নেপালত এই বৰ্ষৰ বসন্তকালীন পর্বতাৰোহণৰ বাবে অনুমতি দিয়া হৈছে। নেপালৰ পৰ্যটন বিভাগৰ সূত্ৰই জনোৱা মতে, মুঠ ৫৮ গৰাকী লোকে এইবাৰ পৰ্বতাৰোহণৰ বাবে অনুমতি লাভ কৰিছে। ইয়াৰে ১৮ গৰাকী মহিলা আৰু ৪০ গৰাকী পুৰুষ। মুঠ ৮ টা পৰ্বতাৰোহণ দলত অন্তৰ্ভুক্ত হোৱা এই পৰ্বতাৰোহীসকলে অন্নপূর্ণা ১ৰ লগতে বিভিন্ন শৃংগ আৰোহণ কৰিবলৈ অনুমতি লাভ কৰিছে। নেপালৰ লগতে মুঠ ২৪ খন দেশৰ পৰ্বতাৰোহীয়ে এই বছৰৰ পৰ্বতাৰোহণৰ বাবে অনুমতি লাভ কৰিছে।
Assamese | March 27, 2025 9:20 PM | nepal mountaining
নেপালত বসন্তকালীন পর্বতাৰোহণৰ বাবে অনুমতি