ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে জনোৱা অনুসৰি ২০২৫ চনত ইৰাণ আৰু পাকিস্তানৰপৰা ২৩ লাখৰো অধিক আফগান শৰণাৰ্থী নিজ দেশলৈ উভতি আহিছে। ৰাষ্ট্ৰসংঘৰ শৰণাৰ্থী সংস্থাটোৱে আন্তৰাষ্ট্ৰীয় সমাজক এই জৰুৰীকালীন সময়ত সহায় কৰিবলৈ আহ্বান জনায়। ১ চেপ্তেম্বৰৰ ভিতৰত পাকিস্তানে ১০ লাখতকৈ অধিক আফগান শৰণাৰ্থীক বিতাড়িত কৰাৰ সময়সীমাই বিশেষকৈ মহিলা আৰু যুৱতী শৰণাৰ্থীৰ মাজত উদ্বেগৰ সৃষ্টি কৰিছে। মানৱীয় সংস্থাসমূহে আফগানিস্তানত দৰিদ্ৰতা,নিবনুৱা সমস্যা আৰু অস্থিৰতা বৃদ্ধি পোৱাৰ আশংকা কৰিছে। ৰাষ্ট্ৰসংঘৰ মানৱ অধিকাৰ পৰিষদে পাকিস্তানক তালিবানৰ অধীনত মানৱ অধিকাৰৰ ক্ষেত্ৰত দিয়া ব্যক্তিগত গোচৰৰ মূল্যায়ণ কৰিবলৈ আহ্বান জনাইছে।
Assamese | August 28, 2025 8:58 PM | Akashvani News | UN | United Nations
২০২৫ চনত ইৰাণ আৰু পাকিস্তানৰপৰা ২৩ লাখৰো অধিক আফগান শৰণাৰ্থী নিজ দেশলৈ উভতি আহিছে