আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবাত অসমৰ ধ্ৰুপদ কাশ্যপে শ্রেষ্ঠত্ব অর্জন কৰিছে। দবা খেলুৱৈ অভিভাৱক মঞ্চৰ উদ্যোগত অসম ডাউন টাউন বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত খেলখন অনুষ্ঠিত হৈছিল। ধ্রুপদে ৯ ৰাউণ্ডৰ পৰা ৮.৫ পইণ্ট সংগ্ৰহেৰে প্ৰতিযোগিতাখনত শ্ৰেষ্ঠত্ব অর্জন কৰে। অন্ধ্ৰপ্ৰদেশৰ কুশল অ আৰু তামিলনাডুৰ অনুপ শংকৰ আৰে ৭.৫ পইণ্ট লাভ কৰি ক্ৰমে দ্বিতীয় আৰু তৃতীয় স্থানত থাকে। দেশৰ বিভিন্ন ৰাজ্যৰ কেইবাগৰাকীও খেলুৱৈয়ে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। অসমৰ ৰিণ্টু ব্ৰহ্ম, তন্ময় ৰাজবংশী আৰু অম্লান মহন্তই ৭ পইণ্টকৈ লাভ কৰে যদিও ট্রাই ব্রেক স্ক’ৰত চতুৰ্থৰ পৰা চতুৰ্দশ স্থানত থাকে। পশ্চিমবংগৰ আয়ুশ্ৰী সৰকাৰে প্ৰতিযোগিতাখনত শ্ৰেষ্ঠ মহিলা খেলুৱৈৰ সন্মান লাভ কৰে। মহিলা শাখাত ক্রমে, অসমৰ দ্বীপ নালিচাই দ্বিতীয় আৰু ঈক্ষিতা বৰ্মনে তৃতীয় স্থান লাভ কৰে।
Assamese | July 15, 2024 12:42 PM | Akashvani Guwahati | Assam | Chess | Chess Player
আয়োধানা আন্তঃৰাষ্ট্ৰীয় ফিডে ৰেটিং দবাত অসমৰ ধ্ৰুপদ কাশ্যপে শ্রেষ্ঠত্ব অর্জন