প্রধানমন্ত্রী তথা বিজেপিৰ জ্যেষ্ঠ নেতা নৰেন্দ্ৰ মোদীয়ে কয় যে সমগ্র দেশে এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচনৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে। হিন্দী দৈনিক কাকত এখনক দিয়া এটা সাক্ষাৎকাৰত শ্ৰী মোদীয়ে কয় যে এখন ৰাষ্ট্ৰ এটা নির্বাচনৰ উচ্চস্তৰীয় সমিতিখনে ইতিবাচক পৰামৰ্শ লাভ কৰিছে। তেওঁ লগতে কয় যে এই ব্যৱস্থা কাৰ্যকৰী হ’লে দেশ বহুমাত্ৰিকভাৱে লাভৱান হ’ব৷ কাকতখনে সোধা প্ৰশ্নৰ উত্তৰত মোদীয়ে কয় যে ভাৰতক বিশ্বৰ প্ৰতিটো উদীয়মান খণ্ডৰ বাবে গোলকীয় কেন্দ্ৰ হিচাপে গঢ়ি তোলাটো তেওঁৰ দলৰ সংকল্প। তেওঁ কয় যে তেওঁলোকে সপ্তাহৰ সাত দিন ২৪ ঘণ্টাই দেশৰ উন্নয়নৰ বাবে চেষ্টা চলাই আছে।
Assamese | April 17, 2024 6:36 PM | PM Modi
সমগ্র দেশে এখন ৰাষ্ট্ৰ, এটা নিৰ্বাচনৰ প্ৰয়োজনীয়তা অনুভৱ কৰিছে বুলি এটা সাক্ষাৎকাৰত প্ৰকাশ প্ৰধানমন্ত্ৰীৰ