চৰাইদেউত ৰাজ্যৰ বান পৰিস্থিতিৰ ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ বাবে অহা কেন্দ্ৰীয় চৰকাৰৰ আন্তঃমন্ত্রালয়ৰ প্ৰতিনিধিৰ সৈতে অসম চৰকাৰৰ প্ৰতিনিধিৰ বৈঠক

ৰাজ্যৰ শেহতীয়া বান পৰিস্থিতি তথা ক্ষয়-ক্ষতিৰ বুজ লোৱাৰ বাবে কেন্দ্ৰীয় চৰকাৰে প্ৰেৰণ কৰা আন্তঃমন্ত্রালয়ৰ দলটোৱে কালি চৰাইদেউ জিলাত অসম চৰকাৰৰ প্ৰতিনিধি আৰু শীর্ষ প্রশাসনিক বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়।

বৈঠকত ৰাজহ মন্ত্রী কেশৱ মহন্তৰ লগতে চৰাইদেউৰ জিলা আয়ুক্ত ডা০ নেহা যাদব, জ্যেষ্ঠ আৰক্ষী অধীক্ষক সুৰজিত সিং পানেছাৰ, ৰাজহ বিভাগৰ বিশেষ সচিব ভাস্কৰ পেণ্ডকে ধৰি অন্যান্য বিষয়াসকল উপস্থিত থাকে।

মন্ত্রী কেশৱ মহন্তই এই সন্দৰ্ভত সাংবাদিকৰ আগত কয়, যে বৈঠকত নাগালেণ্ডৰ পাহাৰৰ পৰা হঠাৎ অহা প্ৰবল বানৰ প্ৰকোপ আৰু ক্ষয়-ক্ষতিৰ বিষয়ে বিশদভাবে আলোচনা কৰা হয়। জিলা প্রশাসনে উদ্ধাৰ আৰু সাহায্য অভিযানৰ বিষয়ে কেন্দ্রীয় দলটোক অৱগত কৰে।

জিলা আয়ুক্তই আশ্রয় শিবিৰৰ ব্যৱস্থাপনা, আন্তঃগাঁথনিৰ ক্ষয়-ক্ষতিৰ উপৰি পশুধন আৰু কৃষি ক্ষেত্ৰত হোৱা বিস্তৰ ক্ষতিৰ সবিশেষ তথ্য আলোকচিত্রসহ প্রতিনিধি দলটোৰ দৃষ্টিগোচৰ কৰে।

উল্লেখযোগ্য যে জিলা প্ৰশাসনৰ সৈতে হোৱা এই বৈঠকৰ পাছতে কেন্দ্রীয় দলটোৱে কালি জিলাখনৰ কেইবাটাও বান প্রভাৱিত এলেকা পৰিদৰ্শন কৰে। দলটোৱে আজি শিৱসাগৰ জিলাত বানত ক্ষয়-ক্ষতিৰ বুজ ল’ব।