তিনিচুকীয়াৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী পেঙেৰিত আজিৰে পৰা তিনিদিনীয়া দুৰ্যোগ প্রশমনৰ প্রশিক্ষণ অনুষ্ঠিত হৈছে। অসামৰিক প্ৰতিৰক্ষা বিভাগৰ সহকাৰী উপ-নিয়ন্ত্রক ভাস্কৰ ডেকাই ডিগবৈৰ টি চি ডি চি চিৰ অধীনত পেঙেৰি উচ্চতৰ মাধ্যমিক বিদ্যালয়ত আয়োজিত এই শিবিৰৰ নেতৃত্ব দিছে। এই শিবিৰত দুৰ্যোগৰ সময়ত ল’ব লগা সাৱধানতা, উদ্ধাৰ কাৰ্য আৰু কৰণীয় কাম-কাজৰ বিষয়ে প্রশিক্ষণ দিয়া হৈছে। বিদ্যালয়খনৰ অর্ধশতাধিক ছাত্র-ছাত্রী, শিক্ষক-শিক্ষয়িত্ৰীয়ে শিবিৰত অংশগ্ৰহণ কৰিছে।
Assamese | August 28, 2025 8:17 PM | Akashvani Guwahati | Akashvani News | Tinisukia
তিনিচুকীয়াৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৱৰ্তী পেঙেৰিত আজিৰে পৰা ৩ দিনীয়া দুৰ্যোগ প্রশমনৰ প্রশিক্ষণ অনুষ্ঠিত