June 2, 2024 1:58 PM

views 57

৪ জুনত জনাদেশ-২০২৪ শীর্ষক আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ দিনজোৰা অনুষ্ঠান

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে পৰহিলৈ লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ-২০২৪ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতত ভোটগণনাৰ শেহতীয়া তথ্য সম্পর্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা ৮ বাজি ৩০ মিনিটৰ পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো NEWS ON AIR এপ, আমাৰ ইউ টিউব চেনেল AIR NEWS GUWAHATI আৰু X হেণ্ডেল @AIRNE...

June 1, 2024 8:02 PM

views 52

ফাঁচীবজাৰ আৰু লাখটকীয়াৰ পৰা নিচাযুক্ত দ্রব্যসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ

গুৱাহাটী মহানগৰ আৰক্ষীয়ে আজি অভিযান চলাই ফাঁচীবজাৰ আৰু লাখটকীয়াৰ পৰা নিচাযুক্ত দ্রব্যসহ দুটা সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। লোক দুজনৰ পৰা হেবোইন জব্দ কৰা হৈছে। ইপিনে, গোলাঘাট আৰক্ষীয়ে কাৰ্বি আংলং আৰক্ষীৰ সহযোগত আজি নুমলিগড় অঞ্চলৰ দৈগ্ৰঙৰ পৰা এটা আন্তৰাষ্ট্ৰীয় মাদক দ্রব্য সৰবৰাহকাৰী চক্র উৎখাত কৰে। গোপন সূত্ৰৰ পম খেদি আৰক্ষীয়ে ৭০ টা চাবোনৰ বাকচত লুকুৱাই অনা ৮৫০ গ্ৰামৰো অধিক হেৰোইন জব্দ কৰিছে। জব্দ কৰা হেবোইনখিনিৰ মূল্য প্রায় ২ কোটি টকা বুলি জানিব পৰা গৈছে। হাইলাকান্দি আৰক্ষী আৰু চি আৰ পি এফে য...

June 1, 2024 2:03 PM

views 39

গুৱাহাটীৰ ১০টা স্থানত খোৱাপানীৰ যোগান আঁচনিৰ পাইপ মেৰামতিৰ বাবে আজি আৰু কাইলৈ খোৱাপানী যোগান বন্ধ থাকিব

গুৱাহাটীৰ ১০টা স্থানত খোৱাপানীৰ যোগান আঁচনিৰ পাইপ মেৰামতিৰ বাবে আজি আৰু কাইলৈ খোৱাপানী যোগান বন্ধ থাকিব বুলি গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই প্ৰকাশ কৰিছে। পাইপ মেৰামতিৰ বাবে শৰণীয়া, উলুবাৰী, লাচিত নগৰ, গান্ধীবস্তি, বিহাবাৰী, বি কে কাকতি ৰোড, মণিপুৰী বস্তি, বি বৰুৱা ৰোড, কাছাৰী বস্তি আৰু ইছলামপুৰত খোৱাপানীৰ যোগান বন্ধ থাকিব।

May 31, 2024 7:47 PM

views 52

গুৱাহাটীৰ ১০ টা স্থানত ১ আৰু ২ জুনত খোৱাপানী যোগান বন্ধ থাকিব

গুৱাহাটীৰ ১০ টা স্থানত খোৱাপানীৰ যোগান আঁচনিৰ পাইপ মেৰামতিৰ বাবে অহা ১ আৰু ২ জুনত খোৱাপানী যোগান বন্ধ থাকিব। গুৱাহাটী পৌৰ নিগম কৰ্তৃপক্ষই এই কথা প্ৰকাশ কৰিছে। পাইপ মেৰামতিৰ বাবে শৰণীয়া, উলুবাৰী, লাচিত নগৰ, গান্ধীবস্তি, ৰিহাবাৰী, বি কে কাকতি ৰোড, মণিপুৰী বস্তি, বি বৰুৱা ৰোড, কাছাৰী বস্তি আৰু ইছলামপুৰত খোৱাপানীৰ যোগান বন্ধ থাকিব। 

May 31, 2024 8:21 PM

views 68

কাইলৈ আকাশবাণী গুৱাহাটীৰ ‘দৃষ্টিপাত’ অনুষ্তঠানত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা

আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ আঞ্চলিক বাতৰি বিভাগে কাইলৈ নিশা ৮ বাজি ২ মিনিটত দৃষ্টিপাতত নতুন ফৌজদাৰী আইন সন্দৰ্ভত আলোচনা প্ৰচাৰ কৰিব। এই অনুষ্ঠানত অধিবক্তা নিকুঞ্জ দেৱ শৰ্মা আৰু অপৰাধ অনুসন্ধান শাখাৰ বিশেষ আৰক্ষী অধীক্ষক প্ৰণৱজ্যোতি গোস্বামী অতিথি হিচাপে উপস্থিত থাকিব। আগ্রহী শ্রোতাই অনুষ্ঠান চলি থকাৰ সময়ত ০৩৬১-২৬৬১৮৭৬ অথবা ২৬৬২৩২৫ নম্বৰত ফোন কৰি অতিথিৰ সৈতে কথা পাতিব পাৰিব। অনুষ্ঠানটিৰ আঁত ধৰিব মানস প্ৰতীম শৰ্মাই।

May 31, 2024 6:55 PM

views 69

৪ জুনত আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগৰ ‘জনাদেশ-২০২৪’ শীর্ষক দিনজোৰা অনুষ্ঠান

