২০৩০ চনৰ ভিতৰত অসম বিনিয়োগৰ নতুন ক্ষেত্ৰলৈ ৰূপান্তৰ হ’ব— মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মা

● ২০৩০ চনৰ ভিতৰত অসম বিনিয়োগৰ নতুন ক্ষেত্ৰলৈ ৰূপান্তৰ হ’ব বুলি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মত প্ৰকাশ কৰিছে।

গুৱাহাটীত ইউৰোপীয় সংঘৰ প্ৰতিনিধি আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিত কালি ‘ব্লু ভেলী ক্লাষ্টাৰ’ উদ্যম মুকলি কৰাৰ পাছত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়, যে ইউৰোপীয় দেশসমূহত অসমৰ বাবে এখন নতুন বজাৰ মুকলি হ’ব।

অসমৰ চাহ, অগৰু, জৈৱিক খাদ্য এতিয়াৰে পৰা ইউৰোপৰ বজাৰত বছৰৰ প্ৰতিমাহে পোৱাটো সহজ হৈ পৰিব। কৃষকসকলক বিশেষ গুৰুত্ব আৰোপেৰে কৰা এই উদ্যমে ৰাজ্যৰ কৃষিজাত আৰু প্ৰাকৃতিক সম্পদক বিশ্ব বজাৰৰ সৈতে সংযোগ কৰাৰ লগতে ইউৰোপীয় অংশীদাৰসকলৰ সৈতে শক্তিশালী মূল্য শৃংখলা গঢ়ি তুলিব বুলিও তেওঁ কয়।

ভাৰত-ইউৰোপীয় সংঘৰ মুক্ত বাণিজ্য চুক্তিয়ে অসমৰ বাবে বিনিয়োগ, ৰপ্তানি আৰু ঔদ্যোগিক বিকাশৰ নতুন দুৱাৰ মুকলি কৰিব বুলি তেওঁ আশা প্ৰকাশ কৰে।

ইপিনে অহা ১ জুলাইত গুৱাহাটীত জাপানৰ প্ৰধানমন্ত্ৰী ছানাই টাকাইচি আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এখন বৈঠকত মিলিত হ’ব বুলিও মুখ্যমন্ত্ৰীগৰাকীয়ে কালি সদৰি কৰিছে। এই বৈঠকেও অসমলৈ নতুন আশাৰ বতৰা কঢ়িয়াই আনিব বুলি তেওঁ কয়।

উল্লেখযোগ্য যে মুখ্যমন্ত্ৰীগৰাকীয়ে অসম-ইউৰোপীয় সহযোগিতাত নতুন অধ্যায়ৰ সূচনা কৰি সুগন্ধি, আয়ুষ আৰু খাদ্য প্ৰসংস্কৰণ খণ্ডৰ সুদৃঢ়কৰণৰ উদ্দেশ্যে ইউৰোপীয় সংঘৰ সহযোগিতাত কালি ‘ব্লু ভেলী ক্লাষ্টাৰ’ উদ্যম মুকলি কৰে।

এই উদ্যমৰ অংশ হিচাপে অসম ঔদ্যোগিক উন্নয়ন নিগম আৰু ভাৰতত ইউৰোপীয় ব্যৱসায় সংঘৰ মাজত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়।

ইয়াৰ পূৰ্বে ড০ শৰ্মা ইউৰোপীয় সংঘৰ ৰাষ্ট্রদূত হাৰৱে ডেলফিনৰ সৈতে গুৱাহাটীত দ্বিপাক্ষিক আলোচনাত মিলিত হয়। এই আলোচনাত ৰাজ্যৰ মুখ্য সচিব ড° ৰবি কোটাৰ লগতে ইউৰোপীয় সংঘৰ প্রতিনিধিসকল উপস্থিত থাকে।

মুখ্যমন্ত্ৰীয়ে ইউৰোপীয় সংঘৰ প্ৰতিনিধিৰ সৈতে অসমলৈ অহা ভাৰতস্থিত ইউৰোপীয় ব্যৱসায়িক প্ৰতিষ্ঠানসমূহৰ সংঘ এফ ই বি আই, ইণ্ডিয়াৰ সৈতেও ফলপ্রসূ আলোচনাত মিলিত হয়। আলোচনাকালত এখন বুজাবুজিৰ চুক্তিও স্বাক্ষৰিত হয়।

ইউৰোপৰ ২৫০টাৰো অধিক প্ৰতিষ্ঠান আৰু ৬ হাজাৰৰো অধিক ব্যৱসায়িক সংযোগক প্ৰতিনিধিত্ব কৰা এফ ই বি আইৰ সৈতে হোৱা অংশীদাৰিত্বৰ জৰিয়তে ৰাজ্যৰ যুৱ শক্তি, কৃষক আৰু মহিলা উদ্যমীসকলৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্রকাশ কৰে।