প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ভিডিঅ’ কনফাৰেন্সিং ব্যৱস্থাৰে বিংশ ৰোজগাৰ মেলাত বিভিন্ন চৰকাৰী বিভাগ আৰু প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰা ৫১ হাজাৰৰো অধিক যুৱক-যুৱতীক নিযুক্তি পত্ৰ বিতৰণ কৰিব। দেশৰ ৪৫টা স্থানত বিংশ ৰোজগাৰ মেলাৰ আয়োজন কৰা হৈছে।
নৱ নিযুক্ত প্ৰাৰ্থীসকলে কৰ বিভাগ, ৰে’ল বিভাগ, গৃহ পৰিক্ৰমা, স্বাস্থ্য আৰু পৰিয়াল কল্যাণ, বিত্ত সেৱা, প্ৰতিৰক্ষাকে ধৰি কেন্দ্ৰীয় চৰকাৰৰ বিভিন্ন মন্ত্ৰালয় আৰু বিভাগত যোগদান কৰিব । বিংশ ৰোজগাৰ মেলাত নিযুক্তিপ্রাপ্ত সকলকে ধৰি মুঠ ১২ লাখ ৭৫ হাজাৰ যুৱক-যুৱতীয়ে বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানত নিযুক্তি লাভ কৰিছে। এই ৰোজগাৰ মেলাসমূহৰ যোগেৰে চৰকাৰে যুৱক-যুৱতীসকলক বিভিন্ন চৰকাৰী প্ৰতিষ্ঠানত নিযুক্তি প্ৰদানৰ সুবিধাৰে দেশৰ বিকাশৰ যাত্ৰাত যুৱ প্ৰজন্মৰ অংশগ্রহণ নিশ্চিত কৰাৰ প্ৰয়াস কৰিছে।