ৰাজ্যৰ ভিন্ন প্ৰান্তত আজি ৰামধেনু যুগৰ মননশীল গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকী পালন কৰা হৈছে। এহাত দবা, গোলাম, অশান্ত ইলেক্ট্রন আদি গল্পৰে অসমীয়া সাহিত্যৰ ভঁৰাল চহকী কৰি থৈ যোৱা সৌৰভ কুমাৰ চলিহাৰ ২০১১ চনৰ আজিৰ দিনটোত দেহাৱসান ঘটিছিল। শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগু, পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে স্মৃতি দিৱস উপলক্ষে সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। ড° পেগুৱে সামাজিক মাধ্যমযোগে আধুনিকতাবাদী লেখক চলিহাৰ অৱদান সমাজ জীৱনত সদায় স্মৰণীয় হৈ ৰ’ব বুলি প্ৰকাশ কৰিছে। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত কয় যে প্রয়াত চলিহাই পাঠকৰ ৰুচি অনুযায়ী বিষয়বস্তু নির্বাচন কৰি মননশীল প্রকাশভংগীৰে পাঠকক সন্মোহিত কৰিবলৈ সমৰ্থ হৈছে। প্ৰচাৰ বিমুখ মহীৰূহগৰাকীৰ কালজয়ী সৃষ্টিসমূহে ভাষা-সাহিত্যৰ পথাৰখনক সদায় সাৰুৱা কৰি ৰাখিব বুলি তেওঁ মন্তব্য কৰে।
Assamese | June 25, 2025 9:03 PM | saurabh kumar chaliha
ৰাজ্যৰ ভিন্ন প্ৰান্তত ৰামধেনু যুগৰ মননশীল গল্পকাৰ সৌৰভ কুমাৰ চলিহাৰ ত্ৰয়োদশ মৃত্যুবাৰ্ষিকী পালন