July 15, 2024 12:40 PM

views 63

বেংক একাউণ্টৰ ধন জালিয়াতিৰ গোচৰত ষ্টেট বেংক অব্ ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধক গুলেনুৰ হুছেইনক আটক

অসম আৰক্ষীৰ এজন অৱসৰপ্ৰাপ্ত মহাপৰিদৰ্শকৰ বেংক একাউণ্টৰ ধন জালিয়াতিৰে আত্মসাৎ কৰাৰ গোচৰত কালি দিছপুৰ আৰক্ষীয়ে ষ্টেট বেংক অব্ ইণ্ডিয়াৰ বৰবাৰী শাখাৰ প্ৰাক্তন শাখা প্ৰৱন্ধক গুলেনুৰ হুছেইনক আটক কৰে। একেটা গোচৰতে আৰক্ষীয়ে ত্ৰিদীপ কলিতা নামৰ আন এজন লোককো আটক কৰে। উল্লেখযোগ্য যে অৱসৰপ্ৰাপ্ত উপ-মহাপৰিদৰ্শক ভৱন্ধৰ দত্তৰ বৰবাৰী শাখাত থকা বেংক একাউণ্টৰ পৰা ২৬ লাখ টকা গোপনে বিভিন্ন তাৰিখত অন্যান্য বেংক একাউণ্টলৈ হস্তান্তৰ কৰা হৈছে। এই সম্পর্কে অৱগত হৈ শ্ৰী দত্তই দিয়া এজাহাৰৰ ভিত্তিত দিছপুৰ থানাত এটা গোচ...

July 15, 2024 12:22 PM

views 62

দিছপুৰৰ লোকসেৱা ভৱনত শিক্ষা বিভাগৰ অধীনত ৪১ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদানৰ উদ্দেশ্যে নিযুক্তি সমাৰোহৰ আয়োজন

ৰাজ্য চৰকাৰৰ এক লাখ নিযুক্তিৰ প্ৰতিশ্ৰুতি পূৰণৰ অংশ হিচাপে আজি দিছপুৰৰ লোকসেৱা ভৱনত শিক্ষা বিভাগৰ অধীনত ৪১ গৰাকী প্ৰাৰ্থীলৈ নিযুক্তি পত্ৰ প্ৰদানৰ উদ্দেশ্যে নিযুক্তি সমাৰোহৰ আয়োজন কৰা হৈছে। এই ৪১ গৰাকী প্ৰাৰ্থীৰ ভিতৰত উচ্চ শিক্ষা সঞ্চালকালয়ত ২২ গৰাকী, কাৰিকৰী শিক্ষা সঞ্চালকালয়ত ১২ গৰাকী আৰু ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদত ৭ গৰাকী প্ৰাৰ্থীক নিযুক্তি পত্ৰ প্ৰদান কৰা হ'ব। এই অনুষ্ঠানত মুখ্যমন্ত্রী হিমন্ত বিশ্ব শর্মা মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে শিক্ষা মন্ত্ৰী ডাঃ ৰণোজ পেগুও উপস...

July 15, 2024 10:41 AM

views 61

আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ ফোন-ইন পাব্লিক স্পীক অনুষ্ঠান

● আকাশবাণীৰ দ্বিভাষিক ফোন-ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত উচ্চৰক্তচাপ আৰু ইয়াৰ সমাধানৰ সন্দৰ্ভত এক মননশীল আলোচনা আগবঢ়োৱা হ'ব। এই আলোচনাত এইমছৰ হৃদৰোগ বিভাগৰ অধ্যাপক ড° ৰাকেশ যাদৱ আৰু খাদ্য বিশেষজ্ঞ ডাঃ ৰিচা জয়ছৱালে অংশগ্রহণ কৰিব। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে উচ্চৰক্তচাপৰ বিভিন্ন দিশ যেনে ইয়াৰ লক্ষণ, প্ৰতিৰোধ আৰু সুস্থ জীৱনশৈলীৰ সৈতে জড়িত প্রশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে অনুষ্ঠান প্ৰচাৰ হৈ থকাৰ সময়ত ০১১ ২৩৪২১০৫০ আৰু ০১১-২৩৩১৪৪৪৪ নম্বৰত ফোনকৰি তেওঁলোকৰ প্ৰশ্ন সুধিব পাৰিব। ত...

