August 3, 2024 1:27 PM

views 60

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগ আৰু পি আই বি গুৱাহাটীৰ সহযোগত আজি নিশা ৮.২ মিনিটত অলিম্পিক কুইজৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পি আই বি গুৱাহাটীৰ সহযোগত আজি নিশা ৮.২ মিনিটত শ্রোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন কৰিছে। অনুষ্ঠানত ক্রীড়া সাংবাদিক সুসীম ঘোষ আৰু ত্রিদীপ বপৰনচ সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। আজি পেৰিছ অলিম্পিক সন্দৰ্ভত হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত শ্রোতাক প্রশ্ন সোধা হ'ব। দৃষ্টিপাত অনুষ্ঠানৰ যোগেদিয়ে কুইজ প্ৰতিযোগিতাৰ বাবে শ্রোতাসকলে উত্তৰ দিব পাৰিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।

August 2, 2024 6:54 PM

views 69

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত ডিজিটেল শস্য সমীক্ষা, খাৰিফ ২০২৪ সন্দৰ্ভত প্রশিক্ষণ কাৰ্যসূচীৰ আয়োজন

মৰিগাঁও জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সহযোগত ডিজিটেল শস্য সমীক্ষা, খাৰিফ ২০২৪ সন্দৰ্ভত প্রশিক্ষণ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। জিলা আয়ুক্ত দেৱাশীষ শর্মাই মৰিগাঁও জিলা পুথিভড়াল প্রেক্ষাগৃহত তিনিদিনীয়া কাৰ্যসূচীৰে আয়োজিত প্ৰশিক্ষণৰ আজি শুভাৰম্ভণি কৰে। জিলা কৃষি বিষয়া অশোক কুমাৰ শৰ্মাৰ সঞ্চালনাত আয়োজিত প্রশিক্ষণ অনুষ্ঠানত জিলা আয়ুক্তগৰাকীয়ে ডিজিটেল শস্য সমীক্ষাৰ প্ৰয়োজনীয়তা আৰু ইয়াৰ জৰিয়তে কৃষক কেনেদৰে উপকৃত হ'ব সেই বিষয়ত সকলো কথা নিয়াৰিকৈ আলোচনা কৰিবলৈ আহ্বান জ...

August 1, 2024 6:37 PM

views 70

আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ পি আই বি গুৱাহাটীৰ সহযোগত শ্রোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ বাতৰি বিভাগে পি আই বি গুৱাহাটীৰ সহযোগত শনিবাৰে নিশা ৮ বাজি ২ মিনিটত শ্রোতাৰ বাবে অলিম্পিক কুইজৰ আয়োজন কৰিছে। সেইদিনা পেৰিছ অলিম্পিক সন্দৰ্ভত হ'বলগীয়া দৃষ্টিপাত অনুষ্ঠানত শ্ৰোতাৰ বাবে প্ৰশ্ন সোধা হ'ব। কুইজ প্রতিযোগিতাৰ বাবে দৃষ্টিপাত অনুষ্ঠানৰ যোগেদি শ্রোতাসকলে উত্তৰ দিব পাৰিব।

August 1, 2024 12:44 PM

views 64

লখিমপুৰ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ জিলা আয়ুক্ত কাৰ্যালয়ৰ বিভিন্ন শাখা তথা আনুষংগিক বিভাগৰ আকস্মিক পৰিদৰ্শন

