বিশ্ব পেৰা এথলেটিকছ প্রতিযোগিতাৰ বাবে ভাৰতীয় দলটো কালি ঘোষণা কৰা হয়। নতুন দিল্লীৰ জৱাহৰলাল নেহৰু ষ্টেডিয়ামত অহা ২৭ ছেপ্তেম্বৰৰ পৰা এই প্ৰতিযোগিতা অনুষ্ঠিত হ’ব। ১৯ গৰাকী মহিলা খেলুৱৈ থকা ৭৩ জনীয়া ভাৰতীয় দলটোক জেভলিন তাৰকা খেলুৱৈ সুমিত অন্তিলে নেতৃত্ব দিব। দেশত প্ৰথমবাৰৰ বাবে আয়োজন কৰা এই প্ৰতিযোগিতাৰ উদ্বোধনী অনুষ্ঠানত পেৰিছ পেৰালিম্পিকৰ ক্লাব থ্ৰ’ত সোণৰ পদক বিজয়ী ধৰ্মবীৰ নেইন আৰু দুটাকৈ ব্ৰঞ্জৰ পদক বিজয়ী দৌৰবিদ প্রীতি পলে ভাৰতীয় দলৰ পতাকা বহন কৰিব। উল্লেখযোগ্য যে পেৰালিম্পিকত তিনিবাৰকৈ হাই জাম্পত পদক বিজয়ী মাৰিয়াপন থেংগাভেলু আৰু টকিঅ’ আৰু পেৰিছ পেৰালিম্পিকত ক্ৰমে ব্ৰঞ্জ আৰু ৰূপৰ পদক বিজয়ী হাই জাম্প খেলুৱৈ শ্বাৰদ কুমাৰ ভাৰতীয় দলটোৰ পৰা বাহিৰ হৈছে।
Assamese | August 28, 2025 9:20 PM | Akashvani News | PARA Athletics | SAI | SPORTS
বিশ্ব পেৰা এথলেটিকছৰ ভাৰতীয় দল ঘোষণা