January 22, 2026 7:31 PM | Manah national park

printer

কাইলৈৰ পৰা ৯ দিনীয়া কাৰ্যসূচীৰে হ’বলগীয়া মানাহ মহোৎসৱৰ প্রস্তুতি সম্পূর্ণ

বিশ্ব ঐতিহ্য ক্ষেত্র মানস ৰাষ্ট্ৰীয় উদ্যানলৈ পর্যটকৰ আকৰ্ষণ বৃদ্ধি কৰিবলৈ কাইলৈৰ পৰা ৯ দিনীয়া কাৰ্যসূচীৰে হ‘বলগীয়া মানাহ মহোৎসৱৰ প্রস্তুতি প্রায় সম্পূর্ণ হৈ উঠিছে। মানস ৰাষ্ট্ৰীয় উদ্যানৰ বাঁহবাৰী ৰেঞ্জৰ প্ৰথম প্ৰৱেশদ্বাৰ প্রাংগণত হ‘বলগীয়া এই মহোৎসৱত উদ্যানখনৰ কাষৰীয়া অঞ্চলৰ জাতি জনগোষ্ঠীৰ কৃষ্টি সংস্কৃতি, খাদ্য সম্ভাৰ প্ৰদৰ্শন কৰা হ‘ব।