March 4, 2025 7:58 PM | Sarbanada sonowal

printer

ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩৭ খন বিছনাযুক্ত ৰোগী সেৱা কেবিনৰ আধাৰশিলা স্থাপন

কেন্দ্রীয় মন্ত্রী সর্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ অসম চিকিৎসা মহাবিদ্যালয় হাস্পতালত ৩৭ খন বিছনাযুক্ত ৰোগী সেৱা কেবিনৰ আধাৰশিলা স্থাপন কৰে। এই নতুন ব্যৱস্থাৰ জৰিয়তে ৰোগীসকলে যথেষ্ট সকাহ পাব বুলি আশা কৰা হৈছে। অইল ইণ্ডিয়া লিমিটেডৰ কৰ্পৰেট সামাজিক দায়বদ্ধতা আঁচনিৰ অধীনত ৮ কোটি ৮৯ লাখ টকা ব্যয় সাপেক্ষে নির্মাণ হবলগীয়া এই ৩৭টা উন্নত মানৰ সুবিধাযুক্ত কোঠাত ২৪ ঘণ্টাই ৰোগীয়ে প্ৰয়োজনীয় চিকিৎসা লাভ কৰিব। উল্লেখযোগ্য যে ২০২৪ বৰ্ষত অইল ইণ্ডিয়া লিমিটেডে অসম চিকিৎসা মহাবিদ্যালয়ৰ সৈতে ১০০টা অত্যাধুনিক কেবিন নিৰ্মাণৰ বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছিল।