দূৰদৰ্শনৰ সঞ্চালক প্রধান কাঞ্চন প্ৰসাদে প্রয়াগৰাজৰ মহাকুম্ভক বিশ্বাস, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ মিলন বুলি অভিহিত কৰে। মহাকুম্ভস্থলীৰ চেক্টৰ-৪ত থকা কুম্ভবাণী কেন্দ্ৰত ভাষণ দি শ্রীমতী প্রসাদে আজি কয় যে কুম্ভমেলাৰ দৰে ঐশ্বৰিক অনুষ্ঠানৰ বাণীসমূহ জনসাধাৰণৰ হৃদয়লৈ লৈ যোৱাত কুম্ভবাণী কেন্দ্রই অবিশ্বাস্য মাধ্যম ৰূপে ভূমিকা গ্রহণ লৈছে। তেওঁ আশা প্ৰকাশ কৰে যে এই কেন্দ্ৰটোৱে শ্ৰোতাসকলৰ বাবে জ্ঞান, ভক্তি আৰু দৃঢ়তাৰ বাণী প্ৰচাৰ কাৰ্য অব্যাহত ৰাখিব। গংগা, যমুনা আৰু সৰস্বতী নদীৰ সংগমস্থলত ভক্তসকলে পৱিত্ৰ স্নান কৰি আধ্যাত্মিক শান্তি আৰু শক্তি লাভ কৰা কাৰ্যতো শ্রীমতী প্ৰসাদে আলোকপাত কৰে।
Assamese | February 21, 2025 8:34 PM | Kumbhabani radio station
প্রয়াগৰাজৰ মহাকুম্ভক বিশ্বাস, সংস্কৃতি আৰু আধ্যাত্মিকতাৰ মিলন বুলি অভিহিত কাঞ্চন প্ৰসাদৰ