■ অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত সখী এক্সপ্ৰেছ আঁচনিৰ অধীনত তৃণমূল পর্যায়ত কাম কৰা ৯ হাজাৰ ৭০৪ গৰাকী মহিলাক কাইলৈ স্কুটী প্ৰদান কৰা হ’ব। এই উপলক্ষে গুৱাহাটীৰ খানাপাৰাৰ পশু চিকিৎসা বিজ্ঞান মহাবিদ্যালয় খেলপথাৰত আয়োজিত কার্যসূচীত মুখ্যমন্ত্রী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ মন্ত্ৰী ৰণজিৎ কুমাৰ দাস উপস্থিত থাকিব। এই মহিলাসকলক স্কুটী প্ৰদানৰ জৰিয়তে আত্মসহায়ক গোটৰ কামকাজসমূহ ত্বৰান্বিত কৰাৰ উপৰি তেওঁলোকৰ যাত্ৰাৰ ব্যয় হ্ৰাস তথা উপার্জন বৃদ্ধিৰ জৰিয়তে সমৃদ্ধিশালী গাঁও নিৰ্মাণৰ পথ প্রশস্ত কৰাৰ প্ৰয়াস কৰা হৈছে।
Assamese | August 29, 2025 1:23 PM | Akashvani Guwahati | Akashvani News | Assam Govt
অসম ৰাজ্যিক গ্ৰামীণ জীৱিকা অভিযানৰ অধীনত ৯,৭০৪ গৰাকী মহিলাক কাইলৈ স্কুটী প্ৰদান কৰা হ’ব