বিশ্ব ঐতিহ্য ক্ষেত্র মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জত আজিৰে পৰা ৯ দিনীয়া কাৰ্যসূচীৰে মানাহ মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ আজি প্ৰথম দিনা বর্ণাঢ্য সাংস্কৃতিক শোভাযাত্রা, মুখ্যদ্বাৰ মুকলি, গছপুলি ৰোপণ আদি কাৰ্যসূচী অনুষ্ঠিত হয়। বাঁহবাৰী ৰেঞ্জৰ বন বিষয়া বাৰিণ বড়োৱে মুখ্যদ্বাৰ মুকলি কৰে। উদ্যানখনৰ কাষৰীয়া অঞ্চলৰ জাতি-জনগোষ্ঠীৰ কৃষ্টি-সংস্কৃতি, খাদ্য সম্ভাৰ, পৰম্পৰাগত সাজপাৰ আদি প্ৰদৰ্শনৰ জৰিয়তে পৰ্যটন উদ্যোগৰ প্ৰসাৰৰ উদ্দেশ্যে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। মহোৎসৱৰ প্রতিদিনাই ভিন ভিন কাৰ্যসূচীৰ আয়োজন কৰা হৈছে বুলি উদ্যোক্তাসকলে জনাইছে।
Assamese | January 23, 2026 6:46 PM | Manah national park
আজিৰে পৰা ৯ দিনীয়া কাৰ্যসূচীৰে মানাহ মহোৎসৱৰ আয়োজন