব। আজি পুৱা শুৱালকুছিত এটা সমুহীয়া খোজকঢ়া কাৰ্যসূচীৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। এই সামুহিক খোজকঢ়া কাৰ্যসূচীৰ উদ্বোধন কৰে জিলা ক্রীড়া সংস্থাৰ কাৰ্যকৰী সভাপতি ডাঃ কার্তিক মেধিয়ে। শুৱালকুছি বস্ত্ৰ উদ্যানৰ পৰা ...

August 29, 2025 1:28 PM

views 68

গুৱাহাটী মহানগৰীত বিগত দুদিন ধৰি হোৱা প্ৰৱল বৰষুণত দিছপুৰ, গুৱাহাটী আৰু সোণাপুৰ ৰাজহ চক্ৰৰ মুঠ ২৮ খন গাঁও ক্ষতিগ্ৰস্ত

●● গুৱাহাটী মহানগৰীত বিগত দুদিন ধৰি হোৱা প্ৰৱল বৰষুণত দিছপুৰ, গুৱাহাটী আৰু সোণাপুৰ ৰাজহ চক্ৰৰ মুঠ ২৮ খন গাঁও ক্ষতিগ্ৰস্ত হৈছে। কালি সন্ধিয়াৰ ভাগত অহা বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বানত সোণাপুৰ ৰাজহ চক্ৰৰ অশোক শৰ্মা নামৰ এজন লোকে প্ৰাণ হেৰুৱায়। কৃত্রিম বানত মহানগৰীৰ নমাইল, যোৰাবাট, ঘোঁৰামৰা, ৰুক্মিনীগাঁও, বৰ্ষাপাৰা, অনিল নগৰ, নবীন নগৰ, আমবাৰী, বামুণীমৈদাম, গোটানগৰ আদিকে ধৰি ৩৯ টা স্থান প্লাৱিত হৈছে। ৰুক্মিনী গাঁও, জুৰিপাৰ, অনিল নগৰ, নবীন নগৰ, হাতীগাঁও আৰু গোটানগৰত পৰিস্থিতি জটিল হোৱাৰ বাবে ৰাজ...

August 29, 2025 1:23 PM

views 55

অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ৯,৭০৪ গৰাকী মহিলাক কাইলৈ স্কুটী প্ৰদান কৰা হ’ব

■ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত তৃণমূল পর্যায়ত কাম কৰা ৯ হাজাৰ ৭০৪ গৰাকী মহিলাক কাইলৈ স্কুটী প্ৰদান কৰা হ'ব। এই উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত কার্যসূচীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত থাকিব। এই মহিলাসকলক স্কুটী প্ৰদানৰ জৰিয়তে আত্মসহায়ক গোটৰ কামকাজসমূহ ত্বৰান্বিত কৰাৰ উপৰি তেওঁলোকৰ যাত্ৰাৰ ব্যয় হ্ৰাস তথা উপার্জন বৃদ্ধিৰ জৰিয়তে সমৃদ্ধিশালী গাঁ...

August 29, 2025 1:20 PM

views 54

গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন

● কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহে আজি অসম ৰাজভৱনৰ ব্ৰহ্মপুত্ৰ শাখা উদ্বোধন কৰিব। ৰাজ্যৰ বিকাশমুখী যাত্ৰাত নৱতম সংযোজন হিচাপে ৪১ কোটি টকা ব্যয়সাপেক্ষে নিৰ্মাণ কৰা এই নতুন ৰাজভৱনগৃহত ৰাজ্যপালৰ কাৰ্যালয়, অতিৰিক্ত আয়ুক্তৰ কাৰ্যালয়, প্রধান ব্যক্তিগত সচিবৰ কাৰ্যালয়, সন্মিলন কক্ষকে ধৰি আন বহু সুবিধা থাকিব। এই উপলক্ষে দিনৰ চাৰে ১১ বজাত আয়োজিত কাৰ্যসূচীত ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মা উপস্থিত থাকিব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে এই অনুষ্ঠানৰ পৰাই ভার্চুৱেল ব...

August 28, 2025 9:31 PM

views 55

জাপানত আজি দক্ষিণ-পশ্চিম কিউছু দ্বীপৰ মাউন্ট শ্বিনমোইত প্ৰায় ৫হাজাৰ ৫০০ মিটাৰ পৰ্যন্ত আগ্নেয়গিৰি উদ্গীৰণ

