♦ বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙে কৈছে যে, ভাৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত বিশ্বৰ পঞ্চম সর্ববৃহৎ অর্থব্যৱস্থাসমূহৰ অন্যতমৰূপে পৰিগণিত হৈছে আৰু ২০২৭ চনৰ ভিতৰত বিশ্বৰ তৃতীয় সৰ্ববৃহৎ অর্থব্যৱস্থা হিচাপে পৰিগণিত হবলৈ ওলাইছে। গাজিয়াবাদত আজি এখন নির্বাচনী সভাত ভাষণ দি শ্রীসিঙে এইদৰে প্ৰকাশ কৰে। মন্ত্ৰীগৰাকীয়ে কয় যে, ভাৰত ২০৪৭ চনলৈ বিশ্বৰ সৰ্ববৃহৎ অৰ্থব্যৱস্থা হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে। বিজেপি দেশক এই দিশত আগুৱাই লৈ যাবলৈ বদ্ধপৰিকৰ বুলি তেও মন্তব্য কৰে। শ্রীসিঙে কয় যে, বিগত ৯ বছৰত ২৫ কোটি লোক দৰিদ্ৰতাৰ পৰা মুক্ত হৈছে। ইফালে গৌতম বুদ্ধ নগৰৰ পৰা বিজেপি প্রার্থী মহেশ শৰ্মাই আজি লোকসভা নির্বাচনৰ বাবে মনোনয়নপত্ৰ দাখিল কৰে।
Assamese | April 3, 2024 8:49 PM | modi digital | narendra modi | PM Modi | PMO | PMO India | Rajnath Singh
মোদীৰ নেতৃত্বত বিশ্বৰ পঞ্চম সর্ববৃহৎ অর্থব্যৱস্থাসমূহৰ অন্যতমৰূপে পৰিগণিত হৈছেঃ ৰাজনাথ সিঙ