● আকাশবাণীৰ দ্বিভাষিক ফোন-ইন অনুষ্ঠান পাব্লিক স্পীকত আজি নিশা ৯.৩০ বজাত উচ্চৰক্তচাপ আৰু ইয়াৰ সমাধানৰ সন্দৰ্ভত এক মননশীল আলোচনা আগবঢ়োৱা হ’ব। এই আলোচনাত এইমছৰ হৃদৰোগ বিভাগৰ অধ্যাপক ড° ৰাকেশ যাদৱ আৰু খাদ্য বিশেষজ্ঞ ডাঃ ৰিচা জয়ছৱালে অংশগ্রহণ কৰিব। অনুষ্ঠান চলি থকাৰ সময়ত শ্ৰোতাসকলে উচ্চৰক্তচাপৰ বিভিন্ন দিশ যেনে ইয়াৰ লক্ষণ, প্ৰতিৰোধ আৰু সুস্থ জীৱনশৈলীৰ সৈতে জড়িত প্রশ্ন সুধিব পাৰিব। শ্ৰোতাসকলে অনুষ্ঠান প্ৰচাৰ হৈ থকাৰ সময়ত ০১১ ২৩৪২১০৫০ আৰু ০১১-২৩৩১৪৪৪৪ নম্বৰত ফোনকৰি তেওঁলোকৰ প্ৰশ্ন সুধিব পাৰিব। তদুপৰি প্ৰশ্নসমূহ ৯২৮৯০৯৪০৪৪ নম্বৰত হোৱাটছএপ অথবা সামাজিক মাধ্যম এক্সৰ যোগেও প্ৰেৰণ কৰিব পাৰিব।
Assamese | July 15, 2024 10:41 AM | Akashvani | Akashvani Guwahati | Public speack
আজি নিশা ৯.৩০ বজাত আকাশবাণীৰ ফোন-ইন পাব্লিক স্পীক অনুষ্ঠান