প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ হ’বলগীয়া জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে আজি ইটালীলৈ বুলি ৰাওনা হ’ব। বিদেশ সচিব বিনয় কোৱাট্টাই কালি বিয়লি নতুন দিল্লীত সাংবাদিকৰ সৈতে হোৱা কথাবতৰাত এই কথা প্রকাশ কৰে। তেওঁ কয় যে, ভাৰতক আউটৰীচ ৰাষ্ট্ৰ হিচাপে এই সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে। একেৰাহে তৃতীয়বাৰৰ বাবে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথম বিদেশ ভ্ৰমণ হ’ব বুলি তেওঁ প্ৰকাশ কৰে। শ্ৰীকোৱাট্টাই কয় যে, প্রধানমন্ত্ৰীৰ এই ভ্রমণে ভাৰত আৰু গ্লোৱেল চাউথৰূপে পৰিচিত ৰাষ্ট্ৰৰ সমূহৰ বাবে গুৰুত্বপূৰ্ণ বিভিন্ন বিষয় লৈ সন্মিলনত বিশ্ব নেতাসকলৰ সৈতে আলোচনাত সুযোগ প্ৰদান কৰিব। ভাৰতে জি-ছেভেন শীৰ্ষ সন্মিলনত এইবাৰকে ধৰি একাদশ বাৰ অংশগ্ৰহণ কৰিব আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এইবেলি একেৰাহে পঞ্চম বাৰৰ বাবে সন্মিলনত অংশ লব। প্রধানমন্ত্ৰীয়ে শুকুৰবাৰে আউটৰীচ সত্ৰত ভাগ ল’ব।
Assamese | June 13, 2024 4:35 PM | G-7 Meet | Modi | narendra modi | PM Narendra Modi
জি-৭ শীৰ্ষ সন্মিলনত অংশগ্ৰহণৰ উদ্দেশ্যে প্রধানমন্ত্ৰী মোদী ইটালীলৈ বুলি ৰাওনা হ’ব