July 12, 2024 1:00 PM

views 67

আজি ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই অসম আৰু মেঘালয় ভ্ৰমণসূচীৰে অসমলৈ আহিব

কেন্দ্ৰীয় যোগাযোগ আৰু উত্তৰ-পূব উন্নয়ন দপ্তৰ অৰ্থাৎ ড’নাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই আজি অসম আৰু মেঘালয় ভ্ৰমণসূচীৰে অসমলৈ আহিব। মন্ত্ৰীগৰাকীয়ে এই সময়ছোৱাত ড'নাৰ মন্ত্ৰ্যালয়ৰ বিষয়াবৰ্গ, উত্তৰ-পূব পৰিষদ আৰু ৰাজ্য চৰকাৰৰ শীৰ্ষ বিষয়াৰ সৈতে পর্যালোচনা বৈঠকত মিলিত হ'ব। মন্ত্ৰীগৰাকীয়ে NERACE শীর্ষক এটা এপ্লিকেচন মুকলি কৰাৰ লগতে উত্তৰ-পূব পৰিষদৰ আৰু অন্য বিষয়াবৰ্গৰ সৈতে মত-বিনিময় কৰিব।

July 11, 2024 8:48 PM

views 60

ৰাজ্যত বন্ধ হৈ থকা শীতল ভঁৰালসমূহ পুনৰুজ্জীৱিতৰ লগতে নতুন শীতল ভঁৰাল নিৰ্মাণত ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ

ৰাজ্যত বন্ধ হৈ থকা শীতল ভঁৰালসমূহ পুনৰুজ্জীৱিত কৰাৰ লগতে নতুন শীতল ভঁৰাল নিৰ্মাণৰ বাবে ৰাজ্য চৰকাৰে বিশেষ গুৰুত্ব আৰোপ কৰিছে বুলি কৃষি বিভাগৰ মন্ত্ৰী অতুল বৰাই প্ৰকাশ কৰিছে। এই সন্দৰ্ভত দিছপুৰত অনুষ্ঠিত এখন বৈঠকত কৃষি উৎপাদন আয়ুক্ত তথা কৃষি বিভাগৰ আয়ুক্ত সচিব অৰুণা ৰাজোৰীয়া, সচিব তেজপ্ৰসাদ ভূষালৰ লগতে বিভাগৰ আন জ্যেষ্ঠ বিষয়াসকলৰ সৈতে মন্ত্ৰী শ্ৰীবৰাই শীতল ভঁৰালসমূহৰ স্থিতি সন্দৰ্ভত আলোচনা কৰে। তেওঁ কয় যে, সহজে নষ্ট হ'ব পৰা খাদ্য সামগ্ৰীৰ ম্যাদ বৃদ্ধি তথা গুণগত মান অক্ষুণ্ণ ৰখা, নষ্ট হোৱাৰ প...

July 11, 2024 8:44 PM

views 59

প্ৰেছ ইনফৰমেচন ব্যুৰ’ আৰু ছেণ্ট্ৰেল ব্যুৰ’ অফ কমিউনিকেচনৰ উত্তৰ-পূব মণ্ডলৰ মুখ্য কাৰ্যালয়ৰ উদ্যোগত কালিৰে পৰা ৩ দিনীয়াকৈ মাণ্ডলিক সন্মিলন অনুষ্ঠিত

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰ্যালয়ৰ প্ৰেছ ইনফৰমেচন ব্যুৰ' আৰু ছেণ্ট্ৰেল ব্যুৰ' অফ কমিউনিকেচনৰ উত্তৰ-পূব মণ্ডলৰ গুৱাহাটীত থকা মুখ্য কাৰ্যালয়ৰ উদ্যোগত কালিৰে পৰা তিনিদিনীয়াকৈ এখন মাণ্ডলিক সন্মিলন অনুষ্ঠিত হৈছে। পি আই বি আৰু চি বি চিৰ বিষয়াসকলৰ বাবে আয়োজিত এই সন্মিলনৰ আজি দ্বিতীয়দিনা চি বি চিব গোটসমূহে বিভিন্ন স্থানত ৰূপায়ণ কৰা কাম-কাজসমূহৰ বিষয়ে আলোচনা কৰা হয়। এই অনুষ্ঠানত পি আই বি উত্তৰ-পূব মণ্ডলৰ সঞ্চালক প্রধান কে সতীশ নাম্বুদিবিপাড়ে কয় যে, এই সন্মিলনে বিভিন্ন ধাৰণা আৰু মতামতৰ প্ৰকাশৰ বাব...

July 4, 2024 9:13 PM

views 57

দেশত বলৱৎ হোৱা তিনিখন নতুন আইন সন্দৰ্ভত বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ সজাগতা সভা

পহিলা জুলাইৰ পৰা দেশত বলৱৎ হোৱা তিনিখন নতুন আইন সন্দৰ্ভত আজি বৰপেটা জিলা সমাজ কল্যাণ বিভাগৰ উদ্যোগত এখন সজাগতা সভা অনুষ্ঠিত হয়। এই সভাত সমাজ কল্যাণ বিভাগৰ অধীনত কৰ্মৰত শিশু উন্নয়ন প্রকল্প বিষয়া আৰু ছুপাৰ ভাইজাৰসকলক আইন তিনিখনৰ বিভিন্ন দিশ সম্পৰ্কে অৱগত কৰোৱা হয়। এই সভাত প্ৰশাসনৰ শীৰ্ষ বিষয়া আৰু কেইবাগৰাকীও অধিবক্তাই আইন তিনিখন সন্দৰ্ভত ভাষণ দিয়ে। লখিমপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু জিলা মহিলা আৰু শিশু উন্নয়ন বিভাগৰ সহযোগত আজি জিলাখনত নতুন আইন তিনিখনত মহিলা আৰু শিশুৰ বাবে থকা বিভিন্ন সুবিধা ...