লখিমপুৰ জিলা আয়ুক্তৰ নিৰ্দেশ অনুসৰি কালি লখিমপুৰ জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াই জিলা আয়ুক্ত কাৰ্যালয়ৰ বিভিন্ন শাখা তথা আনুষংগিক বিভাগৰ আকস্মিক পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত কাৰ্যালয়ত বিষয়া-কৰ্মচাৰীৰ উপস্থিতিকে ধৰি উপস্থিতিৰ পঞ্জীয়ন বহী, কর্মসূচী আদি পৰীক্ষা কৰাৰ লগতে কাম- কাজসমূহৰ বুজ লোৱা হয়। কৰ্মচাৰীসকলৰ কৰ্ম সংস্কৃতি তথা জনতালৈ সকলো সুবিধা সুচলভাৱে উপলব্ধ কৰোৱাৰ স্বাৰ্থত চৰকাৰী কাৰ্যালয়ত এনে আকস্মিক পৰিদৰ্শন আগলৈকো অব্যাহত ৰখা হ'ব বুলি লখিমপুৰ জিলা প্ৰশাসনে জানিবলৈ দিছে।

August 1, 2024 12:41 PM

views 67

বৰপেটা বিধানসভা সমষ্টি ভিত্তিত আয়োজন কৰা ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ কালি সামৰণি

বৰপেটা বিধানসভা সমষ্টি ভিত্তিত আয়োজন কৰা ১৫ দিনীয়া গ্ৰীষ্মকালীন নাট কৰ্মশালাৰ কালি সামৰণি পৰে। অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকালয়ৰ উদ্যোগত তথা নাট্য সংগঠন পিনাকৰ সহযোগত আয়োজিত এই কৰ্মশালাৰ কালি বৰপেটা জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অনুষ্ঠিত সামৰণি অনুষ্ঠানত জিলাখনৰ অতিৰিক্ত আয়ুক্ত উপস্থিত থাকে । কৰ্মশালাত অংশগ্ৰহণ কৰা ৩২ টি শিশু তথা কিশোৰ-কিশোৰীক মানপত্ৰ আগবঢ়োৱাৰ লগতে কালি প্রশিক্ষার্থীসকলে ৪ খন চুটি নাটো পৰিৱেশন কৰে।

August 1, 2024 12:40 PM

views 57

আকাশবাণী গুৱাহাটীৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষাৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ নাট শাখাৰ কণ্ঠস্বৰ পৰীক্ষা অৰ্থাৎ অডিছনৰ বাবে নিৰ্দিষ্ট কৰা দিনৰ সালসলনি ঘটোৱা হৈছে। নাট শাখাৰ পৰা জনোৱা মতে অনিবাৰ্য কাৰণবশতঃ কালিৰে পৰা হ'বলগীয়া পূৰ্ব ঘোষিত কণ্ঠস্বৰ পৰীক্ষাৰ সূচী নতুনকৈ ঘোষণা কৰা হৈছে। নতুন তাৰিখ অনুসৰি অহা ৩ ছেপ্তেম্বৰৰ পৰা ২০ ছেপ্তেম্বৰলৈ এই অ’ডিছন সম্পন্ন হ'ব। নতুনকৈ আবেদন কৰা শিশু শিল্পী আৰু বি-গ্ৰেডৰ উপৰি বি-হাই গ্ৰেডৰ বাবেও একেলগে অ'ডিছন সম্পন্ন হ'ব। প্রার্থীসকললৈ কণ্ঠস্বৰ পৰীক্ষাৰ প্ৰৱেশ পত্র ডাক যোগে পঠিওৱা হ'ব আৰু প্ৰত্যেকৰে ম'বাইলত অ'ডিছন...

