প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী কাইলৈ তেওঁৰ সংসদীয় সমষ্টি বাৰানসীলৈ যাব। তাত তেওঁ প্ৰায় ছহেজাৰ ৬০০ কোটি টকা ব্যয় সাপেক্ষ কেইবাটাও প্রকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব। তেওঁ লগতে কেইবাটাও সমাৱেশক সম্বোধন কৰিব। প্ৰধানমন্ত্ৰীৰ ভ্ৰমণলৈ চাই চহৰখনত কেইবা তৰপীয়া সুৰক্ষা ব্যৱস্থা কৰা হৈছে। বাৰানসীৰ আৰক্ষী আয়ুক্ত মোহিত আগৰৱালে কৈছে যে, প্রধানমন্ত্ৰী আহ-যাহ কৰিবলগীয়া প্ৰতিটো পথত ড্ৰোনেৰে নিৰীক্ষণ কৰা হ’ব।
Assamese | October 19, 2024 8:22 PM | PM Modi to inaugurate & lay foundation of multiple projects in Varanasi tomorrow
প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বাৰানসীত কাইলৈ কেইবাটাও প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰিব