ষ্টেনফর্ড বিশ্ববিদ্যালয়ে প্রস্তুত কৰা বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পাঁচগৰাকী অধ্যাপকৰ নাম অন্তৰ্ভুক্ত হৈছে। বিভিন্ন মাপকাঠিৰ ভিত্তিত প্ৰস্তুত কৰা এই তালিকাত ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক প্রদীপ কুমাৰ ফুকন আৰু একে বিভাগৰে প্ৰাক্তন অধ্যাপক কৃষ্ণগোপাল ভট্টাচার্য আৰু সহযোগী অধ্যাপক ড০ ৰঞ্জিত ঠাকুৰীয়াৰ নাম সন্নিৱিষ্ট হৈছে। আনহাতে, গণিত বিভাগৰ অধ্যাপক বিপন হাজৰিকা আৰু উদ্ভিদ বিভাগৰ প্ৰাক্তন সহকাৰী অধ্যাপক ড০ অৰবিন্দ ঘোষৰ নামো এই তালিকাত আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ননীগোপাল মহন্তই অধ্যাপকসকলক এই সাফল্যৰ বাবে অভিনন্দন জনাই ভৱিষ্যতে এই সংখ্যা বৃদ্ধি কৰাৰ বাবে বিশ্ববিদ্যালয়খনৰ সমূহ শিক্ষক তথা গৱেষক ছাত্ৰ-ছাত্ৰীক গৱেষণামূলক কামত মনোনিবেশ কৰিবলৈ আহ্বান জনায়।
Assamese | October 24, 2024 8:57 PM | scientist guwahati university
বিশ্বৰ শীৰ্ষ ২ শতাংশ বিজ্ঞানীৰ তালিকাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৫গৰাকী অধ্যাপক