জাপানত আজি দক্ষিণ-পশ্চিম কিউছু দ্বীপৰ মাউন্ট শ্বিনমোইত প্ৰায় ৫হাজাৰ ৫০০ মিটাৰ পৰ্যন্ত আগ্নেয়গিৰি উদ্গীৰণ সংঘটিত হৈছে। জাপান বতৰ বিজ্ঞান সংস্থাই জনোৱা অনুসৰি কাগোছিমা আৰু মিয়াজাকিৰ মাজেৰে স্থানীয় সময়মতে পুৱা ৪ বাজি ৫৩ মিনিটত এই আগ্নেয়গিৰিৰ উদ্গীৰণ হয়। সংস্থাটোৱে লেভেল 3 ৰ এলাৰ্টেৰে স্থানীয় লোকক কাগোছিমা আৰু মিয়াজাকিৰ ওচৰে পাজৰে নাযাবলৈ নিৰ্দেশ দিছে। উল্লেখযোগ্য,যে ২০১৮ চনৰ জুন মাহৰ পাছত উদ্গীৰণ ঘটা জাপানৰ ৫০টা সক্রিয় আগ্নেয়গিৰিৰ ভিতৰত মাউন্ট শ্বিনমোই অন্যতম।

August 28, 2025 9:28 PM

views 38

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত হোৱা বানত যোৱা ২৪ ঘণ্টাত কমেও ১৭ গৰাকী লোকৰ মৃত্যু

পাকিস্তানৰ পঞ্জাৱ প্ৰদেশত হোৱা বানত যোৱা ২৪ ঘণ্টাত কমেও ১৭ গৰাকী লোকৰ মৃত্যু হয়। ছুটলেজ, ৰবি আৰু চেনাব নৈৰ বাঢ়নি পানীৰ ফলত বিভিন্ন অঞ্চলত বানৰ সৃষ্টি কৰাৰ লগতে বহুসংখ্যক আন্তঃগাঁথনি ধ্বংস হৈছে। বানৰ ফলত কৃষিভূমিৰ বিস্তৰ ক্ষতি হৈছে। পঞ্জাৱৰ জৰুৰীকালীন সেৱা বিভাগৰ তথ্য মতে বানত নিহত হোৱা ১৭ গৰাকীৰ ৭ গৰাকী শিয়ালকোটৰ, ৪ গৰাকী গুজৰাটৰ, ৪ গৰাকী নাৰোৱালৰ, দুগৰাকী হাফিজাবাদৰ আৰু এগৰাকী গুজৰানৱালাৰ বাসিন্দা আছিল।

August 28, 2025 9:25 PM

views 59

জম্মু কাশ্মীৰৰ অধকুৱাৰীৰ যাত্ৰাপথত সংঘটিত ভয়াৱহ ভূমিস্খলনত কেবাজনো লোকৰ প্রাণ হানি হোৱাৰ লগতে বহু লোক আহত

জম্মু কাশ্মীৰৰ অধকুৱাৰীৰ যাত্ৰাপথত সংঘটিত ভয়াৱহ ভূমিস্খলনত কেবাজনো লোকৰ প্রাণ হানি হোৱাৰ লগতে বহু লোক আহত হোৱাৰ পাছত আজি একেৰাহে তৃতীয় দিনৰ বাবে ৰিয়াছি জিলাৰ ত্ৰিকুটা পাহাৰৰ ওপৰত শ্ৰী মাতা বৈষ্ণো দেৱী যাত্রা স্থগিত ৰখা হৈছে। আকাশবাণী জম্মুৰ সংবাদদাতাই জনোৱা মতে চলিত সপ্তাহৰ আৰম্ভণিতে সংঘটিত এই ভয়াৱহ দুর্ঘটনাই সমগ্ৰ অঞ্চলটোত শোকৰ ছাঁ পেলাইছে। প্রশাসনে তীর্থযাত্ৰীসকলৰ সুৰক্ষা আৰু নিৰাপত্তাক অগ্ৰাধিকাৰ দিছে বুলি বিষয়াসকলে জানিবলৈ দিয়ে। শ্রীমাতা বৈষ্ণোদেৱী ব'র্ডে ভক্তসকলক তীর্থযাত্ৰাৰ বাবে পৰৱ...

August 28, 2025 9:20 PM

views 41

বিশ্ব পেৰা এথলেটিকছৰ ভাৰতীয় দল ঘোষণা

বিশ্ব পেৰা এথলেটিকছ প্রতিযোগিতাৰ বাবে ভাৰতীয় দলটো কালি ঘোষণা কৰা হয়। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অহা ২৭ ছেপ্তেম্বৰৰ পৰা এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। ১৯ গৰাকী মহিলা খেলুৱৈ থকা ৭৩ জনীয়া ভাৰতীয় দলটোক জেভলিন তাৰকা খেলুৱৈ সুমিত অন্তিলে নেতৃত্ব দিব। দেশত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত পেৰিছ পেৰালিম্পিকৰ ক্লাব থ্ৰ’ত সোণৰ পদক বিজয়ী ধৰ্মবীৰ নেইন আৰু দুটাকৈ ব্ৰঞ্জৰ পদক বিজয়ী দৌৰবিদ প্রীতি পলে ভাৰতীয় দলৰ পতাকা বহন কৰিব। উল্লেখযোগ্য যে পেৰালিম্পিকত তিনিবাৰকৈ ...