July 20, 2024 7:49 PM

views 77

গোলাঘাট জিলাৰ হালধীবাৰীত দুষ্প্ৰাপ্য পিপলি চেং মাছৰ সৈতে এটা সৰবৰাহকাৰীক আটক

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গোলাঘাট জিলাৰ হালধীবাৰী অঞ্চলত বন বিভাগে চলোৱা অভিযানত আজি দুষ্প্ৰাপ্য পিপলি চেং মাছৰ সৈতে এটা সৰবৰাহকাৰীক আটক কৰা হৈছে। ইফালে, বানপানীৰ পৰিপ্ৰেক্ষিতত বন্য প্রাণী সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি গোলাঘাট জিলা প্রশাসনে ট্রাক চলাচলৰ ক্ষেত্ৰত কেতবোৰ নতুন নির্দেশনা জাৰি কৰিছে। এই অনুযায়ী আজিৰে পৰা পুৱা ৬ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ কাজিৰঙাৰ মাজেৰে ট্ৰাকৰ চলাচল স্বাভাৱিকভাৱে হ'ব বুলি নিৰ্দেশনা প্রদান কৰা হৈছে। আনহাতে, সন্ধিয়া ৫ বজাৰ পৰা পুৱা ৬ বজালৈ ট্ৰাকৰ চলাচল সম্পূর্ণ বন্ধ থাক...

July 20, 2024 7:47 PM

views 63

চাইবাৰ অপৰাধৰ লগত জড়িত ৫ টা দুধৰ্ষ অপৰাধীক গ্ৰেপ্তাৰ নগাওঁ আৰক্ষীৰ

নগাওঁ আৰক্ষীৰ এটা দলে গোপন সূত্ৰৰ পম খেদি চাইবাৰ অপৰাধৰ লগত জড়িত ৫ টা দুধৰ্ষ অপৰাধীক গ্ৰেপ্তাৰ কৰিবলৈ সমৰ্থ হয়। নগাওঁ জিলাৰ অতিৰিক্ত আৰক্ষী অধীক্ষকৰ নেতৃত্বত চলোৱা অভিযানত ধৃত অপৰাধীকেইটাৰ ঘৰ মহাৰাষ্ট্ৰ, বৰপেটা আৰু নগাওঁৰে কছুৱাত বুলি জানিব পৰা গৈছে। অপৰাধী চক্ৰটোৱে জিলাখনৰ বিভিন্ন বেংক একাউণ্ট হেক কৰি ধন আত্মসাত্ৰ ঘটনা সংঘটিত কৰি আহিছিল অপৰাধী কেইটাৰ পৰা ৫ টা মোবাইল ফোন, কেইবাখনো এ টি এম কার্ড আৰু চীম কার্ড জব্দ কৰা হৈছে। নগাঁও আৰক্ষীয়ে এই সন্দৰ্ভত সদৰ থানাত এটা গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰ...

July 20, 2024 7:44 PM

views 71

আজি নিশা ৮ বাজি ২ মিনিটত আকাশবাণীৰ ‘দৃষ্টিপাত’ অনুষ্ঠান

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে আজি নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাত অনুষ্ঠানত পেৰিছ অলিম্পিক আৰু ভাৰত সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত সাংবাদিক কুলপ্ৰদীপ ভাগৱতী আৰু সুবোধ মল্লবৰুৱা সমল ব্যক্তি হিচাপে উপস্থিত থাকিব। অনুষ্ঠানটোৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।

July 15, 2024 12:42 PM

views 68

আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবাত অসমৰ ধ্ৰুপদ কাশ্যপে শ্রেষ্ঠত্ব অর্জন

আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবাত অসমৰ ধ্ৰুপদ কাশ্যপে শ্রেষ্ঠত্ব অর্জন কৰিছে। দবা খেলুৱৈ অভিভাৱক মঞ্চৰ উদ্যোগত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত খেলখন অনুষ্ঠিত হৈছিল। ধ্রুপদে ৯ ৰাউণ্ডৰ পৰা ৮.৫ পইণ্ট সংগ্ৰহেৰে প্ৰতিযোগিতাখনত শ্ৰেষ্ঠত্ব অর্জন কৰে। অন্ধ্ৰপ্ৰদেশৰ কুশল অ আৰু তামিলনাডুৰ অনুপ শংকৰ আৰে ৭.৫ পইণ্ট লাভ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত থাকে। দেশৰ বিভিন্ন ৰাজ্যৰ কেইবাগৰাকীও খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। অসমৰ ৰিণ্টু ব্ৰহ্ম, তন্ময় ৰাজবংশী আৰু অম্লান মহন্তই ৭ পইণ্...