July 4, 2024 2:57 PM

views 65

আজিৰে পৰা ৰাজ্যৰ কেইবাখনো জিলাত সম্পূর্ণতা অভিযান ৰূপায়ণ

■ অভিলাষী জিলা আৰু উন্নয়ন খণ্ডসমূহৰ দ্ৰুত তথা সৰ্বাত্মক বিকাশৰ লক্ষ্যৰে ৰাজ্যৰ কেইবাখনো জিলাত আজিৰেপৰা সম্পূর্ণতা অভিযান ৰূপায়ণ কৰা হৈছে। অসমৰ বাক্সা, ধুবুৰী, দৰং, বৰপেটা, গোৱালপাৰা,ওদালগুৰি আৰু হাইলাকান্দিকে ধৰি মুঠ ৭খন জিলা তথা ২০টা উন্নয়ন খণ্ড এলেকাক এই অভিযানে সামৰি লৈছে। উল্লেখযোগ্য যে বৰ্তমানলৈ উন্নয়নৰ সুফল নোপোৱা দেশৰ ভিন্ন প্ৰান্তৰ অঞ্চলক সামৰি কেন্দ্ৰীয় চৰকাৰে এনে অঞ্চলসমূহৰ দ্ৰুত উন্নয়নৰ লক্ষ্যৰে সম্পূৰ্ণতা অভিযান আৰম্ভ কৰিছে। নীতি আয়োগে আৰম্ভ কৰা এই অভিযান ৩০ ছেপ্তেম্বৰ পৰ্যন্ত...

July 2, 2024 8:04 PM

views 83

গুৱাহাটী প্ৰেছ ক্লাবত আজি সাংবাদিক সকলৰ বিনামূলীয়া স্বাস্থ্য পৰীক্ষা তথা মধুমেহ আৰু ৰক্তচাপ শিবিৰ অনুষ্ঠিত

অসম স্বাস্থ্যসেৱা সমবায় সমিতিৰ উদ্যোগত আৰু গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ৰ সহযোগত গুৱাহাটী প্ৰেছ ক্লাবত আজি সাংবাদিক সকলৰ বাবে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা তথা মধুমেহ আৰু ৰক্তচাপ শিবিৰ অনুষ্ঠিত হয়। এই শিবিৰত চিকিৎসক বিদুৎ বিকাশ চৌধুৰী আৰু কেইবাগৰাকীও চিকিৎসা কৰ্মীয়ে সেৱা আগবঢ়ায়। তদুপৰি জ্যেষ্ঠ চকুৰোগ বিশেষজ্ঞ ডা০ বিজুলী গোস্বামীয়ে সাংবাদিক সকলৰ চকু পৰীক্ষা কৰে। কমেও ৭৫ গৰাকী সাংবাদিকে এই শিবিৰত চকু আৰু স্বাস্থ্য পৰীক্ষা কৰোৱায়৷

July 2, 2024 1:14 PM

views 52

আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত GROWTH SAGA OF NORTH-EAST শীর্ষক আলোচনাচক্র অনুষ্ঠিত

আকাশবাণী গুৱাহাটীৰ ৭৭ সংখ্যক প্ৰতিষ্ঠা দিৱস আৰু আঞ্চলিক বাতৰি বিভাগৰ ৬৮ সংখ্যক প্ৰতিষ্ঠা দিৱস কালি গুৱাহাটীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আই টি এ প্রেক্ষাগৃহত অনুষ্ঠিত হয়। আকাশবাণীৰ উত্তৰ- পূবৰ অতিৰিক্ত সঞ্চালক প্রধান আশীষ ভাটনাগৰে বন্তি প্ৰজ্বলন কৰি অনুষ্ঠান আৰম্ভ কৰে। ভাষণ প্ৰসংগত শ্রীভাটনাগৰে কয় যে আকাশবাণী সদায় জনগণৰ কণ্ঠ হৈ আছে আৰু পূৰ্বৰ দৰেই আকাশবাণীয়ে নিজৰ গৰিমা অক্ষুণ্ণ ৰাখিছে। উদ্বোধনী অনুষ্ঠানৰ পাছতেই আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ উদ্যোগত GROWTH SAGA OF NORTH-EAST শীর্ষক আলোচনাচ...