প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কালি বিয়লি ফিনলেণ্ডৰ ৰাষ্ট্ৰপতি আলেকজেণ্ডাৰ ষ্টাবৰ সৈতে টেলিফোনৰ জৰিয়তে বাৰ্তালাপ কৰে। এই সন্দৰ্ভত সামাজিক মাধ্যমত লিখা এটা পোষ্টত শ্রীমোদীয়ে ফিনলেণ্ডক ইউৰোপীয় সংঘৰ গুৰুত্বপূৰ্ণ অংশীদাৰ ৰাষ্ট্ৰ হিচাপে অভিহিত কৰে। আলোচনাকালত দুয়োগৰাকী নেতাই বাণিজ্য, প্ৰযুক্তি আৰু বহনক্ষমতাৰ লেখিয়া গুৰুত্বপূৰ্ণ বিষয়সমূহত উভয় দেশৰ সহযোগিতা ত্বৰান্বিত কৰাৰ বিভিন্ন উপায় সন্দৰ্ভত বিতংভাৱে আলোচনা কৰে। দুয়োগৰাকী নেতাই লগতে ইউক্রেইনৰ সংঘাতৰ শান্তিপূর্ণ সমাধানৰ বাবে চলি থকা প্ৰচেষ্টাসমূহৰ বিষয়েও নিজা নিজা দৃষ্টিভংগীৰ আদান প্ৰদান কৰে।
Assamese | August 28, 2025 11:58 AM | PM Modi
আলেকজেণ্ডাৰ ষ্টাবৰ সৈতে টেলিফোনৰ জৰিয়তে প্রধানমন্ত্ৰীৰ বাৰ্তালাপ