আকাশবাণী গুৱাহাটী আঞ্চলিক বাতৰি বিভাগে অহা ৪ জুনত লোকসভা নিৰ্বাচনৰ ভোটগণনাৰ দিনা জনাদেশ-২০২৪ শীর্ষক দিনজোৰা অনুষ্ঠান প্ৰচাৰ কৰিব। এই অনুষ্ঠানত কেইবাগৰাকীও বিশ্লেষক আৰু সমল ব্যক্তিৰ উপস্থিতত ভোটগণনাৰ শেহতীয়া তথ্য সম্পৰ্কে আলোচনা কৰাৰ লগতে দেশ আৰু ৰাজ্যৰ বিভিন্ন সমষ্টিৰ পৰা আকাশবাণীৰ সংবাদদাতাৰ সৈতে সংযোগ স্থাপন কৰি পোনপটীয়াকৈ ভোটগণনাৰ শেহতীয়া তথ্য প্ৰচাৰ কৰা হ'ব। অনুষ্ঠানটো পুৱা ৯.১৫ মিনিটৰ পৰা অব্যাহত থাকিব। এই অনুষ্ঠানটো NEWS ON AIR এপ, আমাৰ ইউটিউব চেনেল AIR NEWS GUWAHATI আৰু X হেণ্ডেল @AIRN...

May 25, 2024 6:30 PM

views 61

গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি

গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচীত সাল-সলনি কৰা হৈছে। শোণিতপুৰ, হাইলাকান্দি, মৰিগাঁও, তিনিচুকীয়া, কাৰ্বি আংলং আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে পাঠদানৰ নতুন সময়সূচীৰ নিৰ্দেশনা জাৰি কৰিছে। সেই অনুসৰি শোণিতপুৰ জিলাৰ নিম্ন প্ৰাথমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা দিনৰ ১২ বজালৈ, মধ্য ইংৰাজী বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা ১২ বাজি ৩০ মিনিটলৈ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭ বাজি ৩০ মিনিটৰ পৰা দুপৰীয়া ১ ব...

May 11, 2024 5:56 PM

views 57

আজিৰে পৰা দুদিনীয়াকৈ মৰিগাঁৱৰ চাৰন বিল জলক্রীড়া প্রকল্পস্থলিত প্রকৃতি সজাগতা শিবিৰ

কেন্দ্ৰীয় চৰকাৰৰ বন আৰু পৰিৱেশ তথা জলবায়ু পৰিৱৰ্তন বিভাগৰ সহযোগত আৰু অসম বিজ্ঞান সমিতিৰ উদ্যোগত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে মৰিগাঁৱৰ চাৰন বিল জলক্রীড়া প্রকল্পস্থলিত প্রকৃতি সজাগতা শিবিৰ মুকলি কৰা হৈছে। জিলাখনৰ বিভিন্ন বিদ্যালয়ৰ শতাধিক ইকো ক্লাবৰ দুই শতাধিক ছাত্র- ছাত্ৰীয়ে এই শিবিৰত অংশ লৈছে। জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাই এই শিবিৰ মুকলি কৰি বন ধ্বংসৰ দৰে কাম কাজৰ বিৰুদ্ধে সজাগতা সৃষ্টি কৰিবলৈ আহ্বান জনায়। এই অনুষ্ঠানত মৰিগাঁও মহাবিদ্যালয়ৰ ভূগোল বিভাগৰ অধ্যাপক ড০ হেমন্ত কুমাৰ নাথ আৰু অ...

May 9, 2024 6:42 PM

views 62

অসম লোকসেৱা আয়োগৰ ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা

♦ অসম লোকসেৱা আয়োগে ২০২৩ বৰ্ষৰ সংযুক্ত প্রতিযোগিতামূলক প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা কৰিছে। মূল পৰীক্ষাৰ বাবে সৰ্বমুঠ ২,৮৯৮গৰাকী পৰিক্ষাৰ্থীয়ে যোগ্যতা অৰ্জন কৰিছে। ইয়াৰ ভিতৰত ৭১৯গৰাকী মহিলা, ১০৬গৰাকী বিশেষভাৱে সক্ষম আৰু ১০২গৰাকী প্ৰাক্তন সৈনিক পৰিক্ষাৰ্থীও আছে। পোনপ্ৰথমবাৰৰ বাবে পৰীক্ষাটোত মৰাণ, মটকৰ বাবে সংৰক্ষণ কৰা পদৰ বিপৰীতেও প্ৰাৰ্থীয়ে মূল পৰীক্ষাৰ বাবে যোগ্যতা অৰ্জন কৰিছে। উল্লেখযোগ্য যে, ৰাজ্যৰ ৩২খন জিলাৰ ১১৬টা কেন্দ্ৰত সৰ্বমুঠ ২৩৫টা পদৰ বিপৰীতে অনুষ্ঠিত হোৱা এই পৰীক্ষাত ৬৭,২৯১গৰাকী...

May 9, 2024 5:32 PM

views 57

চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ ঘোষণা

♦ অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদৰ অধীনৰ চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে। সেই অনুসৰি কলা শাখাত ৮৮.২৪ শতাংশ, বিজ্ঞান শাখাত ৯০.২৯ শতাংশ, বাণিজ্য শাখাত ৮৮.২৮ শতাংশ আৰু বৃত্তিমুখী শাখাত ৮৫.৭৮ শতাংশ পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে প্ৰকাশ কৰা মতে এইবেলি পৰীক্ষাত অৱতীৰ্ণ হোৱা মুঠ ২ লাখ ৭৩ হাজাৰ ৯০৮ গৰাকী পৰীক্ষাৰ্থীৰ মাজৰ পৰা ২ লাখ ৪২ হাজাৰ ৭৯৪ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে। ফলাফল অনুসৰি কলা শাখাত মুঠ ৪১,১৩৩ গৰাকী প্ৰথম বিভাগত, ৬৬,৪০৮...