জলসম্পদ মন্ত্রী পীযুষ হাজৰিকাই আজি মৰিগাঁও দিৱসৰ দ্বিতীয় দিনা চাৰণ বিলৰ পাৰত পতাকা উত্তোলন কৰে। জিলা প্ৰশাসনৰ উদ্যোগত চাৰণ বিলৰ পাৰত নিৰ্মাণ হ‘বলগীয়া প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ২৫ ফুট উচ্চতাৰ ব্ৰঞ্জৰ প্ৰতিমূৰ্তিৰ ভূমিপূজন কার্যসূচীতো তেওঁ অংশ লয়। জিলা দিৱস কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি তেওঁ জুবিন গাৰ্গৰ স্মৃতিত ৫০০ জোপা নাহৰ গছ ৰোপণ অভিযানৰো শুভাৰম্ভ কৰে। ঐতিহ্য সংস্কৃতি আৰু সৌন্দৰ্যৰে সমৃদ্ধ মৰিগাঁও জিলাখনক সকলো দিশতে আগুৱাই লৈ যাবলৈ তেওঁ প্রতিজন লোককে ঐক্যবদ্ধভাৱে কাম কৰিবলৈ আহ্বান জনায়।
Assamese | October 14, 2025 7:13 PM | piyshus hazarika
মৰিগাঁও দিৱসৰ দ্বিতীয় দিনা চাৰণ বিলৰ পাৰত পতাকা উত্তোলন পীযুষ হাজৰিকাৰ