প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি দেশৰ ভূতপূৰ্ব প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ জন্ম বার্ষিকী উপলক্ষ্যে তেওঁলৈ শ্রদ্ধা নিবেদন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত চন্দ্ৰশেখৰক এগৰাকী আদর্শনীয় নেতা বুলি অভিহিত কৰি শ্ৰীমোদীয়ে কয় যে তৃণমূলৰ পৰা নিজৰ উত্থান ঘটোৱা এই নেতাগৰাকীয়ে দেশৰ উন্নতিৰ প্ৰতি উল্লেখনীয় বৰঙণি আগবঢ়াই থৈ গৈছে। দৰিদ্ৰ আৰু পিছপৰা শ্ৰেণীৰ জনসাধাৰণৰ প্ৰতি সেৱা আগবঢ়োৱাত আৰোপ কৰা গুৰুত্বৰ বাবে প্ৰাক্তন প্রধানমন্ত্ৰীগৰাকী চিৰষ্মৰণীয় হৈ ৰ’ব বুলি উল্লেখ কৰি প্ৰধানমন্ত্রী মোদীয়ে লগতে কয় যে জৰুৰীকালীন অৱস্থাক প্রতিহত কৰা আৰু আমাৰ দেশৰ গণতান্ত্ৰিক প্ৰমূল্যবোধক সুৰক্ষিত কৰাৰ ক্ষেত্ৰতো তেওঁ অগ্রণী ভূমিকা পালন কৰিছিল।
Assamese | April 17, 2024 5:58 PM | PM Modi
ভূতপূৰ্ব প্ৰধানমন্ত্ৰী চন্দ্ৰশেখৰৰ জন্ম বার্ষিকী উপলক্ষ্যে প্ৰধানমন্ত্ৰীৰ তেওঁলৈ শ্রদ্ধা নিবেদন