কাছাৰ জিলাত কালি মন্ত্ৰী পীযূষ হাজৰিকাই কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে। লক্ষীপুৰত কালি মন্ত্ৰীগৰাকীয়ে বৰাক নৈৰ খহনীয়া প্ৰতিৰোধ ব্যৱস্থা আঁচনিৰ আধাৰশিলা স্থাপন কৰে। চাৰি কোটি পুঁজি ধাৰ্য্য কৰা এই প্ৰকল্পত লক্ষীপুৰ বিধানসভা সমষ্টিৰ এটা বৃহৎ অংশ নৈৰ খহনীয়াৰ পৰা সুৰক্ষিত কৰিবলৈ জিঅ’ বেগ, পার্কুপাইন আৰু জিঅ’ ছিন্থেটিক ফেবৰিক শ্ৱীট ব্যৱস্থা কৰা হ’ব। ইয়াৰ পাছতে মন্ত্ৰীগৰাকীয়ে লক্ষীপুৰ মণ্ডল বিজেপিৰ নৱ নিৰ্মিত কাৰ্যালয় পৰিদৰ্শন কৰে। জিলাখনৰ অন্তৰ্গত কচুহাদাম থানাৰ নতুন ভৱনৰো আধাৰশিলা স্থাপন কৰে। সন্ধিয়া মন্ত্ৰীগৰাকীয়ে সোণাই এন জি এইচ এছ স্কুল খেলপথাৰত সাংসদ খেল মহোৎসৱ ২০২৫ উপলক্ষে অনুষ্ঠিত ভলীবল প্ৰতিযোগিতাৰ চূড়ান্ত খেল উদ্বোধন কৰে। জিলাখনৰ সোণাই থানাৰ নৱ নির্মিত ভৱনৰো আধাৰশিলা স্থাপন কৰে। মন্ত্ৰী পীযুষ হাজৰিকাৰ এই কাৰ্যসূচী সমূহত সংগ দিয়ে মন্ত্ৰী কৌশিক ৰায়, পৰিমল শুক্লবৈদ্য, বিধায়ক নিহাৰ ৰঞ্জন দাস আৰু কৰিমউদ্দিন বৰভূঞাই।
Assamese | December 23, 2025 11:40 AM | pijush cachar
কাছাৰ জিলাত কেইবাটাও প্ৰকল্পৰ আধাৰশিলা স্থাপন মন্ত্ৰী পীযূষ হাজৰিকাৰ