স্পেইনৰ কাৰ্লোছ আলকাৰাজ গার্ফিয়াই ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ দখল কৰিছে। পেৰিছৰ ৰোলাঁ গ্ৰাঁত অনুষ্ঠিত ফাইনেল খেলত গার্ফিয়াই জাৰ্মানীৰ আলেকজেণ্ডাৰ জুৱেৰেভক ৬-৩, ২-৬, ৫-৭, ৬-১ আৰু ৬-২ ছেটত পৰাস্ত কৰে। উল্লেখযোগ্য যে, খেলুৱৈগৰাকীৰ এয়া হৈছে প্ৰথমটো ফ্ৰেন্স অপেন খিতাপ। আটাইকেইখন কোর্টত এই গুৰুত্বপূর্ণ খিতাপ দখল কৰা আলকাৰাজ গার্ফিয়া হৈছে দ্বিতীয়গৰাকী কম বয়সৰ খেলুৱৈ। আলকাৰাজে ফাইনেলত জেনিক চিনাৰক পৰাস্ত কৰাৰ বিপৰীতে জুৱেৰেভে কেষ্পাৰ ৰুদৰ বিৰুদ্ধে জয়লাভ কৰিছিল।
Assamese | June 10, 2024 11:49 AM | Spain’s Carlos Alcaraz Garfia
স্পেইনৰ কাৰ্লোছ আলকাৰাজ গার্ফিয়াৰ ফ্ৰেন্স অপেন টেনিছ প্রতিযোগিতাৰ পুৰুষৰ ছিংগলছৰ খিতাপ দখল